৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বচক্ষে নিজ মৃত্যু দেখা এক আইৰিছ বৈমানিক

লেখকঃ অনুভৱ তুলসী • প্ৰকাশিতঃ ২৬ মে’, ২০২৫
১ মিনিট পঠন • ৩৩৬০ বাৰ পঢ়া হৈছে

মূল : ৱিলিয়াম বাটলাৰ য়েটছ 

অনুবাদ : অনুভৱ তুলসী

 

জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি

ডাৱৰৰ দেশৰ কোনো এক অজান জেগাত

যাৰ বাবে এই সমৰ সিহঁতক মই নিঘিনাওঁ

যাক মই সুৰক্ষা দিওঁ সিহঁতক নাপাওঁ ভাল

কিলটাৰ্টান ক্ৰছ হ’ল মোৰ জন্মভূমিৰ নাম

দুখীয়া নিছলা কিলটাৰ্টান দেশৰ মানুহ

যতিয়ে যাৰ কৰিব নোৱাৰে একো হানি-বিঘিনি

দিবও নোৱাৰে আগতকৈ বেছি সুখ-স্বাচ্ছন্দ্য

আইন, ওহোঁ, কৰ্তব্যৰ খাতিৰতো নহয় এই সমৰ

জনতাৰ চিন্তাত জয়ধবনি দিওঁতাৰ বাবেও নহয়

এক অজান সুখৰ আৱেগ-আৱেশেহে

আনিছে ডাৱৰ দেশৰ থৈয়া-নথৈয়ালৈ

মনলৈ অহা চব কথা তুলিছোঁ তৰ্জুত

আগত বছৰবোৰ যেন উশাহৰ অপচয়

বিগত বছৰবোৰ যেন উশাহৰ অপচয়

এই জীৱন এই মৃত্যু তৰ্জুৰ দুয়োফালে থৈছোঁ

 

অ
লেখকৰ পৰিচয়

অনুভৱ তুলসী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)