৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিৱৰাত্ৰি

লেখকঃ অসীম তালুকদাৰ • প্ৰকাশিতঃ ২৭ এপ্ৰিল, ২০২৫
৭ মিনিট পঠন • ৬৬৯ বাৰ পঢ়া হৈছে

 অসীম তালুকদাৰ

 

শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন কালতেই সৰুকৈ সজা শিৱ মন্দিৰ এটা আছিল৷ কেই বছৰমান আগতে চৰকাৰৰ উদ্যোগত জহি-খহি যোৱা পুৰণি মন্দিৰটোৰ কাষতেই নতুনকৈ শিৱ মন্দিৰটো নিৰ্মাণ কৰা হয়৷ মন্দিৰটোৰ ওপৰত মুকুটৰ দৰে জিলিকি থকা শিৱলিংগটো বহুত দূৰৰ পৰাই দৃশ্যমান হয়৷  

মন্দিৰটো থকা ঠাইত সময়ে সময়ে বানপানীৰ হয় কাৰণে মন্দিৰটো অলপ ওখকৈ নিৰ্মাণ কৰা হৈছিল৷ মন্দিৰৰ ভিতৰলৈ যাবলৈ দুশাৰী চিৰি বগাব লাগে৷ প্ৰথম শাৰীৰ বিছটামান ষ্টেপ বগোৱাৰ পাছত প্লেটফৰ্ম এখনৰ আকাৰেৰে অলপ খালী ঠাই আছে৷ প্লেটফৰ্মখন মন্দিৰটোৰ চাৰিওফাল আগুৰি থকাকৈ চক্ৰাকাৰে সজা হৈছে৷ চিৰি বগাই ভাগৰ লাগিলে তাত মানুহে অলপ জিৰাব পাৰে৷ তদুপৰি দ্বিতীয় শাৰী চিৰিত উঠি পুনৰ পোন্ধৰটামান ষ্টেপ বগোৱাৰ পূৰ্বে বহুতেই প্লেটফৰ্মখনত খোজ কাঢ়ি কাঢ়ি মন্দিৰৰ চাৰিওফালে ঘূৰে৷ কিছুমানে আকৌ তাতেই বহি থাকি মন্দিৰৰ পৱিত্ৰ পৰিবেশটো উপভোগ কৰে৷ 

আবেলিলৈ মানুহৰ ভিৰ অলপ কমিল৷ ওজৰ-পাজৰৰ বেছি ভিৰ পচন্দ নকৰা মানুহবোৰ এতিয়া আহিছে৷ প্লেটফৰ্মখনতেই আইতা এজনী বহি আছে৷ শুধ বগা কাপোৰ পিন্ধা ভগ্ন স্বাস্থ্যৰ মানুহগৰাকীৰ হাতত অলপ পূজাৰ সামগ্ৰী৷ চিৰি বগাই ভাগৰ লাগি তেওঁ চাগে অলপ জিৰাবলৈ বহিছে৷ তেওঁৰ আশে-পাশে কেইজনীমান তিৰোতাৰ এটা দল বহি আছে৷ তিৰোতাকেইজনীয়ে নিজৰ মাজত কিবা কথা পাতি আছে৷ আইতাই অলপ একাষৰীয়াকৈ বহিছে আৰু তেওঁলোকৰ কথা-বতৰাত ভাগ লোৱা নাই৷ খুৱ সম্ভৱ তেওঁ সেই দলটোৰ লগত নাই৷ খন্তেক পাছতেই আইতাৰ কাষতেই আহি কম বয়সীয়া ছোৱালী এজনী বহিলহি৷ ছোৱালীজনীয়েও বগা মেখেলা চাদৰ পিন্ধিছে৷ ছোৱালীজনীৰ হাততো পূজাৰ সামগ্ৰী কিছুমান৷ পূজাৰ সামগ্ৰীখিনি কাষতে থৈ ছোৱালীজনীয়ে চাদৰখনেৰে মুখখন মচিলে৷ আইতাই ছোৱালীজনীৰ ফালে কিছুসময় চাই থাকিল৷ এবাৰ তেওঁলোকৰ চকুৱে চকুৱে পৰিল৷ ছোৱালীজনীয়ে একো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাকৈ মুখখন ঘূৰাই ল’লে৷ কিছু সময় নীৰৱে থকাৰ পাছত আইতাই কৈ উঠিল -

-      “গৰম আহি পালেহিয়েই !”

-      “হয়৷” আইতাৰ ফালে এবাৰ চাই চমুকৈ উত্তৰ দি ছোৱালীজনীয়ে পুনৰ মুখখন ঘূৰালে৷

-      “তুমি অকলে আহিছা নেকি ? এইটো সময়ত অকলে ঘূৰা-পকা কৰাটো ভাল নহয়৷”

    ছোৱালীজনীয়ে একো নক’লে৷ তাইৰ চকুদুটা সেমেকি আহিল৷ ছোৱালীজনী যে কেইবামহীয়া গৰ্ভৱতী দেখিলেই অনুমান কৰিব পাৰি৷ ছোৱালীজনীৰ সম্পূৰ্ণ বগা সাজ আৰু শিৰত সেন্দূৰ নোহোৱা কথাটোৱে যেন আইতাক বহুত কথা কৈ দিছে৷ তথাপি আইতাই সুধিলে -

-      “এনে পৱিত্ৰ দিনটোত তোমাৰ স্বামীকো লৈ আহিব পাৰিলাহেঁতেন৷”

-      “তিনি মাহ হৈ গ’ল তেখেতে মোক এৰি যোৱা৷”

-      “অ’হ, হয় নেকি ? ঘৰত অন্য কোনোবা আছে নে ? বেয়া নাপাবা দেই সোধা কাৰণে৷”

-      “শাহু আই আছে৷ কিন্তু তেখেতৰো গা বেয়া৷”

কিবা এটা ক’ব খুজিও আইতা ৰৈ গ’ল৷ আচলতে ছোৱালীজনীক কি বুলি প্ৰবোধ দিব তেওঁ ধৰিবই পৰা নাই৷ কম বয়সীয়া অকলশৰীয়া বিধৱা ছোৱালী এজনীৰ কাৰণে সমাজখন কিমান ভয়াৱহ হ’ব পাৰে তেওঁ নজনা নহয়৷ ছোৱালীজনীৰ বিষয়ে জানিবলৈ তেওঁৰ বৰ মন গ’ল, কিন্তু সুধিবলৈ সাহস গোটাব নোৱাৰিলে৷ 

ছোৱালীজনীয়ে হাত জোৰ কৰিছে আৰু এক ধ্যানে মন্দিৰটোৰ ফালে চাই আছে৷ মাজে মাজে সকলো কথা সপোন যেন লাগে তাইৰ৷ বয়স এবছৰ নৌ হওঁতেই মাক-দেউতাক উভয়কে হেৰুওৱাৰ পাছত তাই মোমায়েকৰ ঘৰত থাকি ডাঙৰ-দীঘল হৈছিল৷ মোমায়েকৰ ঘৰৰ যাৱতীয় কাম-কাজবোৰ সূচাৰুৰূপে কৰাৰ পাছতো মামীয়েকৰ নিয়মীয়া গালি, ককৰ্থনাই তাইৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ হঠাতে এদিন দেৱদূতৰ দৰে তাইৰ জীৱনলৈ ল’ৰা এজন আহিছিল৷ গৌতম আৰু শাহু মাকৰ লগত সেই তিনিটা বছৰ তাইৰ জীৱনৰ আটাইতকৈ সুখৰ সময় আছিল৷ ঘৰখনৰ সুখ দুগুণ বাঢ়িছিল যেতিয়া সিহঁতৰ মৰমে তাইৰ গৰ্ভত থিতাপি লৈছিল৷ দুৰ্ভাগ্যক্ৰমে তাইৰ গৰ্ভাৱস্থাৰ চাৰিমাহ হোৱাৰ পাছতেই এদিন গৌতমে চলাই থকা ই-ৰিক্সাখন ট্ৰাক এখনে মহতিয়াই লৈ গৈছিল৷ তাৰে কেইমাহমান আগৰ পৰাই শাহুমাকে কথাবোৰ পাহৰিবলৈ ধৰিছিল৷ ডাক্তৰে কৈছিল অলজহেইমাৰছ৷ পুত্ৰশোকে তেওঁৰ ওপৰত অলজহেইমাৰছৰ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিছিল৷ ভোলানাথে অলপ কৃপাৰ দৃষ্টিৰে চাব নেকি বাৰু ?

কিছু সময় মনে মনে থকাৰ পাছত নীৰৱতা ভংগ কৰি আইতাই কৈ উঠিল - “চিন্তা নকৰিবা আইজনী৷ সকলো ঠিক হৈ যাব৷ মহাদেৱৰ ওপৰত বিশ্বাস ৰাখিবা৷ তেওঁৰ মহিমা অপাৰ৷ আমাৰ দৰে সাধাৰণ মনুষ্যই তেওঁৰ মহিমা কেতিয়াও বুজিব নোৱাৰে৷ তোমাৰ লগতে তোমাৰ পৰিয়াল আৰু আহিবলগীয়া সন্তানটোক মহাদেৱে আশীৰ্বাদ কৰিব৷ মহাদেৱে সকলোৰে ভাল চিন্তা কৰে৷ ভক্তৰ মনোকামনা পূৰ কৰে৷ তুমি কেৱল নিজৰ কৰ্তব্য কৰি যোৱাঁ, বাকী সকলোবোৰ তেখেতৰ ওপৰত এৰি দিয়াঁ৷ তোমাৰ দৰে ময়ো আজি ইয়াত অকলে৷ মোক অৱশ্যে মোৰ ল’ৰাই থৈ গৈছে৷ অলপ পাছত সি মোক নিবলৈ আহিব৷ তোমাৰ ঘৰ ক’ত বাৰু ? তোমাক আমি অলপ আগবঢ়াই দিব পাৰিম৷ এতিয়া মন্দিৰৰ ভিতৰলৈ তুমি আৰু মই একেলগে যাওঁ বলা !”  

ছোৱালীজনীয়ে একো নামাতিলে৷ আইতাৰ পিছে পিছে ছোৱালীজনীয়েও খোজ ল’লে৷ এঘণ্টামান পাছত আইতা আৰু ছোৱালীজনীয়ে পূজা-পাতল সমাপণ কৰি তললৈ নামি আহিল৷ আগৰ ঠাইতে আইতা পুনৰ বহি পৰিল৷ ছোৱালীজনীয়ে আইতাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল৷

-      “গৌতম, মোৰ ল’ৰাটো আহি পাবহিয়েই৷ মই ইয়াতেই বাট চাম তাৰ কাৰণে৷”

-      “ব’লক মা৷ আমি যাব লাগিব সোনকালে৷ নহ’লে বাছ নাপাম৷”

-      “আহিব গৌতম৷ সি তাৰ গাড়ীখন লৈ আহিব৷”

-      “নহয় মা৷ গৌতমে ৰাতিপুৱাই আজি আহি পাওঁতে দেৰী হ’ব বুলি কোৱা নাছিল জানো ? দূৰলৈ ভাড়া লৈ গৈছে৷ আমি অকলেই যাব লাগিব৷”

অনিচ্ছা সত্তেও আইতা উঠিল৷ ছোৱালীজনীৰ ফালে তেওঁ চায়েই থাকিল৷ বোৱাৰীয়েকক তেওঁ চিনি পোৱা নাই৷

***

ঠিকনা :

মেডিচনভিল, কেণ্টাকী

আমেৰিকা যুক্তৰাষ্ট্ৰ

অ
লেখকৰ পৰিচয়

অসীম তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)