৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চ’তৰ ৰাতি বিহু, হুঁচৰি আৰু মুকলি বিহু

লেখকঃ জিতু কুমাৰ লেখাৰু • প্ৰকাশিতঃ ২৩ ফেব্ৰুৱাৰী, ২০২৫
৯ মিনিট পঠন • ৪৪৬৮ বাৰ পঢ়া হৈছে

 জিতু কুমাৰ লেখাৰু


বিহু মূলতঃ কৃষি উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্ৰাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব পাৰি যে বিহু ঘাইকৈ কৃষি উৎসৱ হিচাপে অসমীয়া জাতীয় জীৱনত বিকাশ হৈছিল৷ ব’হাগ বিহুত গৰু গা-ধুওৱা, নতুন পঘা দিয়া, কৃষিৰ সজুলিবোৰ শুচি কৰা, দেৱ-দেৱতাক পূজা-সেৱা কৰা আদি আচাৰ-অনুষ্ঠানবোৰ কৃষি উৎসৱৰ নিদৰ্শন আৰু বৈশিষ্ট্য৷ কৃষি উৎপাদনী বিশ্বাসত যৌৱনদীপ্ত ডেকা-গাভৰুসকলে মুকলি পথাৰত আনন্দত মতলীয়া হৈ নাচ-গান কৰি সৃষ্টিৰ পাতনি মেলে৷ এয়ে অসমীয়া লোক সমাজৰ আদিম ৰূপটো৷ লাহে লাহে সময়ৰ গতিত বিশ্বলৈ পৰিৱৰ্তন আহিল৷ যদিও বিহুক ধৰ্ম নিৰপেক্ষতাৰ নিদৰ্শন বুলি কোৱা হয়, শেষলৈ কিছু পৰিমাণে ধৰ্মীয় প্ৰভাৱ পৰিবলৈ ধৰিলে৷ এনে ধৰ্মীয় প্ৰভাৱ ব’হাগ বিহুৰ হুঁচৰিৰ ওপৰত পৰাৰ উপৰি দেউৰী, মৰাণ, সোণোৱাল আদি জনগোষ্ঠীৰ বিহুত স্পষ্ট ৰূপত দেখা পোৱা গ’ল৷

তাহানি দিনত ৰঙালী বিহুৰ দুটা ৰূপ আছিল; চ’তৰ বিহু আৰু ব’হাগৰ বিহু৷ চ’ত মাহৰ পৰা চ’তৰ বিহু আৰম্ভ হৈছিল৷ চ’ত মাহ সোমোৱাৰ লগে লগে বসন্তকাল আৰম্ভ হয় আৰু জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি৷ তেনে পৰিৱেশতে উজনি অসমৰ ডেকা-গাভৰুসকলে গোটেই চ’ত মাহ জুৰি ৰাতি ৰাতি বিহু মাৰিছিল৷ চ’তৰ ৰাতি বিহু ডেকাসকলে নদীৰ পাৰত, মুকলি পথাৰৰ আঁহত বা বড়গছৰ তলত অথবা তেনে ধৰণৰ আওগৰীয়া ঠাইত বিহু খোলা পাতি বাতি বিহু মাৰিছিল৷ তেনেদৰেই গাভৰুসকলেও পৃথককৈ ৰাতি বিহু পাতিছিল৷ ডেকা-গাভৰুৰ বিহু খোলাবোৰ সাধাৰণতে ওচৰা-ওচৰিকৈ লৈছিল আৰু একেবোৰ বাদ্যযন্ত্ৰৰ ছেৱতে নাচিছিল৷ ডেকাই গাভৰুক জোকাই আৰু গাভৰুৱে ডেকাক জোকাই ঠেলা নাম গাই গাই মনৰ ভাব-অনুভূতিবোৰ ব্যক্ত কৰিছিল৷ এই চ’তৰ ৰাতি বিহুৰ সম্পৰ্কত ড০ লীলা গগৈয়ে কৈছে- ‘তাহানি গোটেই চ’ত মাহটোতেই ডেকা-গাভৰুৰে ৰাতি বিহু পাতিছিল৷ গীত আৰু বাদ্যৰ মূৰ্চ্ছনাত প্ৰকৃতিও চঞ্চল হৈ উঠিছিল৷ কৃষিজীৱী সমাজৰ মানুহে বসন্তকালৰ সময়ছোৱাত ঢোল, পেঁপা, টকা, গগণা লৈ হিয়া উবুৰিয়াই বিহুতলীত আনন্দ প্ৰকাশ কৰিছিল; সেয়ে বিহু৷...এই বিহুত যৌনাসক্তিপূৰ্ণ গীত গাই ডেকা-গাভৰুৱে মনৰ ভাব বিনিময় কৰাটো একো আচৰিত নাছিল৷ কিন্তু সাধাৰণতে ডেকাই ডেকাৰ ভাগে, গাভৰুৱে গাভৰুৰ ভাগে সুকীয়াকৈ বিহু পাতিছিল৷ ডেকা বিহুৰ সমল আছিল ঢোল, পেঁপা, গগণা আৰু তাল৷ গাভৰুৰ বাদ্য আছিল টকা আৰু গগণা৷ এই বিহু এমাহ জুৰি চলিছিল৷ গাভৰুৰ ৰাতি বিহু দুকুৰি ডেৰকুৰি বছৰমানৰ আগলৈকে শিৱসাগৰ মহকুমাৰ কিছুমান ভিতৰুৱা অঞ্চলত চলি আছিল৷ এনেকুৱা ৰাতি বিহুত গোৱা নামবোৰত কোনো আঁৰবেৰ নাছিল৷ চৰম আনন্দ প্ৰকাশেই আছিল মুখ্য উদ্দেশ্য৷’ (বিহু গীত আৰু বনঘোষা; পাতনি ১৯৮৫-সং)

চ’তৰ ৰাতি বিহু সাধাৰণতে গছৰ তলতেই মৰা হৈছিল কাৰণে গছ তলৰ বিহুও বোলা হৈছিল৷ গছ তলত চ’তৰ ৰাতি বিহু কিমান দিন থাকিল তাৰ কোনো সঠিক হিচাপ নাই৷ সময় বাগৰিল৷ আহোম ৰাজত্বৰ কালত গছ তলৰ ৰাতি বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিলে৷ লোক জীৱনৰ অতি আদৰৰ এই বিহু আহোম স্বৰ্গদেউসকলৰ ৰাজপৃষ্ঠপোষকতাত ৰাজচ’ৰা বা ৰংঘৰৰ বাকৰিলৈ আহিল, ডা-ডাঙৰীয়াকে মুখ্য কৰি অন্যান্য ৰাজন্যবৰ্গৰ ঘৰৰ ব্যক্তিগত চোতাললৈকো এদিন বিহু সম্প্ৰসাৰণ হ’ল৷ এই সম্পৰ্কত হেম বুঢ়াগোহাঞিয়ে কৈছে- ‘স্বৰ্গদেউ চুহুংমুং, স্বৰ্গদেউ ৰুদ্ৰসিংহই নগা পাহাৰৰ নামনি বিহুবড়ত নগা খুনবাওসকলৰ লগত বিহুগীত নৃত্য আদিৰ আয়োজন কৰি সম্প্ৰীতিৰ এৱাসূতাডালি সুদৃঢ় কৰিছিল৷’ (বিহু আকৌ আহিল, ১৯৯৩ চনৰ সং; পৃষ্ঠা-১২০) স্বৰ্গদেউৰ বৰচ’ৰা, ডা-ডাঙৰীয়া তথা অন্যান্য ৰাজন্যবৰ্গৰ চোতাল গৰকি আহি গাঁৱে গাঁৰে প্ৰৱেশ কৰাত বিহুৰ ৰূপটো কিছু পৰিৱৰ্তন ঘটিল৷ মূলতঃ উৎপাদন প্ৰক্ৰিয়াটোৰ লগত জড়িত আঁৰবেৰ নোহোৱাকৈ গোৱা গীত-নৃত্য আদিলৈও পৰিৱৰ্তন আহি গুৰু গম্ভীৰ ৰূপ লৈ হুঁচৰি ৰূপে প্ৰকাশ ঘটিল৷ সু-শৃংখল মানসিকতা প্ৰতিফলিত কৰিব পৰা গাঁৱলীয়া মাৰ্জিত সাজ-পোচাক পৰিধান কৰি আৰু গীত-নৃত্যত কিছু ধৰ্মীয় প্ৰভাৱ লৈ প্ৰথমতে ৰাজঘৰৰ বৰচ’ৰা, ডা-ডাঙৰীয়াৰ টোললৈ সোমাই বছৰটোৰ বাবে মংগল কামনা কৰি আশীৰ্বাদ দিয়া নিয়ম প্ৰচলন হ’ল৷ এইটোৱেই আছিল হুঁচৰিৰ প্ৰথম ৰূপটো৷ অসমৰ লোক-জীৱনত আজিও গাঁৱৰ মুখিয়ালজনৰ বা জনা-বুজাজনৰ ঘৰৰ পৰা খুঁচৰি গোৱাৰ প্ৰথা বিদ্যমান৷ আহোম ৰাজন্যবৰ্গৰ ঘৰত যথাক্ৰমে সম্মান প্ৰদৰ্শন কৰি হুঁচৰি মৰা প্ৰথাটোৰ পৰা এনে নিয়ম প্ৰচলিত হ’বলৈ পোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি৷ তদুপৰি মান্যজনক যথাযোগ্য সন্মান দিয়া কথাটোও ইয়াত অন্তনিৰ্হিত হৈ আছে৷

বৰ্তমান অসমৰ লোক-জীৱনৰ বাবে হুঁচৰি মূল সম্পদ৷ এই হুঁচৰি গছ তলৰ বিহুৰ পৰা উৎপত্তি, ক্ৰমবিকাশৰ ৰূপান্তৰ৷ সেয়ে অসমৰ লোকজীৱনে হুঁচৰি মাৰিবৰ সময়ত ‘দেওলগা’ বুলি বিশ্বাস কৰা গছৰ তলত নাইবা নামঘৰত প্ৰথমতে ‘ঘাট’ মাৰি আৰম্ভ কৰে৷ হুঁচৰিৰ এনে ধৰ্মীয় প্ৰভাৱক সময়ে স্বীকাৰ কৰি লৈছে৷ অসমৰ লোকজীৱনে আজিও হুঁচৰি প্ৰথমতে মেধি, সাতোলা আদি জাতীয় ধৰ্মীয় মুৰব্বীজনৰ ঘৰৰ পৰাহে আৰম্ভ কৰে৷ এনে প্ৰথাত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱক অস্বীকাৰ কৰিব নোৱাৰি৷ পুৰণি কালত হুঁচৰি মাৰোঁতে এনে নিয়ম ব্যতিক্ৰম ঘটিলে সমাজৰ মুখিয়ালজনৰ প্ৰতি অপমান বুলি গণ্য কৰা হৈছিল৷ সমাজৰ মান্যসকলৰ ঘৰত হুঁচৰি মৰাৰ পিছত সুবিধা অনুসৰি গাঁওখনত হঁচৰীয়াই হুঁচৰি মাৰিছিল৷ ডেকা-বুঢ়া-ল’ৰা সকলো মিলি গোৱা হুঁচৰি চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ গৰু বিহু দিনাৰ ৰাতিৰ পৰা শুভাৰম্ভ কৰি সাদিনলৈকে গাঁৱৰ প্ৰত্যেক ঘৰতে মৰা হৈছিল৷ অৱশ্যে কেতিয়াবা গাঁৱৰ কাৰোবাৰ ঘৰত কিবা অথন্তৰ ঘটিলে, তেনে পৰিস্থিতিত গৃহস্থই অনুমতি নিদিলে তেওঁলোকৰ ঘৰত হুঁচৰি মৰা নহয়৷ ব’হাগ বিহুৰ অতি আকৰ্ষণীয় অনুষ্ঠান হুঁচৰিত নাৰীৰ কোনো ভূমিকা নাই৷ হুঁচৰিত গীত-মাত, নাচ, বিভিন্ন বাদ্যযন্ত্ৰৰ সকলো উপাদান নিহিত হৈ আছে৷ হুঁচৰিৰ মূল ৰূপতো অতি পৰিমাৰ্জিত আৰু ভক্তিৰ ভাবৰ প্ৰকাশ৷ হুঁচৰিৰ আচল উদ্দেশ্য হৈছে গৃহস্থক কুশল কামনা কৰি আশীৰ্বাদ দিয়া৷ হুঁচৰিত মূলতঃ ঘোষা, পদ, ফুলকোঁৱৰ- মণিকোঁৱৰৰ গীত আৰু লগত অন্যান্য মালিতা আদি গোৰা হয়৷ হুঁচৰিত ঢোল-পেঁপা আদিত কছাৰী ছেও, মিৰি ছেও, খঁৰা ছেও, বুঢ়া ছেও, ডেকা ছেও আদি বজায়৷ এই সকলোবোৰ গীত-পদ, ছেও-চাপৰ অসমৰ লোক-জীৱনৰ কৃষি অৰ্থনীতিৰ লগত জড়িত৷ গীত-পদবোৰত প্ৰকৃতিৰ সৌন্দৰ্যৰ্ষৰ বৰ্ণনা, সামুহিক সুখ-দুখ, সামাজিক ৰীতি-নীতি আদিৰ প্ৰতিফলন হৈছে৷

হুঁচৰিৰ এটা বৈশিষ্ট্যপূৰ্ণ খেল বা নাচ হৈছে লহৰীয়া নৃত্য৷ উজনি অসমৰ হুঁচৰি এযোৰাৰ এই লহৰীয়া নৃত্য গুৰুত্বপূৰ্ণ অংগ৷ দেউৰীসকলৰ বিহুৰ পৰা অহা বুলি সন্দেহ কৰা হয় এই লহৰীয়া নৃত্যক৷ লহৰীয়া নাচ ঢোল-তালৰ ছেৱৰ লগত হাতৰ চাপৰি আৰু ভৰিৰ গিৰিপনিৰ ছন্দ মিলাই কৰা হয়৷ লহৰীয়া নামবোৰ এনেধৰণৰ-

১৷ ‘হাতেৰে চাপৰি আহক ঘনে কৰি

ভৰিৰ গিৰিপনি যাওক হেৰা লহৰীয়া

২৷ উৰণ-বুৰন চৰাই হালধীয়া

থুপুকীলতাৰে পাত ঐ লহৰীয়া’  ইত্যাদি৷


আধুনিক বিহুৰ এটা অতি জনপ্ৰিয় অনুষ্ঠান হৈছে মুকলি বিহু৷ মুকলি বিহু আধুনিক যুগত জন্ম যদিও তাহানিৰ ৰাতি বিহুৰ ভেঁটিতেই ই প্ৰতিষ্ঠিত৷ তাহানিৰ চ’তৰ বিহুৰ আৰ্হিত ডেকা-গাভৰু সকলো মিলি একেলগে গাব আৰু নাচিব পৰাকৈ যিখন বিহু আয়োজন কৰা হ’ল, সেয়া মুকলি বিহু৷ এই মুকলি বিহু মাৰিবলৈ মুকলিমূৰীয়া মন এটা লাগিবই, তদুপৰি সকলো বাধা-বিধিনিৰ পৰাও মুক্ত হ’ব লাগিব৷ ডেকা-গাভৰু সকলোৱে সমানে গাব আৰু নাচিব পাৰিব লাগিব৷ মুকলি বিহুৰ জোৰা নামেই মূল সম্পদ৷ বিহুৱা-বিহুৱতীসকল বিহুনাম গোৱাত পাকৈত হ’ব লাগিব৷ নাচনীয়ে টুকুৰি ঘূৰাদি নাচিব লাগিব; ঢুলীয়াই গছৰ পাত সৰাকৈ বাব লাগিব ঢোল৷ তেহে এযোৰা মুকলি বিহু প্ৰকৃতাৰ্থত মুকলি বিহু বুলি ক’ব পাৰি৷ ডেকা-গাভৰুৰ সংমিশ্ৰণত গঢ়ি তোলাৰ কাৰণে হয়তো আজিকালি হুঁচৰিৰ তুলনাত মুকলি বিহুৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে৷

অনুমান কৰা হয় যে আহোম ৰাজত্বৰ কালত ৰংঘৰৰ বাকৰিত যি বিহুৰ প্ৰতিযোগিতা চলিছিল তাৰ আলমতে আধুনিক যুগৰ মুকলি বিহুৰ জন্ম হ’বলৈ পালে৷ যি কি নহওক বিহু গীত-নাচ, ছেও-ছাপৰ আদিবোৰৰ লগতে বিহুৰ ঐতিহ্য আজি সংৰক্ষণ কৰি ৰাখিবৰ বাবে সকলো বিশ্বপ্ৰেমী ৰাইজ যত্নবান হোৱা উচিত৷


ঠিকনাঃ- জিতু কুমাৰ লেখাৰু

চেতনা পুথিঘৰ

চেপন-চৰাইদেউ-৭৮৫৬৭৩ (অসম)

ভ্ৰাম্যভাষ : - ৭০০২১৮২১৩২

 

 

জ
লেখকৰ পৰিচয়

জিতু কুমাৰ লেখাৰু

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)