৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কাৰক

লেখকঃ স্বপ্না দত্ত ভৰালী • প্ৰকাশিতঃ ২৩ ফেব্ৰুৱাৰী, ২০২৫
৬ মিনিট পঠন • ৪০৯২ বাৰ পঢ়া হৈছে

স্বপ্না দত্ত ভৰালী

 

নতুন ঘৰখনত ভৰি দিয়াৰ পাছত, এদিন নন্দেক আৰু শাহুৱেকৰ লগত আবেলিৰ ৰ'দকণৰ আমেজ লৈ থাকিয়েই তাই সুধিছিল-

 “কি নো এইজোপা?”

 দেখাত ঘাঁহৰ দৰেই এটি জোপোহা৷

 “এইজোপা কুশবন৷ পূজা-চুজাত লাগে৷”

 “অ’...”

গছজোপা চিনি নাপাইছিল যদিও নামটো তাইৰ চিনাকি৷ দিন যোৱাৰ লগে লগে তাইৰ কাপোৰ মেলা ডাঁৰদালৰ ওচৰত থকা চতিয়না জোপা, সীমাৰ কাষৰ ঔ জোপাত বগাই থকা শগুণীলতাৰ পৰা বাৰীৰ চুকৰ বছজোপালৈকে গোটেইবোৰ চিনাকি হৈ পৰিল৷ 

 কুশবন হেনো ভগৱান বিষ্ণুৰ গাৰ নোমৰ পৰা সৃষ্টি হোৱা৷ তাতে গৰুড়ে স্বৰ্গৰপৰা অমৃতৰ কলহ আনি হেনো কুশবনৰ ওপৰত ৰাখিছিলহি৷ অমৃতৰ পৰশ পোৱাৰ বাবে এই বন অতি পৱিত্ৰ৷ এইবোৰ কথা তাই শাক কাটি থাকোঁতে নাইবা আজৰি সময়ত চাউলৰ পৰা ধান বাছি থাকোঁতে শাহুৱেকে তাইক কোৱা কথা৷ সেয়ে তাই সেইফালে যাবলগীয়া হ’লে বৰ সাৱধানেৰে যায়৷ কেনেবাকৈ তাইৰ মেখেলাৰ বা কুশবনজোপাত লাগি নাযায়টো! 

“বহুতদিন অহা নাই তহঁত৷ এবাৰ আহি যাবিহি৷ তহঁতক চাবলৈ বৰ মন গৈছে৷”

ফোন কৰিলে সদায়েই এইষাৰ কথা কয় মাকে৷ সিহঁত মাকৰ ওচৰলৈ গৈ ঘূৰি অহাৰ এসপ্তাহমানৰ পাচৰেপৰা মাকে এইষাৰ কবলৈ আৰম্ভ কৰি দিয়ে৷ ফোনটো থোৱাৰ পাছত তাই কিছু সময় আনমনা হৈ থাকে৷ কলেজত পঢ়োঁতে তাই হোষ্টেলত আছিলে৷ ঘৰলৈ মনত পৰিলে কেতিয়াবা খোলা দিনটো গুচি আহিছিল৷ “ক্লাছ খতি কৰি কিয় আহিলি” বুলি আফচোচ কৰা যেন দেখুৱালেও দেউতাকে যে তাই তেনেকৈ আহি ওলালেহি পেটে পেটে বেয়া নাপাইছিল তাই বুজিছিল৷ তাৰপাছত, তাই থকা এটা বা দুটা দিন, তাই ভালপোৱা বস্তুৰে আখলঘৰ ভৰাই দেউতাকে তাইক পুনৰ চহৰমুখী বাচখনত তুলি দিছিল৷ পিছে এতিয়াটো তাই হোষ্টেলত নাথাকে! 

 “কি হ’ল? ঘৰলৈ যাবলৈ মন গৈছে নেকি?”

 তাইৰ আনমনা অৱস্থাটো লক্ষ্য কৰিয়েই মানুহটোৱে সুধিলে৷ তাই ঘৰলৈ যাওঁ বুলিলে তেওঁ তাইক লৈ যাব বুলি তাই জানে৷ পিছে...

 “নাই৷ এতিয়া যোৱাৰ কথা ভবা নাই৷ বিহুলৈনো আৰু কেইটা দিন আছে! বিহুতে যাম বুলি ভাবি আছোঁ৷”

 

নাই বুলিও বিহুলৈ আৰু দুমাহ আছে৷ তাই চাহখোৱা কাপকেইটা ধুবলৈ বুলি গ’ল৷ সৰুটোৰ বাবে খিচিৰি অকণো সিজাবলৈ আছে৷ যোৱামাহত তাৰ ভাত মুখত দিয়া নিয়মটো কৰি উঠিছে মাত্ৰ৷ 

 “বিহুলৈ দিন আছে৷ নহ’লে যোৱা যদি এনিশাৰ বাবে ওলাবা৷ অহা সপ্তাহত মোৰ হেডঅফিচত কাম আছে৷ দেওবাৰে আবেলি গৈ, সোমবাৰে কাম কৰি ঘূৰি আহিম৷ নহ’লে মংগলবাৰে ৰাতিপুৱা আহিলেও সমস্যা নাই৷” 

আগতে কেতিয়াবা সিহঁত তেনেকৈ যায়৷ তাই লগত গ’লে তেওঁ এনিশা বা দুনিশা থাকে৷ নহ’লে তেওঁ লগত আন কাৰোবাক লৈ গ’লে, কাম শেষ কৰি বাহিৰে বাহিৰে ঘৰলৈকে গুচি আহে৷ 

 “আপুনিয়েই পাৰিলে এপাক সোমাই মাহঁতৰ খবৰ লৈ আহিব নহ’লে৷ মই পাছত বিহুতেই এপাক মাৰিম৷”

“চাওঁ বাৰু৷ লগত কোনোবা গ’লে দিগদাৰি দিবলৈ বেয়া লাগে৷ মায়ে খপজপাই থাকে৷”

হয়ো কথাটো৷ দুটা ককায়েক, দুজনী বৌয়েক নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ বুলি পুৱাতে ওলাই যায়৷ মাক ঘৰত বনকৰা মানুহজনীৰ সৈতে থাকিব লাগে৷ জোঁৱায়েক গ’লে তেওঁৰ উথপথপ লাগে৷ এতিয়া আগৰদৰে কৰিব মেলিবও নোৱাৰে৷ 

 “হয় বাৰু৷” 

 কৈ তাই আখলঘৰৰ খিৰিকীয়েদি বাহিৰলৈ চাই পঠিয়ালে৷ মৃদু বতাহত কুশবনজোপা হালিছে-জালিছে৷ তাই লগত গ’লে দিগদাৰি নাই৷ মাকক সহায় কৰি দিয়ে৷ অৱশ্যে ককায়েকহঁত, বৌয়েকদুজনী ঘৰত থাকিলে ৰন্ধা-বঢ়াৰ চিন্তা কৰিব নালাগে৷ সকলোয়েই এপদ দুপদ ৰান্ধে৷ পিছে এতিয়া, যেতিয়াই-তেতিয়াই তাইহে ঘৰলৈ যাবলৈ সংকোচ কৰে৷ তাইৰ দুয়োটা ল’ৰা সৰু৷ ডাঙৰটোয়ে উৎপাত কৰি ফুৰে৷ সৰুটোয়ে অচিনাকি মুখ দেখিলেই কান্দে৷ বৌয়েক দুজনীয়ে তাইক যথেষ্ট মৰম কৰে৷ হলেও তাই মনতে ভাবে-কিজানি তেওঁলোকে আমনি পায়! আগতে অবাধ বিচৰণ কৰা ঘৰখনত এতিয়া তাই কিবা এটা হিচাপ কৰি থকা দি থাকে৷ মাকে উলিয়াই নিদিলে, তেওঁৰ গডৰেজৰ পৰা আগৰ দৰে নিসংকোচে কাপোৰ এসাজ উলিয়াই পিন্ধিব নোৱাৰে৷ ঘৰত প্ৰায়েই কোনোবা নহয় কোনোবা আলহী থাকেই৷ “ঘৰলৈ কেতিয়া ঘূৰিবা” বুলি কেতিয়াবা ডাঙৰ বৌয়েকৰ মাকে সোধা প্ৰশ্নত তাই বিব্ৰতবোধ কৰে৷ সুন্দৰকৈ সজাই থোৱা ড্ৰয়িংৰুমটো ল’ৰাদুটাই খেলিমেলি কৰে বুলি নাইবা ঘৰত কৰাৰ দৰে, খেলি থাকোঁতে খালী ভৰিৰে গৈ মামীয়েকহঁতৰ বিছনাত উঠি দিবগৈ বুলি তাই ভয় কৰি থাকে৷ সেয়েহে আগতে মন গ’লেই হোষ্টেলৰ পৰা ঘৰলৈ গুচি অহা তাই এতিয়া ঘৰলৈ যাবলৈ ‘বিহুটো আহক’ বা ‘পূজাৰ বন্ধতহে যাম’ বোলা উত্তৰটো জিভাৰ আগত ৰাখে৷ 

 “হ’ব দিয়া৷ আমি বিহুতেই যাম নহ’লে৷ কাইলৈ নোসোমাও আৰু৷ মালৈ গধূলি ঘুৰি আহিহে ফোন কৰিম৷ নহ’লে মই সোমাম বুলি তেওঁ আশা কৰি থাকিব৷”

 তাই তেওঁলৈ চাই মূৰ দুপিয়াই হাঁহি গাজৰ আৰু আলু কাটিলে৷ এমুঠিমান ধোৱা মগুৰ সৈতে নামমাত্ৰ জহাচাউল ধুই কুকাৰটোত ভৰালে৷ তাৰপাছত পুনৰ কুশবনজোপালৈ চাই পঠিয়ালে৷ 

বনজোপা দেখাতহে লাহী আৰু দুৰ্বল৷

অথচ ই দেখোন ভাবিব নোৱাৰাকৈ শক্তিশালী৷ এই বনজোপাই তাইৰ ৰূপান্তৰৰ কাৰক৷ তাইৰ বিয়াৰ দিনা দেউতাকে এইজোপা চিঙিয়েইটো তাইক বিয়া দিছিল! 

 এক নিমিষতে তাইৰ ৰূপান্তৰ হৈছিল৷

মৰমৰ জীয়াৰীৰ পৰা আলহীলৈ৷

 

ঠিকনা :

টঙনাপাৰা, ধেমাজি

ফোন: 8473078085

মেইলঃ swapnduttabharali@gmail.com

ফে'চবুকৰ লিংকঃ https://www.facebook.com/swapanadutta.bharali

 

  

 

স
লেখকৰ পৰিচয়

স্বপ্না দত্ত ভৰালী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)