৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২৪
১ মিনিট পঠন • ১০৭৭ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া



প্ৰায়ে আমি ভ্ৰমত ডুবোঁ 

ভ্ৰমতে মৰোঁ 

কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি 

হাবুদুবু খাই পিছলি পৰে

প্ৰেৰণা হয়গৈ কামনা



কথা বাঢ়ে, বাঢ়িয়েই থাকে...



যি দেখিছোঁ

বটলত হনিও নাই, আকাশত মুনটোও নাই , 

হানিমুন হ’ব ক’ৰ পৰা...

খালী বটল, খালী আকাশ

হায়ৰে জীৱন... ৱাহ ভাই ৱাহ



 কথাষাৰ এদিন ‘আয়ে কৈছিল বাটত, বায়ে তাঁতত আৰু

মই শুনি আহিলোঁ পানী অনা ঘাটত৷’



 কথা হয় ৰাষ্ট্ৰ



'অবস্তুক'  'বস্তু' বুলি ভাবি ভুল কৰোঁ, দহোঁ

ঠানবান হয় সংসাৰ

ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত 



যন্ত্ৰৱৎ আমি অনুগামী হওঁ শিল্পীৰ; 

নহওঁ শিল্পৰ

ভুলটো ঠিক এইখিনিতে হয় 



(মহাপুৰুষীয়া পৰম্পৰাত 'বস্তু' চাৰি প্ৰকাৰৰ। সেইকেইটা হ'ল-গুৰু, দেৱ, নাম আৰু ভকত। বাকী সমস্তক 'অবস্তু' বুলি ধৰা হয়।)

 

 

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)