৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মণিপুৰ ডায়েৰী

লেখকঃ বেদান্ত নাথ • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২৪
৮ মিনিট পঠন • ১৫৬৬ বাৰ পঢ়া হৈছে

 বেদান্ত নাথ

১

দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকৰ্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা শান্ত-সৌম্য স্বভাৱৰ মণিপুৰী বৈষ্ণৱ  আৰু পৰিপাটিকৈ ৰিহা- মেখেলা পিন্ধা  ধুনীয়া মেইটেই মহিলাসকল৷  আনটো কথা আছিল বিধে বিধে সোৱাদ লগা মণিপুৰী খাদ্য সম্ভাৰ৷ মণিপুৰী আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই মোৰ প্ৰিয়৷ প্ৰাকৃতিক সৌন্দৰ্যৰে‌ ভৰপুৰ স্বাস্থ্যকৰ পৰিৱেশত কেইদিনমান থাকি অহাৰ এটা সুকীয়া‌ আমেজ‌ আছিল৷‌ ইম্ফলত ম্যানমাৰৰ পৰা অনা জোতাৰ এখন বজাৰ বহিছিল ৰাস্তাৰ দাঁতিত৷আন‌কমন ডিজাইনৰ কিন্তু পিন্ধিবলৈ বৰ আৰামদায়ক জোতা এযোৰ কিনিছিলোঁ৷ দীঘলীয়া সময় ধৰি বিচিত্ৰ জোতাযোৰ পিন্ধি ফুৰিছিলোঁ৷ কথাবোৰ পাগুলি থাকোতেই কৰ্কশ শব্দ কৰি বিমানখনে ইম্ফল বিমান বন্দৰত‌ অৱতৰণ কৰিলে৷ নিৰ্দষ্ট বেল্টত‌ লাগেজ‌ সংগ্ৰহ কৰি উঠি অট’ এখন লৈ‌‌ হোটেল অভিমুখে  আগবাঢ়িলো৷ আজি‌ আৰু কাম ক’ৰা নহব৷ ইতিমৈধ্যে তিনিটা বাজিল হোটেলত চেক্‌‌ইন কৰি, কোম্পানিৰ স্থানীয় কলিগজনক পাছদিনা‌ পুৱাই‌ আহিবলৈ জনাই ৰুমত সোমালোঁ৷

আগৰ হোৱা হ’লে এপাক ওলাই গ’লো‌‌ হ’য় কিন্তু এতিয়াৰ কথা সুকীয়া৷ চহৰখনক এক চেঁপা উত্তেজনাই আবৰি আছে৷ স্বাভাৱিক যেন‌‌ দেখিলেও এতিয়া একোৱেই স্বভাৱিক নহয়৷ দোকান বজাৰত মানুহৰ সমাগম সেৰেঙা৷ ঠায়ে ঠায়ে অট্টালিকাৰ ভঙা কাঁচ, পুৰি ছাঁই হোৱা গাড়ীৰ অৱশিষ্ট৷ আধা পোৰা ক’লা ৰং ধৰা‌ ঘৰৰ বেৰ-চালবোৰে‌ মণিপুৰৰ বৰ্বৰতাৰ সাক্ষী হৈ থিয় দি আছে৷ মণিপুৰে মানৱ সভ্যতাক ভেঙুচালি কৰিছে‌৷ মণিপুৰে‌ চিঞৰি চিঞৰি মানৱ সভ্যতাক সকীয়াই দিছে‌, কিমান বৰ্বৰ‌ হ’ব পাৰে মানুহ৷ জাতিৰ নামত, ঈশ্বৰৰ নামত, ৰাজনীতিৰ নামত মানুহে নিৰ্বিচাৰে হত্যা কৰিব‌ পাৰে মানুহক৷ জুইলৈ‌‌ নিক্ষেপ‌ কৰিব পাৰে শিশুক৷ ধৰ্ষণ কৰিব পাৰে৷ জ্বলাই দিব পাৰে ঘৰবোৰ, স্কুলবোৰ৷ উলংগ কৰি সমদলত ঠিয় কৰাব পাৰে নাৰীক৷ মানুহ হ’ব‌‌ পাৰে‌ অমানুহ৷ মানুহেই হৈ উঠিব পাৰে মানৱতাৰ প্ৰধান‌ শত্ৰু৷
         মণিপুৰত উপস্থিত হৈ প্ৰথমটো সমস্যা‌‌ হ’ল ইণ্টাৰনেট এতিয়াও‌ উপলব্ধ হোৱা‌ নাই৷ হোটেলৰ ৱাই-ফাই বৰ‌ শ্ল’ হঠাৎ বাহিৰৰ পৃথিৱীখনৰ পৰা সম্পূ্ৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিলোঁ৷ আবেলিৰে পৰা আৱদ্ধ হৈ পৰা হোটেলৰ কোঠাত হাঁড় কঁপোৱা শীতে নিঃসঙ্গ ৰাতিটো আৰু দীঘল কৰি  আনিলে৷    

হাতত সময় কম, কাম বেছি৷‌ দুদিনৰ ভিতৰতে সম্ভৱ‌পৰ দৰকাৰী সকলোকে লগ ধৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এটা ৰিপ’ৰ্ট প্ৰস্তুত কৰি মুম্বাইলৈ‌ উৰা মাৰিব লাগিব৷ কোম্পানিৰ উৰ্দ্ধতন কৰ্তৃপক্ষই মণিপুৰৰ শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ সবিশেষ দাঙি ধৰাৰ নিৰ্দেশ দিছে‌৷ তাৰ ওপৰতে ভিত্তি কৰি কোম্পানিৰ পৰৱৰ্তী ষ্ট্ৰেটেজী নিৰ্ণয় হ’ব৷ বৰ্তমান মণিপুৰত কোম্পানীৰ  অৱস্থা শোচনীয়৷ কলিগজনো‌ যথেষ্ট ডিম’টিভেটেড হৈ আছে৷ বহুদিনৰ পিছত মোক দেখা পাই অলপ সকাহ পোৱাৰ দৰে লাগিল, কিজানিবা মই তেওঁৰ বাবে কিবা‌ অলপ  কৰি থৈ যাবই পাৰো!     

এক তীব্ৰ চাপ আনুভৱ কৰিলোঁ আগতে কেতিয়াও নকৰা৷ ইফালে চূড়াচান্দপুৰ, উখৰূলৰ দৰে আউট ষ্টেশ্বন ইম্ফলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷ কুকি অধ্যুষিত এলেকাত মেইটেই  সকলৰ প্ৰৱেশ‌ নিষিদ্ধ৷ দেখা মাত্ৰেই হত্যা কৰিব৷ কুকিসকল ইম্ফললৈ আহিব নোৱাৰে৷ নিতৌ চহৰৰ বাহিৰত দুই ফৈদৰ সীমান্তত মানুহ মৰিব লাগিছে৷ নিতৌ ফায়াৰিং৷ ইম্ফলবাসীৰ পৰিধি এতিয়া চল্লিছ কিল’মিটাৰৰ ভিতৰতে সীমাৱদ্ধ৷ দোকান‌, বজাৰ হোটেল, ৰেস্টোৰাঁ, ম’ল, চিনেমা হ’ল, হস্পিতাল ‌সকলো খালী‌‌৷‌ এনে‌ অৱস্থাত কিমান‌ দিনলৈ ব্যৱসায় অস্থিৰ হৈ‌ থাকিব তাৰ কোনো‌‌ নিশ্চয়তা নাই৷ দুখ আৰু হতাশাৰ  চাদৰ এখনে ‌‌‌‌‌মণিপুৰক মেৰিয়াই লৈছে৷ ইয়াৰ অৱসান‌ কেতিয়া হ’ব কোনেও নাজানে‌৷ কিছুদিন আগত মুম্বাইত আমি  থকা হোটেলখনত কৰ্মৰত কুকি ল’ৰা এজনক লগ পাইছিলো৷  মণিপুৰৰ কথা কৈ তাৰ চকু দুটা সেমেকি উঠিছিল৷ মণিপুৰ মানৱ সভ্যতাৰ ইতিহাসত এটুকুৰা ক’লা দাগ হৈ থাকি যাব চিৰদিনলৈ৷         

যিমান দূৰ সম্ভৱ কামখিনি শেষ কৰি উভতি অহাৰ চিন্তা কৰিছো‌, তেনেকুৱাতে কোনোকালে নঘটা কাণ্ড এটা ঘটি গ’ল মোৰ লগত৷ ধামখুমীয়াৰ মাজতে গুৱাহাটী অভিমুখী বিমানখনৰ সময় সূচীটো মই আগদিনাই ভুলকৈ চাই থ’লো৷‌ বিমান বন্দৰ পোৱালৈ দুপৰীয়া দুই বজাৰ গুৱাহাটী বাংগালোৰ অভিমুখী ইনডিগ’ বিমানখন‌ ইতিমধ্য উৰা মাৰিছে৷ এতিয়া‌ সন্ধ্যাৰ একমাত্ৰ এয়াৰ এচিয়া বিমানখনেই শেষ ভৰষা৷ সন্ধ্যাৰ বিমানখনৰ টিকট এটা কাটিবলৈ দি  গধুৰ মন এটাৰে বিমান বন্দৰতে অপেক্ষা কৰিলো৷

২. 

মণিপুৰলৈ কিছু পৰিমানে‌ শান্তি আহিছে৷ কুকিসকল ইম্ফল এৰি গুচি গৈছে৷ মেইটেইসকলে ভৈয়ামত আৰু কুকিসকলে পাহৰত নিজৰ সীমা নিৰ্ধাৰণ কৰি লৈছে৷ ৰাজ্যখনক দুভাগ কৰি সীমান্তত দুই জনগোষ্ঠীয়ে অতীন্দ্ৰ প্ৰহৰী হৈ থিয় হৈ আছে৷ কোনো‌ বিদেশী শত্ৰুৰ বিৰুদ্ধে নহয়‌৷ নিজৰেই জনগোষ্ঠীয় ভাই-ভনীৰ বিৰুদ্ধে‌৷

মণিপুৰী সকলৰ পৰস্পৰৰ প্ৰতি সৃষ্টি হোৱা ঘৃণা বুকুৰ  ইমান গভীৰলৈ শিপাইছে যে এশ বছৰেও যে ইয়াৰ নিবৃত্তি হ’ব তাক লৈ সন্দেহ আছে৷‌ কুকিসকল‌ মিজোসকলৰ সমগোষ্ঠীয় হোৱাত ব্যৱসায়িকভাৱে কুকিসকলে আইজলৰ লগত সম্পৰ্ক স্থাপন কৰাটোৱে  ইম্ফলৰ অৰ্থনীতিত প্ৰচুৰ ক্ষতি কৰিছে‌৷ আমি আকৌ প্ৰায় নিয়মীয়াকৈ ইম্ফললৈ যাবলৈ লৈছোঁ৷ এতিয়া ইম্ফলক বিষাদৰ চাদৰ এখনে অনবৰতে মেৰিয়াই ৰাখে৷ শুধ বগা সাজযোৰ আৰু চন্দনৰ‌ দীঘল ফোঁটটোৱেও  মেইটেইসকলৰ মুখৰ ক’লা ডাৱৰ চপৰাক  লুকুৱাই ৰাখিব নোৱাৰে৷ মাজে মাজে অস্থিৰ সময়ৰ দুই-এটা ৰহস্য হঠাতে আন্ধাৰ ফালি‌ ওলাই আহে৷ তেতিয়া চহৰখন পুনৰ অশান্ত হৈ উঠে৷ ইণ্টাৰনেট কৰ্তন হ’য়৷ ৰাস্তাবোৰ নিজম পৰে৷ কেম’ফ্লেজ পিন্ধা জোৱানবোৰে ফ্লেগমাৰ্চ কৰে৷ গোটেই চহৰখন কেইবাদিনলৈ কাৰ্ফিউৰ আন্ধাৰত ডুব যায়৷‌ কুকিসকলৰ মাজেদি ইম্ফললৈ সামগ্ৰী কঢ়িওৱা ৰাস্তা বন্ধ হৈ যায়৷ ইম্ফল‌ অভিমূখী ট্ৰাকবোৰে ৰাস্তাত শাৰী পাতে‌৷ মুহূৰ্ততে স্থবিৰ হৈ পৰে সময়৷      ‌‌‌   

অস্থিৰতাৰ আন্ধাৰ ফালি জীৱন‌  আৰু জীৱিকাৰ তাড়নাত  চহৰখন‌‌ পুনৰ স্বাভাৱিক হ’বলৈ চেষ্টা কৰে৷ তাৰ মাজতে চলি থাকে প্ৰেম-বিবাহ৷ মৈথুন‌৷ ঈশ্বৰৰ উপাসনা...
ভাষণ‌৷ নিৰ্বাচন৷ উন্নয়নৰ ইস্তাহাৰ ...

মেইটেইসকলৰ বুকুত তৰপে তৰপে জমা হ’য় ক্ষোভ৷ ৰাজনীতিৰ চক্ৰবূহ্যত সৰল মণিপুৰীসকল বিপৰ্যস্ত৷ মেইটেইসকলে এতিয়া‌ যুদ্ধ নিবিচাৰে৷ মণিপুৰলৈ‌ শান্তি আহক৷‌ পুৱা-দুপৰীয়া কীৰ্তনৰ ধ্বনিৰে ইম্ফলৰ আকাশ আকৌ মুখৰ হওক৷ বিষাদৰ ডাৱৰ আতৰাই চাংঙ্গাই উৎসৱত মণিপুৰে প্ৰাণঢালি নাচক৷ কিন্তু শান্তি জানো ইমান সহজ৷‌ সুবিধা পালেই পাহাৰীয়া কুকিসকলে ভৈয়ামৰ মেইটেইসকলক আক্ৰমণ কৰিবলৈ নেৰে‌৷ সীমান্তৰ সিপাৰৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ অহৰহ উচটনি৷ শাসকসকলৰ নিস্পৃহতা৷ হিমালয় সদৃশ ঘৃণা আৰু‌ অবিশ্বাসে মণিপুৰক শান্তিৰ পথৰ পৰা শ‌ শ যোজন দূৰলৈ লৈ গৈছে৷   

কেইদিনমানৰ পৰা ইম্ফল পুনৰ অশান্ত হৈ উঠিছে৷ জাকে জাকে মানুহবোৰ ৰাস্তালৈ ওলাই আহিছে৷ প্ৰতিবাদত ইম্ফলৰ আকাশ-বতাহ আলোড়িত হৈ উঠিছে৷ ক্ষোভিত মানুহবোৰ দল বান্ধি সচিবালয়ৰ ফালে আগবাঢ়ি গৈছে‌৷ লাঠি চাৰ্জ, কন্দুৱা গেছ, পানী  হিলৈ‌...

আকৌ ৰাস্তাবোৰ নিজম পৰিছে৷ ইণ্টাৰনেট কৰ্তন‌ হৈছে৷ কেম’ফ্লেজ‌ পিন্ধা জোৱানবোৰ ৰাস্তাত ঘূৰি ফুৰিছে‌৷ ইম্ফল অভিমুখী ট্ৰাকবোৰ স্থবিৰ হৈছে৷ কাৰ্ফিউৰ আন্ধাৰত চহৰখন পুনৰ ডুব গৈছে‌...

ঠিকনা :

জালুকবাৰী

ভ্ৰাম্যভাষ : ৭০৯৯০০৬৬৯২


ব
লেখকৰ পৰিচয়

বেদান্ত নাথ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)