৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দুপৰৰ গণিত

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ২৫ অক্টোবৰ, ২০২৪
১ মিনিট পঠন • ৩১৬৩ বাৰ পঢ়া হৈছে

 হিল্লোলজ্যোতি সিংহ

 

ভৰ দুপৰীয়া

ৰাজপথৰ কিনাৰত

থিয় হৈ আছে

এজন বুঢ়া মানুহ

মাটিত পৰা নাই

তেওঁৰ ছাঁ

পিন্ধনত আঁঠুমূৰীয়া আংচা*

আৰু ফটা চোলা

সমুখত এটা গাখীৰৰ বটল

বিকিলে আশী টকা

দৰৱ কিনিব

নাতিয়েককেইটাৰ বাবে

এপেকেট বিস্কুট

ৰাস্তাৰ সিটো পাৰে

বিলাতী মদৰ দোকানখনত

গ্ৰাহকৰ ভিৰ

ইপাৰলৈ আহিবলৈ

যানজঁট বৰ

ভূমিৰ লগত সমকোণ কৰি

লম্ব বুঢ়া মানুহজন

চুইছেগৈ সূৰ্য

তেওঁৰ সন্নিহিত কোণত

মদৰ দোকানখন

পৰস্পৰ বিপৰীত

সমান্তৰাল বিন্দু দুটাৰ মাজেৰে

গাড়ী চলাই নিওঁতে

আহিত নহ’লোঁ মই

গাখীৰ বেচিবলৈ তেওঁৰ

কিউ আৰ ক’ড নাই

*আংচা : ৰাজবংশী পুৰুষে পিন্ধা দীঘল গামোচাৰ দৰে সাজ

 

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)