৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

লেখকঃ বেদান্ত‌ নাথ‌ • প্ৰকাশিতঃ ২১ অক্টোবৰ, ২০২৪
১৪ মিনিট পঠন • ২৯৭৬ বাৰ পঢ়া হৈছে

 বেদান্ত‌ নাথ‌

  

ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া নিৰ্জন‌৷ নিঃসঙ্গ৷ এদিন মানুহৰে গিজগিজাই থকা  ঘৰটোৰ এতিয়াৰ নিৰ্জীৱ পৰিৱেশটোৱে ঘৰটোৰ ইতিহাস জনা যিকোনো ব্যক্তিকে ব্যথিত কৰিব৷ টাউনৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ‌ আছিল ঘৰটো৷‌ কিমানক যে আশ্ৰয় দিলে‌ সি৷ কিমানে‌ জীৱন গঢ়িলে‌ ঘৰটোৰ ছাঁতে৷ তাৰ‌ো শৈশৱ-কৈশোৰ পাৰ হৈছিল এই ঘৰটোতে৷ এক বিশেষ পৰিস্থিতিত পৰি যি এদিন ঘৰটোৰ পৰা নীৰৱে ওলাই গৈছিল সুদীৰ্ঘ পোন্ধৰ বছৰে তাৰ আৰু ঘূৰি অহা নহ’ল৷‌ সি চেষ্টা নকৰা নহয়‌৷ কিন্তু পৰিস্থিতিয়ে ঘূৰি অহাৰ প্ৰতিটো বাটেই বন্ধ কৰি গৈ থাকিল৷‌ দূৰৈত থাকিও সি চেতনাত ঘৰটোক কঢ়িয়াই লৈ ফুৰিছে৷ ঘৰটো বাদ দি সি অসম্পূৰ্ণ৷ পোন্ধৰ বছৰে বহুত কথাই শুনিছে ঘৰটোক লৈ৷ প্ৰতিটো কথাই তাৰ কলিজাত এটুকুৰা ক্ষতস্থানৰ সৃষ্টি কৰি গৈছে৷ য’ৰ পৰা সময়ে সময়ে ৰক্তক্ষৰণ হৈ‌ আছে৷‌‌ হৈ থাকিব মৃত্যু পৰ্যন্ত৷

এই সুদীৰ্ঘ সময়ছোৱাত সি নিজক প্ৰতিষ্ঠা কৰিছে৷ একেখন চহৰতে নিজাকৈ এটা ঘৰ সাজিছে৷ অথচ তাৰ এই পথটোত, ঘৰটোৰ সমুখত থিয় হোৱাটো হৈ উঠা নাই৷ তাৰো কৰণীয় আছিল ঘৰটোৰ মানুহখিনিৰ প্ৰতি৷ দায়িত্ব আছিল৷‌ সময়ে তাক তাৰ দায়িত্বৰ পৰা নিৰ্মমভাৱে বঞ্চিত কৰিলে৷ এই কথাটোৱে তাৰ বুকুত মাজে মাজে‌ এক হাহাকাৰৰ সৃষ্টি‌ কৰে৷

দেউতাকৰ মোমায়েকে যেতিয়া এই মাটিডোখৰ কিনিছিল তেতিয়া এতিয়াৰ দৰে ব্যস্ত এলেকা নাছিল এইটো৷ হাবি জঙ্ঘলেৰে ভৰা, বাঁহনি, সৰু সৰু জোপোহা, ঝাও-কঁহুৱাৰে আৱৰা আছিল৷ কিন্তু তেওঁ দূৰদৰ্শীতাৰে জানিছিল এদিন নগৰখন‌ এইফালেই বহল হৈ আহিব৷ চাই থাকোঁতেই মাত্ৰ কেইটামান বছৰতে হাবি-জঙ্ঘলেৰে আৱৰা ঠাইডোখৰ প্ৰধান ৰেছিডেনশ্বিয়েল এৰিয়া এটা হৈ উঠিল৷ নতুন নতুন ঘৰবোৰ ৰাতিৰ ভিতৰতে যেন থিয় হ’ল৷ ৰাস্তা-ঘাট বহল হ’ল৷ নতুন নতুন দোকান-পোহাৰ হ’ল৷ মানুহজনে বৰ আগ্ৰহেৰে ঘৰটো সাজিছিল৷ কিন্তু হাবি ভাঙি নগৰ হোৱা চাবলৈ তেওঁ নাথাকিল৷ হাৰ্টৰ অসুখত ভুগি কম বয়সতে তেওঁ ঢুকাল‌৷ মাটিৰ ধনী পৰিয়ালটোৰ পঢ়ি-শুনি আগবাঢ়ি যোৱা মানুহ দ্বিতীয় এজন নাছিল৷ জীয়াই থাকোঁতে তেওঁ গাঁৱৰ পঢ়া-শুনা কৰা ল’ৰাবোৰক আনি ঘৰতে ৰাখি ইটো-সিটো কামত সুমুৱাই দিছিল৷ চৰকাৰী চাকৰিও সহজলভ্য আছিল তেতিয়া৷ অনেকে তেওঁকে সাৰথি কৰি পাৰ পাই পাছত ঘৰখনলৈ পিঠি দিছিল৷ সেইবোৰ তেওঁ ঢুকুৱাৰ পাছৰ‌ কথা৷ তথাপি ঘৰটোৱে আশ্ৰয় দিয়া ধৰ্ম কৰি গৈছিল৷ তাৰ মানুহজনক বৰ বেছি মনত নাই৷‌ ভালকৈ মনত থাকিবলৈ পাইছিলেই বা কিমান দিন৷ সি এল. পি স্কুলত পঢ়ি থাকোঁতেই তেওঁ ঢুকাইছিল‌৷‌ দেউতাকে তেওঁৰ ফ’টো এখন ডাঙৰ‌কৈ অঁকাই বাহিৰৰ ৰূমত সজাই থৈছিল৷ সদায় সন্ধিয়া ধূনা-চাকি দিওঁতে ফটোখনত সেৱা এটা কৰাটো সিহঁতৰ নিয়ম আছিল৷ দেউতাকেই মামাককাক, মামীআইতাকক ভক্তি কৰিবলৈ সিহঁতক শিকাইছিল৷

অসম আন্দোলনৰ মাজতে তাৰ মাক দেউতাকৰ বিয়া হৈছিল৷ আন্দোলনৰ বাবে ডাঙৰ গাড়ী নিব নোৱৰাত মামাককাকে সৰু গাড়ীৰে তিনি-চাৰিবাৰকৈ মানুহ অনা-নিয়া কৰিছিল। সেইবোৰ কাহিনী সি দেউতাকৰ পৰা কিমান বাৰ যে শুনিছে৷ মাকৰ অসুখত মামাককাক আৰু মামীআইতাক নথকা হ’লে‌ মাক বাচি অহাটোৱেই টান আছিল৷ মানুহেতো নাবাচিব বুলি ধৰিয়েই লৈছিল৷ দেউতাক সদায় কৃতজ্ঞ হৈ আছিল৷ তাকো শিকাইছিল কৃতজ্ঞতাৰ ভাষা৷ কৃতজ্ঞতা স্বৰূপেই ঘৰৰ বৰা চাউল, কোমল চাউল, পিঠা-পনা মোনা ভৰাই লৈ গৈছিল৷‌ ঘৰৰখনৰ উৎসৱ-পাৰ্ৱণত গোটেই পৰিয়ালটোৱে গৈ দেহে-কেহে খাটিছিল৷ তেতিয়া তাৰ মামাককাকৰ ল’ৰা দুটা আৰু ছোৱালীজনী সৰু হৈ আছিল৷ ডাঙৰ ল’ৰাটো গুৱাহাটীত, সৰু ল’ৰাটো আৰু ছোৱালীজনী‌ ঘৰতে থাকি টাউনৰ কলেজত পঢ়িছিল৷ দেউতাকে জানিছিল সিহঁতৰ লগত ডাঙৰ হ’বলৈ দিলে তাৰো ভাব-ধাৰা সলনি হ’ব৷ সিও ডাঙৰ সপোন দেখিবলৈ সাহস গোটাব৷ পথাৰৰ বোকা-পানীৰ পৰা সিওঁ চহৰমুখী হ’ব৷ এইবোৰ অন্তৰ্নিহিত কাৰকে‌ দেউতাকৰ মনত ক্ৰিয়া কৰিলেও সকলোৰে উৰ্ধ্বত আছিল হেৰাই যোৱা মোমায়েকৰ ঘৰখনৰ প্ৰতি থকা দেউতাকৰ দায়িত্ববোধ৷ মামীয়েকৰ প্ৰতি থকা শ্ৰদ্ধা৷ জটিল পৰিস্থিতিত দেউতাক সদায় ঘৰখনৰ কাষত সাহস হৈ থিয় দিছিল৷ মাতিলেই য’ৰ কাম ত’তে এৰি দৌৰ মাৰিছিল৷

পেহীয়েকৰ লগত, সৰু খুৰাকৰ লগত অভিন্ন সম্পৰ্ক এটা গঢ় লৈ উঠিছিল তাৰ৷ সৰু খুৰাকৰ বিয়াত সি ক্লাছ এইটত পঢ়ি আছিল৷ হঠাতে হৈছিল বিয়াখন‌৷ যেন‌ এক দুৰ্ঘটনাহে৷ মুহূৰ্ততে সলনি হৈছিল সকলো৷ মনোমালিন্য, অসহযোগ, ছোৱালীৰ ঘৰৰ অসন্মতি... গধূৰ ডাৱৰ এচপৰা বুকুত বান্ধি মুখ ওন্দোলাই মানুহবোৰ বিয়ালৈ আহিছিল৷ বিয়াৰ পাছত ডাঙৰ খুৰাক বহু দিন অহা নাছিল ঘৰলৈ৷ এদিন ডাঙৰ খুৰাক আহিছিল৷ কথাবোৰ সহজ হৈও সহজ নহৈছিল৷ দুয়োখন ঘৰৰ মাজত এখন শীতল যুদ্ধ আৰম্ভ হৈছিল৷ আত্মীয়তাৰ ঠাইত অভিমানে, ভালপোৱাৰ ঠাইত ঘৃণাই চকী পাৰি বহিছিল৷ অসন্তুষ্টিৰে ভৰা বিয়াখনৰ বাবেই হয়তো খুৰীয়েক প্ৰাপ্য মৰ্যাদাৰ পৰাও বঞ্ছিত হৈছিল খোজে খোজে‌৷ কেই বছৰমানৰ পাছত ডাঙৰ খুৰাকৰো বিয়া হৈছিল৷ বাহিৰত পঢ়ি-শুনি ডাঙৰ মানুহ হোৱা ডাঙৰ খুৰাকৰ বিয়া ডাঙৰকৈ হৈছিল৷ সৰু খুৰাকৰ সৰু কাম৷ সৰু মৰ্যাদা৷ একেখন চালিৰ তলত দুজনী মানুহৰ দুটা  মৰ্যাদা৷ কথাবোৰ জটিলৰ পৰা জটিল হৈ গৈ আছিল‌৷ সি আছিল নীৰৱ দৰ্শক৷ তথাপি সৰু খুৰীয়েকৰ প্ৰতি তাৰ আনুগত্য আছিল অধিক৷ সকলোকে বিনা স্বাৰ্থই শুশ্ৰূষা কৰা মানুহজনীৰ যন্ত্ৰণাক সি অনুভৱ কৰিছিল৷ আত্মপৰিচয়ৰ সন্ধানত তেওঁ হাহাকাৰ কৰি উঠিছিল৷ পাকঘৰটো বুকুত লৈয়েই মানুহজনীয়ে বি. এড. কৰিলে৷ এম এড পঢ়িলে৷ সিও সৰু চাকৰি এটাত সোমাল৷ তেতিয়া গুৱাহাটীৰ পৰা ৰিলায়েঞ্চ, ভোডাফোন, আই‌ চি আই চি আই আদি কোম্পানিৰ শাখাবোৰ বেলেগ বেলেগ টাউনবোৰলৈ সম্প্ৰসাৰণ হোৱা আৰম্ভ‌ হৈছিল মাত্ৰ৷ চাকৰিটোৰে সি খুৰাকক সকাহ দিয়াৰ সিদ্ধান্ত ল’লে৷ ঘৰখনৰ প্ৰতি তাৰো দায়িত্ব আছে৷ ঋণ‌ আছে‌৷ তাতে খুৰাকৰ এইখিনি টান সময়৷ ব্যৱসায় বৰ টনা-টনিৰ মাজেদিহে চলি আছে৷

খুৰাকক সহায় কৰিব লাগে বুলিয়েই সি দুটা বছৰে মাক-দেউতাকক এটকাও দি সহায় কৰিব পৰা নাই৷ খুৰীয়েকে ভাল কাম এটা পাইছে কিন্তু খুৰাক-খুৰীয়েকৰ মাজত অবিশ্বাসৰ, মনোমালিন্যৰ দেৱাল এখন গঢ় লৈ উঠিছে৷ দেৱাল‌খন ক্ৰমাৎ ওখ হৈ গৈ আছে৷ সি মন কৰিছে দুয়ো আজিকালি দুটা বেলেগ কোঠাত শোৱে৷ খুৰীয়েক কামত প্ৰায়েই ঘৰৰ বাহিৰতে থাকে৷ যি‌কেইদিন‌ ঘৰলৈ আহে তেতিয়াও বৰকৈ কথা-বতৰা নহয়‌ দুয়োৰে মাজত৷ যেন অচিনাকি দুজন মানুহ দুটা কোঠাত৷‌ ঘৰখনৰ গধুৰ বতাহত তাৰ উশাহ বন্ধ হৈ আহিব খোজে৷ দুয়োৰে সম্পৰ্কটো ভাল কৰাৰ সলনি মানুহবোৰে দুয়োৰে অভিমানৰ জুইকুৰা ফুৱাই বহলাব লাগিছে৷ ইফালে আইতাকৰ সাগৰ-সদৃশ উদাসীনতা৷ এনে এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ পৰা মুক্তি পাবলৈ সি আকৌ পঢ়াটোকে ঠিক কৰিলে‌৷ পঢ়িব মানে নিজেই পঢ়িব লাগিব তাকো গুৱাহাটীলৈ গৈ৷ এইক্ষেত্ৰত তাক সহায় কৰোঁতা কোনো নাই৷ সি এটা ডাঙৰ  ৰিস্ক্ ল’ব লাগিব৷

য়ুনিভাৰ্ছিটিত এডমিশ্বনটো হৈ গ’ল৷ তেতিয়ালৈ সি কাকোৱেই জানিবলৈ‌ দিয়া নাছিল৷ সময়ত গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ কথাটো যেই খুৰাকক জনালে, তাক সম্পূৰ্ণ আচৰিত কৰি খুৰাকে আকাশ-পাতাল কঁপাই গৰ্জন কৰি উঠিল৷ তাৰ নিজৰ কাণ দুখনকে বিশ্বাস ন’হল৷ তাৰ ভ্ৰম হোৱা নাইতো৷  সদায় উচ্চ শিক্ষাৰ সপক্ষে ওকালতি কৰি ডিঙিৰ সিৰ ফুলাই বক্তৃতা দিয়া মানুহটোৰ‌ এটা সম্পূ্ৰ্ণ বিপৰীত ৰূপ৷ শ শ যুঁজাৰু বিমানেহে যেন একেলগে তাৰ ওপৰত বোমাবৰ্ষণ‌‌ কৰিছে৷ সৰু কোঠাটো প্ৰচণ্ড যুদ্ধ‌ক্ষেত্ৰ এখনলৈ পৰিৱৰ্তিত হ’ল মুহূৰ্ততে৷ খুৰাকে জোৰেৰে কোঠাৰ ভিতৰতে অহা-যোৱা কৰিলে৷ সি গোটোৱা কিতাপবোৰ‌ কোঠাটোত সিঁচৰতি কৰি দলিয়াই দিলে৷ বজ্ৰাহত হৈ সি একে ঠাইতে থৰ লাগিল৷ তাক বিশ্বাসঘাতক সজাই খুৰাক ওলাই যোৱাৰ বহু দেৰি পাছলৈকে সি একে ঠাইতে থিয় দি থাকিল৷

দুদিন পিছত নিৰৱে নিৰ্জন দুপৰীয়া এটাত ঘৰটোৰ গে’টখন‌ খুলি সি যি ওলাই গ’ল তাৰ আৰু ঘূৰি অহা নহ’ল৷

গুৱাহাটীলৈ আহি কথাবোৰ ভবাতকৈ বহুত বেছি জটিল হৈহে উঠিল৷ য়ুনিভাৰ্ছিটিৰ ক্লাছ লগে লগে পাৰ্ট টাইম জব৷ খুউব সীমিত উপাৰ্জন‌৷ পঢ়াৰ খৰচ৷ নিজৰ খৰচ৷‌ ঘূৰি চাবলৈ কোনো‌‌ নাছিল‌ তাৰ৷ সাহস দিবলৈ৷ সহায়ৰ হাত এখন আগ বঢ়াই দিবলৈ৷ শূন্য পকেটেৰে ফুট পাথত খোজকাঢ়ি থকা মানুহ এজনৰ আগত চহৰখন যে ইমান নিৰ্দয় হৈ ধৰা দিব পাৰে তাৰ আগতে মুঠেও ধাৰণা নাছিল৷ সৰুতে শুনি অহা বহুতৰ ষ্ট্ৰাগলৰ ৰোমাণ্টিক কাহিনীবোৰে সিহঁতৰ কিশোৰ মনত শিহঁৰণ তুলিছিল৷‌ কিন্তু এতিয়া সি জানে ভালকৈ, ষ্টাগলৰ দিনবোৰ মুঠেও ৰোমাণ্টিক নহয়‌৷‌ প্ৰতিদিন কলিজা ৰক্তাক্ত কৰে৷‌ সি ঘৰৰ লগত সম্পূ্ৰ্ণৰূপে যোগাযোগ বন্ধ কৰি দিছিল৷ তাৰ যন্ত্ৰণাময় দিনবোৰ কোনোবাই জানক সি বিচৰা নাছিল৷ প্ৰচণ্ড স্বভিমানী আৰু জেদী আছিল সি৷ সি ধ্বংস হৈ যাবলৈ নিঃশেষ হৈ যাবলৈ ৰাজী আছিল৷ কিন্তু হাৰিবলৈ নহয়‌৷ অৱশ্যে এতিয়া আৱশ্যক হ’লে সি কেতিয়াবা হাৰিবও পাৰে৷ অভিজ্ঞতাই শিকাইছে কেতিয়াবা হৰাটোও খুউব জৰুৰী হৈ পৰে৷ হৰাৰো থাকিব পাৰে সুকীয়া‌ সৌন্দৰ্য৷

  কোম্পানিটোত জইন কৰি সি উৰা মাৰিছিল মুম্বাইলৈ৷ হেৰুৱাবলৈ সকলো শেষ৷ এতিয়া পাবলৈ এছোৱা দীঘল বাট৷ অভাৱী জীৱনটোত‌ অলপমান ৰং সানি যেতিয়া ঘৰলৈ ঘূৰিছিল৷ সি এটা অদ্ভূত প্ৰাণীলৈ পৰিৱৰ্তিত হৈছিল৷ সি যেন এই পৃথিৱীৰ বাসিন্দাই নহয়‌, কোনো এক নিৰ্জন দ্বীপৰ বৰ্বৰ জনজাতিহে৷ অস্পৃশ্য৷ ঘৃণনীয়৷ সৰ্বাতোপ্ৰকাৰে বৰ্জিত৷ সভ্য সমাজত তাৰ স্থান নাই৷ তাৰ ৰহস্যঘন অৰ্ন্তৰ্ধানৰ পাছতে খুৰীয়েকে খুৰাকক এৰি গুচি যোৱা ঘটনাটোৰ বাবে এতিয়া সিয়েই জগৰীয়া৷ মাক-দেউতাকে ইমান দিনে সি নোহোৱা হোৱাৰ পৰা শাস্তি ভুগিয়েই আছে৷ এতিয়া তাক হাতত পাই জানো কোনোবাই এৰিব৷ তাৰ কাহিনী গাঁৱৰ নামঘৰ, তিনিআলিৰ দোকান, এমূৰৰ কালভাৰ্ট, আঁহত গছৰ তল, পুখুৰীৰ পাৰ, বিয়নি মেল, ৰাইজৰ মেল, গোটৰ মিটিং সকলোৰে‌ মুখ্য বিষয়৷ সকলোৱে‌ নিজৰ ইচ্ছামতে‌ সজাইছে, আ-অলঙ্কাৰ পিন্ধাইছে , ন-কইনাক সজাই‌-পৰাই ৰাইজৰ আগত উলিয়াই দিয়াৰ দৰে নিটোল ৰূপ এটা দি মেলি দিছে মানুহৰ মাজত৷ খৰালি শুকান হাবি পুৰিবলৈ লগাই দিয়া জুইৰ দৰে সিহঁতৰ গাঁওখনৰ পৰা কাষৰ গাঁও কেইখনলৈও কাহিনীটো বিয়পি পৰিছে৷ গাঁৱৰ পৰা অলপ দূৰৈত থকা চেণ্টাৰটোলৈ, তাৰ সতে একেলগে স্কুল-কলেজত পঢ়া লগৰবোৰৰ কাষলৈ বিস্তৃত হৈছে, তাত আকৌ কাহিনীটোৱে এটা নতুন ৰূপ লৈছে৷

দুদিনতে মাক দেউতাকে অতদিনে ভুগি অহা অত্যাচাৰৰ ছবিখন দেখি সি হতাশাত ভাগি পৰিল৷ দুখ-যন্ত্ৰণা, সীমাহীন গ্লানিত সি ক্লান্ত৷ অসহায়৷ কাক বুজাব৷ কিমানক বুজাব৷ সকলোৰে সন্দেহৰ, ঘৃণাৰ দৃষ্টি, পৰিয়ালটো ভাঙি গৈছে৷ দেউতাক চিন্তা কৰি কৰি হাৰ্টৰ অসুখীয়া হৈছে৷ সকলোকে ছাৰপ্ৰাইজ দিবলৈ আহি নিজেই এটা ছাৰপ্ৰাইজ হৈ‌ গৈছে সি৷ খুৰীয়েক গুচি যোৱাৰ কথাটো সি আহিহে গম পাইছে৷ খুৰাকে সকলো জানে৷ মানুহজনী গুচি যোৱাৰ বাবে খুৰাকেই মূল দায়ী, ঘৰৰ বাকী মানুহবোৰ দায়ী কিন্তু দোষবোৰ জাপি দিবৰ বাবে সি এটা সহজ চিকাৰ হৈ‌ পৰিল৷ তাৰ এটা ভুলৰ বাবেই৷ সি কাৰো সতে যোগাযোগ নাৰাখিলে৷ সকলো ঠিক কৰি উভতি অহালে বহুত দেৰি হৈ গ’ল৷ তাক‌ সৰুৰ পৰা পোৱা, জন্মৰ পৰা পোৱা মানুহবোৰৰ তাৰ প্ৰতি হোৱা অবিশ্বাসে তাক মৰাৰ দৰে আঘাত দিছে৷ সিতো এদিন গাৱৰ নামজ্বলা ল’ৰা আছিল৷ সকলোৰে মৰমৰ৷ সকলোৰে বিশ্বাসৰ৷ অথচ সি এনেকুৱা কাম এটা কাম কৰিব নোৱাৰে বুলি কিয় নাভাবিলে মানুহবোৰে৷ দুই-এজন অব্যশ্যে ব্যতিক্ৰম আছে৷ তাৰ‌ প্ৰতি যাৰ এতিয়াও‌ বিশ্বাস আছে৷

মানুহবোৰ শিক্ষিত হোৱা নাই৷ মনবোৰ বহল হোৱা নাই৷ মধ্যযুগীয় অন্ধকাৰ আঁতৰি যাবলৈ এতিয়াও বহু বাকী৷ মানুহক নিঃশেষ কৰি উঠি মানুহবোৰে বন্য আনন্দত জঁপিয়াই উঠে এতিয়াও৷ গাঁওবোৰলৈ অহা আধুনিক‌তা আচলতে এটা ভ্ৰম৷‌ সি মানুহক তাৰ নিৰ্দোষিতাৰ প্ৰমাণ নিদিয়াৰ সিদ্ধান্ত ল’লে৷ সময়ে সকলো ক’ব৷ সময়ৰ ওচৰত সকলো নতজানু৷ মানুহ নিজৰ ওচৰত নিৰ্দোষী হ’ব লাগে৷ নিজৰ ওচৰত মূৰ তুলি থিয় হোৱাটোহে দৰকাৰী৷ সমগ্ৰ পৃথিৱীক ফাঁকি দিলেও মানুহে নিজক ফাঁকি দিব নোৱাৰে৷ সি নিজৰ ওচৰত গ্লানিহীন৷ স্বচ্ছ৷

তাৰ সঘন উপস্থিতিয়ে লাহে লাহে কথাবোৰ তল পেলাই আনিলে কিন্তু ঘৰ দুখনৰ ফাঁটটো আৰু জোৰা নালাগিল৷ অভিমানৰ পাহাৰটো ক্ৰমাৎ ওখ হৈ গৈ থাকিল। লগে লগে ফাঁটটোও বহল হৈ গৈ থাকিল৷ দেউতাকৰ হাৰ্টৰ অপাৰেশ্বন হৈ গ’ল৷ আগৰ সুখৰ স্মৃতিবোৰৰ কথা কৈ মাজে মাজে দেউতাক আৱেগিক হ’য়৷ তাক নোদোষে৷ সি বুজি পায়৷ সকলো সময়৷ সময়ে সকলোবোৰ মুহূৰ্ততে সলনি কৰিব পাৰে৷ খুৰাকে ডিৰ্ভ’চী মানুহ এগৰাকীক বিয়া পাতিছে৷ ছোৱালী এজনী আছে৷ মানুহবোৰে নতুন কাহিনী এটা পাইছে৷ নামঘৰ, তিনিআলিৰ দোকান, এমূৰৰ কালভাৰ্ট, আঁহত গছৰ তল, পুখুৰীৰ পাৰ, বিয়নি মেল, ৰাইজৰ মেল ... 

মানুহক লগ লাগে৷ জীৱনত এজন সংগী লাগে৷ মনে মিলিলেই হ’ল৷ বাকীবোৰ কথা গৌণ৷ খুৰাকৰ জীৱনটো গতি লগা দেখি সি সুখী হৈছে৷ তালৈ আঙুলি টোঁৱাবলৈ মানুহবোৰে এতিয়া সাহস নকৰে৷ তাক ঢুকি নাপায় এতিয়া কোনেও‌৷‌ ডাঙৰ খুৰীয়েকে মাজে মাজে তাৰ সতে কথা পাতে ফোনত৷ তেওঁ পৰিয়ালৰ সতে বিদেশত থাকে৷ তাক নোদোষে তেওঁ৷ মাজতে আইতাক ঢুকাল৷ সি তেতিয়া মুম্বাইত ট্ৰেইনিং এটাত ব্যস্ত৷ এতিয়া ঘৰটোত এটা মস্ত তলা৷ সৰু খুৰাক গাঁৱৰ পামত থাকে৷ ভৰা অতীতৰ কথিত -অকথিত অনেক কাহিনী লৈ একালৰ ব্যস্ত ঘৰটো‌ শুই থাকে৷ নিৰ্জন৷ নিঃসঙ্গ ...

 

ঠিকনা :

জালুকবাৰী

ফোন: ৭০৯৯০০৬৬৯২

ব
লেখকৰ পৰিচয়

বেদান্ত‌ নাথ‌

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)