৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ষ্টপিং বাই ৱুডছ অন এ স্নোৱি ইভনিং

লেখকঃ অনুবাদ:ড° দীপশিখা ভাগৱতী • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২১
২ মিনিট পঠন • ৪৪৭১ বাৰ পঢ়া হৈছে

মূল (ইংৰাজী):  ৰবাৰ্ট ফ্ৰ’ষ্ট

অনুবাদ : ড০ দীপশিখা ভাগৱতী

মই জানো কোন এই অৰণ্যৰ অধিৰাজ।

যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস;

নেদেখিব তেওঁ মোক ক্ষন্তেক ৰোৱা

আৰু মই চোৱা হিমস্নাত এই বনৰ আভাস।

আশ্বৰ্য প্ৰকাশ মোৰ কণমানি ঘোঁৰাটোৰ

কিয় ৰ’লোঁ এনে ঠাইত, য’ত নাই কোনো পামঘৰ

এই ঘনঘোৰ অৰণ্য আৰু গোট মৰা হ্ৰদৰ ফাঁকে ফাঁকে

বছৰটোৰ বিষণ্ণতম সান্ধ্য প্ৰহৰ।

পেটাজৰীৰ টিলিঙা জোকাৰি সি সুধিলে 

কোনো ভুল হোৱা নাইতো গৰাকীৰ।

বাকী শৱদ বুলিবলৈ আৰু মাথোঁ আছিল

সহজ বতাহৰ কোমল সঞ্চাৰ

আৰু সৰি পৰা বৰফৰ অধোমুখী ধাৰ।

প্ৰিয়দৰ্শন, এই অন্ধকাৰ গহন বন,

বহু কথা ৰখাৰ আছে মোৰ পণ,

যাবলৈ আছে সৌ দূৰ বহু দূৰ,

লভাৰ আগতে মই অন্তিম শয়ন।

অ
লেখকৰ পৰিচয়

অনুবাদ:ড° দীপশিখা ভাগৱতী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)