৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বাধীনতা

লেখকঃ মূল • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২১
২ মিনিট পঠন • ২৪৫৭ বাৰ পঢ়া হৈছে

মূল : লেংষ্টন হিউজ

অনুবাদ : মৌচুম বৰুৱা
 
ভয়, শংকা অথবা দমনৰ মাধ্যমেৰে
আহিব পাৰে জানো স্বাধীনতা?
ওহোঁ নাহে,
আজি নাহে,
কাইলৈ নাহে,
অথবা কোনো দিনেই নাহে৷
 
আমাৰোতো তোমাৰ দৰেই অধিকাৰ আছে
এগজ মাটিৰ ওপৰত
আকাশ চাব পৰাকৈ
দুভৰিত থিয় দি থকাৰ৷
 
কিন্তু আমি শুনি শুনি ক্লান্ত হৈ পৰিছোঁ—
‘‘সময়ত আমাৰ বাবেও আহিব
এটা নতুন দিন৷’’
 
কিন্তু মৃত্যুৰ পাছত জানো
স্বাধীনতাৰ কিবা অৰ্থ আছে?
পাৰি জানো পূৰাব অনাগত দিনৰ ৰুটীৰে
আজিৰ দুৰ্বাৰ ক্ষুধা?
 
স্বাধীনতা
এটা শক্তিশালী বীজপ্ৰৱাহ প্ৰোথিত,
আমিও ইয়াতেই থাকোঁ
আৰু
স্বাধীনতা আমাৰ প্ৰয়োজন
যিদৰে তোমাৰো৷

(টোকা : লেংষ্টন হিউজ, বিগত শতিকাৰ অত্যন্ত প্ৰভাৱশালী আমেৰিকান কৃষ্ণাঙ্গ কবি, ঔপন্যাসিক, নাট্যকাৰ আৰু সমাজকৰ্মী আছিল৷ তেখেতে আজীৱন আমেৰিকান কৃষ্ণাঙ্গসকলৰ অধিকাৰৰ বাবে যুঁজ দি গৈছিল৷ তেখেতৰ দুখনমান উল্লেখযোগ্য কাব্য গ্ৰন্থ হ’ল— ‘‘The Weary Blues’’ [1926], ‘‘Fine Clothes to the Jew’’ [1927], ‘‘The Negro Mother and Other Poetic Recitations’’ [1931], ‘‘A New Song’’ [1938], ‘‘Freedom's Plow’’ [1943], ‘‘As Your Mama’’ [1961] আদি৷ এইজনা স্বনামধন্য ব্যক্তিৰ জন্ম হৈছিল ১ ফেব্ৰুৱাৰি, ১৯০১ আৰু মৃত্যু হৈছিল ২২, মে’, ১৯৬৭ চনত৷
ঠিকনা :
মৌচুম বৰুৱা
জ্যোতিবন
ৰূপনগৰ, দূৰদৰ্শন কেন্দ্ৰৰ সমীপত
ডিব্ৰুগড় - ৭৮৬০০৩
ভ্ৰাম্যভাষ - ৯৯৫৪৪৮০০৫৯
ম
লেখকৰ পৰিচয়

মূল

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)