৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ছন্দৰীতি

লেখকঃ অনুবাদ: কুমুদ ঘোষ • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২১
২ মিনিট পঠন • ৩৬৪৫ বাৰ পঢ়া হৈছে

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ
উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান,
কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই
আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ।
ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ
হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই
হৃদয়ে যিখিনি পাৰে সেয়া জাতিসংঘয়ো নোৱাৰে
কোনো ব্যাকৰণ বুজি নুফুলে গোলাপ ।
প্ৰেমিকে বাৰু ছন্দ পিন্ধি সম্বোধন কৰেনে?
নদী চিৰ ছন্দময়, কিন্তু সি জানো ছন্দৰ কিবা জানে,
পখীয়ে গীত গায় কোনখন ব্যাকৰণ মানি?
তোমালোকেই কোৱা কেৱল ব্যাকৰণ, কেৱল অভিধান!
কোৱাঁচোন কোনখন প্ৰেমৰ শুদ্ধ কিতাপ, শুদ্ধ ব্যাকৰণ
কোনোবাই কেতিয়াবা বাৰু প্ৰেমৰ চিঠিত সঠিক বানান বিচাৰেনে
কোনোবাই  কেতিয়াবা বাৰু জানিব বিচাৰেনে প্ৰেমালাপ স্বৰত নে মাত্ৰাত?
নীৰৱ চুম্বনকেই জানো পৃথিৱীৰ শ্ৰেষ্ঠ ছন্দৰীতি।

(মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি। ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল। বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত। অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ।)

অ
লেখকৰ পৰিচয়

অনুবাদ: কুমুদ ঘোষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)