৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অথবা প্ৰেম

লেখকঃ কৌশিকজ্যোতি বৰা • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২১
২ মিনিট পঠন • ২৯৫১ বাৰ পঢ়া হৈছে

কৌশিক জ্যোতি বৰা

একে নহয় যদিও ৰণ আৰু ৰণাংগন,
একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।
এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন...।
 
যুদ্ধত  শত্ৰুক কচুকটা দি
আত্মসমৰ্পণ কৰোঁ প্ৰেমৰ বেলিকা।
যুদ্ধত জয়ী আৰু প্ৰেমত পৰাজিতজনহে প্ৰকৃত যোদ্ধা।
এয়াই ইতিহাস যুদ্ধ আৰু প্ৰেমৰ।
 
শূন্যত উদাস নেপোলিয়নৰ চকু।
 
হৰুওৱাতকৈ হাৰিবলৈ সহজ,
যদিও ভাগৰ বেছি হৰুওৱাতকৈ হৰাৰ।
আচলতে...
হাৰিবলৈকে প্ৰেমত পৰোঁ আমি।
 
প্ৰতিখন যুদ্ধই মহাভাৰত
প্ৰতিখন যুদ্ধই তেজ আৰু তেজৰ।
প্ৰতিখন যুদ্ধতেই হেৰুৱাওঁ
ধন, জন, দেশ অথবা হৃদয়।
 
কোমল বুকুত কাঁইট ছটিয়াই
আমি যুদ্ধকে কৰোঁ,
প্ৰেম আৰু বিশ্বাসৰ।
য’ত পোৱাতকৈ হেৰুওৱা সহজ।
 
আচলতে
আমি হেৰুৱাবলৈকে যুদ্ধ কৰোঁ
অথবা প্ৰেম।
 
কৈয়েই নেপোলিয়ন অদৃশ্য হ’ল ধোঁৱাৰ মাজত।
 
ভ্ৰাভ্যভাষ: ৯৩৬৫৯৬০৫৮৫
শ্ৰব্য ৰূপ
ক
লেখকৰ পৰিচয়

কৌশিকজ্যোতি বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)