৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শুনিছোঁ শেষ আশ্ৰয় দিয়ে হেনো শুভ্ৰতাই

লেখকঃ ড°অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ১৯ জুলাই, ২০২৫
৪ মিনিট পঠন • ২০৭৫ বাৰ পঢ়া হৈছে

 ড০ অৰ্চনা পূজাৰী

কবিৰ বিষয়ে লিখিবলৈ গৈ কবিৰ কবিতাৰ শাৰীটোৰেই শিৰোনামটি ঠিক কৰিলোঁ অনুভৱ তুলসীয়ে যেন সকলো কথাই জানিছিল৷ সকলো কামেই নিজৰ মতে সজাই লৈছিল৷ ঠিক সেইমতে যেন লিপিবদ্ধও কৰি গৈছিল৷ এনেদৰে কোৱাৰ মুলতে হ’ল মৃত্যুৰ কিছুদিন পূৰ্বে তেখেতে লিখি থৈ যোৱা মৃত্যু সম্পৰ্কীয় কবিতাটি৷ অৱশ্যে বহু কবিয়ে মৃত্যুক নানাভাবে অংকন কৰিছে৷ ঠিক তেনেদৰে কবি তুলসীয়েও স্বগতোক্তিৰ মাজেৰে বহু আগতেই  স্বগতোক্তি কৰি গৈছে এনেদৰে-

নাৰ্চৰ হাতত তুলাৰ শুভ্ৰতা থাৰ্মোমিটাৰ নাড়ী নক্ষত্ৰৰ টোকাবহী / নৈৰ চাপৰিৰ কঁহুৱা ফুলৰ পৰিধানেৰে সুঠাম সোঁতাল ডাক্তৰ / মই এতিয়া কাকোৱেই আমনি নিদিওঁ শান্ত ল’ৰাৰ দৰে শুই থাকোঁ...

“কবিয়ে কবিতাত কোৱাৰ দৰেই চিৰদিনৰ বাবে শুই থাকিল৷ ইষ্ট কুটুম্ব, বন্ধু-বান্ধৱ , সকলোৰে প্ৰাৰ্থনা নেওচা দি কবি গুচি গ’ল৷ স্মিতহাস্য , মধু আৰু মিতভাষী এইগৰাকী কবি সকলো কামতে অতিকৈ  সাৱধানী আছিল৷ দীৰ্ঘ বছৰ বিভিন্ন সাহিত্যানুষ্ঠানত কবিক লগ পাইছো, কথা পাতিছো কিন্তু কোনোদিনে হিচাপতকৈ এষাৰো বেছিকৈ কোৱা দেখা নাছিলোঁ৷ ভাষণ দিওঁতেও অতি চমুকৈ  প্ৰয়োজনাতিৰিক্ত এষাৰো নোকোৱাকৈ বক্তব্য সামৰিছিল৷ তদুপৰি তেখেতৰ কাব্য পাঠতো এক বিশিষ্টতা মন কৰিবলগীয়া৷ এক নাটকীয় ভংগীৰে প্ৰতিটো শব্দ স্পষ্টকৈ উচ্চাৰণ কৰি কাব্য পাঠ কৰাৰ বাবে  শ্ৰোতাই কাব্য বিষয় অনুধাৱন কৰাত অকনো অসুবিধা পোৱা নাছিল৷

সুপ্ৰভাত অথবা গুড মৰ্ণিং জনোৱাৰ দৰে কবি অনুভৱ তুলসীয়ে প্ৰতি পুৱাই সমুহীয়াকৈ বন্ধু-বান্ধৱলৈ চিন্তা উদ্ৰেককাৰী একোখন চিত্ৰৰ  ক্ষুদ্ৰ তাঙৰণ পঠাইছিল৷ কবিয়ে প্ৰতিখন চিত্ৰ নিজৰ ধৰণেৰে নামকৰণ কৰিছিল৷ বহুজনে সেই চিত্ৰৰ আধাৰত নতুন ধৰণৰ কাব্য সৃষ্টি কৰিছিল৷

শুভৰাতিপুৱাশুভনিজান

(কবিয়ে শেষ ৰাতিপুৱা পঠোৱা ছবিখন)



কবি তুলসী তীব্ৰ কল্পনাপ্ৰৱণ ব্যক্তি৷ তেখেতৰ প্ৰতিটো কবিতাই একক আৰু অতুলনীয়৷ প্ৰতিটো কবিতাৰ শব্দ ব্যৱহাৰ নতুনত্ব ,প্ৰতিটো কবিতাৰে উপস্থাপন ৰীতি সুকীয়া৷ অনুবাদৰ ক্ষেত্ৰখনতো তেখেতৰ সৌকৰ্য মনকৰিবলগীয়া৷ এক কথাত ক’বলৈ গ’লে কবিয়ে অসমীয়া ভাষাটো মন্থন কৰি ন-ন শব্দ সৃষ্টিৰে চহকী কৰি থৈ গৈছে ৷মুঠৰ ওপৰত জীৱনৰ অতি কম সময়তে হেৰাব ধৰা অসমীয়া ভাষাৰ কালিকা ৰক্ষা কৰি থৈ গৈছে কবি অনুভৱ তুলসীয়ে৷ এটা কথা ঠিক যে কবিৰ সকলো কবিতা অতি সহজবোধ্য বুলি ক’ব নোৱাৰি৷ কিছুমান কবিতাৰ বয়ন ইমান জটিল আছিল যে পাঠকে বুজি উঠিবলৈ সময়ৰ প্ৰয়োজন হৈছিল৷ কবিৰ চিন্তাৰ প্ৰাবল্যই এনে এক ঊৰ্দ্ধস্তৰত অৱস্থান কৰিছিল য’ত পাঠকৰ বোধগম্যতা শূন্য হৈ পৰিছিল৷ কিন্তু কবিৰ নিজক চেৰাই যোৱা স্বভাৱৰ বাবে ক’তো থমকি নৰয়৷ সেয়ে ক্ৰমে ক্ৰমে সেই জটিলতা সৰল ৰূপলৈ পৰিবৰ্তন হৈ আহিল৷ পঢ়ি ভাললগা হৈ আহিল প্ৰতিটো নতুন কবিতা৷ কবি সদায় নতুন হৈ গৈ থাকিল৷ আমি আশা কৰিছিলোঁ কবিৰ কলম চলিয়েই থাকিব৷ আমাৰ দৰে পাঠকক  নতুনত্বৰ সোৱাদ দিয়ে থাকিব৷ কিন্তু সকলো ভবাৰ দৰেই নঘটিল৷ কবিয়ে কলম সামৰি গুচি গ’ল ৷কেৱল আমাৰ হাতৰ কবিতাৰ পৃষ্ঠাবোৰত কবি ৰৈ গ’ল চিৰদিনৰ বাবে৷


ড
লেখকৰ পৰিচয়

ড°অৰ্চনা পূজাৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)