৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বচা বকুল

লেখকঃ ৰমানন্দন বৰা • প্ৰকাশিতঃ ২৯ জুলাই, ২০২২
৯ মিনিট পঠন • ৪০১৫ বাৰ পঢ়া হৈছে

বাৰ

 

নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷ নিজৰ খোপনি ৰোৱা, পুৰুষৰ সন্মান ৰক্ষা কৰা কাম বুলি বেণুৱে ভাবে৷ সেয়ে সি আপ্ৰাণ চেষ্টা কৰি লৰালৰি কৰিছিল৷ ফাগুনতে ঘৰটো তৰিবলৈ তাৰ বৰ হেঁপাহ৷ সকলো ঠিকেই আছিল৷ কিন্তু আইৰ ঘৰলৈ যাম, দুইহাতে খাম, বিধতাই বোলে ময়ো পিছে পিছে যাম৷ মানুহে পাতে, ঈশ্বৰে ভাঙে৷ বাঘে ধৰাৰ ঘটনাটোৱে তাৰ বহুত কথা ওলট-পালট কৰি পেলালে৷ সময় মতে কামবোৰ হৈ উঠাৰ সম্ভাৱনা নাইকিয়া হ’ল৷ সি বুজিলে এই সংসাৰত মানুহ নামৰ জীৱটো এফালে বৰ শক্তিশালী, আনফালে তেনেই নিশকটীয়া৷ গাইগুটীয়া মানুহটোৰ যে একো মূল্য নাই সি হাড়ে হাড়ে বুজিলে৷ সঙ্গীৰ ৰূপত পুহিৰাম নথকা হ’লে সেইদিনাই তাৰ জীৱনৰ বন্তিগছেই নুমালেহেঁতেন৷ মানুহক জীয়াই থাকিবলৈ হ’লে মানুহৰ দৰকাৰ৷ বেয়াৰ মাজত ভাল, নিৰাশাৰ মাজত আশা, আশংকাৰ মাজত সাহস আনিব পাৰে কেৱল মানুহে৷

বকুল চাপৰিৰ মানুহে বেণুৰ কাৰণে সেই কথাটো অধিক সঁচা কৰি তুলিলে৷ পুহিৰামে আৰু বেণুৱে কাটি থৈ অহা খেৰখিনি ভাগে ভাগে ভালদৰে গুটিয়াই-মুঠিয়াই বান্ধি ঘৰৰ চোতাল পোৱালেহি গাঁৱৰ ল’ৰাহঁতে৷ নতুন ভেঁটিটোৰ কাষতে এটা মেজি সাজি খেৰখিনি থ’লেহি৷ বাকী দায়িত্বও সিহঁতেই ল’ব, পিছে কিবা এটা খুৱাব লাগিব৷ “ভিনি, চিন্তা নকৰিবা৷ ঘৰ হৈ যাব৷ তুমি ৰাইজখনক ভাৰসা কৰিবা৷ ল’ৰাহঁতক কিবা এটা খুৱাই দিবা৷ দেখিবা তোমাৰ নতুন ঘৰে হাঁহি হাঁহি তোমাক মাতি আছে৷” বলেনে বুধিৰ লগতে উৎসাহো দিলে৷

বেণুৱেও সেই মতেই কৰিলে৷ গাঁওখনত সেইটোৱেই নিয়ম৷ বকুল গাঁৱত এতিয়াও নামঘৰ বুলি এটা নিৰ্দিষ্ট ব্যৱস্থা গঢ় লোৱা নাই৷ চাপৰিয়াল মানুহৰ মনলৈ এতিয়াও নাম-প্ৰসঙ্গ, আসন, বন্তি, নামতী, পাঠেকী আদিৰ দৰকাৰ জাগি উঠা নাই৷ বকুল চাপৰিৰ বোপাৰাম বিষয়াহঁতৰ চল্লিছঘৰীয়া চুবুৰী আৰু পূবফালৰ বিহাৰী, নেপালী কেইঘৰৰ চুবুৰীটোৰ মাজতে ডাঙৰ শিমলুজোপাৰ তলতে ওখ সমান ঠাইখিনিত ডেকাহঁতে মিলি এটা দীঘলীয়া ঘৰ সাজিছিল৷ খেৰৰ চাল আৰু বাঁহৰ বেৰ কঁকাললৈকে ওখ৷ তালৈকে বকুলৰ গণেশ, বলেন, বীৰেনহঁতো আহে অৰ্জুন, পাৰচ, ধনবাহাদুৰহঁতো আহে৷ সোমবাৰে সন্ধিয়া তাতে গোট খায়৷ কেতিয়াবা ঢোল-খোল বায়, কেতিয়াবা নাগৰা বায়, কেতিয়াবা একোকে নকৰি বিড়ি-চিগাৰেট হুঁপি ঘৰাঘৰি গুচি যায়৷

সোমবাৰে বেণুৱে বলেনৰ লগত তালৈ গৈ ভাৰসা কৰিলে৷ সকলোৱে একমুখে হ’ব বুলিলে৷

“পিছে কি গোটোৱা হ’ব? ”

“হাঁহ, লগত মাছো থাকিব৷ ”

জেঠায়েকে ক’লে, “ডেকাহঁতে বাৰু কাম কৰিব মই বুজিছোঁ৷ আমাৰ ফটিক আৰু হাঁহিৰামক ক’বি৷ কাঁড়ী চোৱাত সিহঁতৰ সমান পাকৈত এইছোৱাত নাই৷” বেণুৱে তেওঁলোকৰ ঘৰলৈ গৈ ক’লেগৈ৷


*      *      * 

এটা ঘৰ, এটা পৰিয়াল, এখন সংসাৰ৷ এটা সপোনৰ সম্পূৰণ, আন এটা সপোনৰ আধাৰ৷

নিজাকৈ এখন ঘৰ বন্ধা বৰ সহজ কথা নহয়৷ ফাগুনৰ পহিলা বুধবাৰতে ঘৰৰ কাম আৰম্ভ কৰিলে বেণুৱে৷ সেইদিনাই তিথি, বাৰ, নক্ষত্ৰ শুভ বুলি জেঠপেহাক বোপাৰামে নিজাকৈ পঞ্জিকা চাই কৈছিল৷

কামটো এদিনীয়া নহয়৷ ঠিক ঠাক জোখ-মাখ কৰি চ’ৰা ঘৰ, মাৰল ঘৰ, পাকঘৰৰ খুঁটা পোতা এটা ডাঙৰ কাম৷ আগতে আনি কাটি, গোৰাই, শুকুৱাই থোৱা ভলুকা বাঁহৰ খুঁটা৷ গাঁত খান্দি পোতোঁতে এদিন৷ মকাল বাঁহৰ গাধৈৰ বেৰবোৰ বৈ গাঁঠি দিওঁতে কে’বাদিনো গ’ল৷ চ’তি, মাৰলি, ৰুৱা-কামি, বগলী, বহিখোৱা, চাল- এইবোৰ সাজি লওঁতে দুদিন যোৱাৰ পিছত আহিল ঘৰ চোৱাৰ পৰ্ব৷

ঘৰ চোৱাৰ দিনা বেণু-পাহিতাৰ লগতে সোণ জেঠাইৰ পুৱাৰে পৰা গাত তৰণি নাই৷ বিধে বিধে কাম৷ চালৰ ওপৰত চাৰিটামান মানুহ৷ কাঁড়ী চোৱাত ওস্তাদ ফটিক, হাঁহিৰামৰ উপৰি দেৱেন আৰু মঙলা৷ গুটিয়াই থোৱা খেৰৰ মুঠিবোৰ ওপৰলৈ দলিয়াবলৈ চাৰিটা বিপিন, জগত, যোগেন আৰু অকণমান৷ দঁতীয়া টঙাল তুলোৱাত অতুল আৰু দিলীপ৷ কাঠি-কামি যা-যোগাৰ দিয়া, ইটো-সিটো লা-ধো কৰি নিজৰ হাজিৰাটো দিছেহি আৰু দুটামানে৷ বেণু আৰু পাহিতাই হাতে-কামে বৰ বিশেষ একো কৰিব লগা হোৱা নাই৷ হোৱা নাই মানে সিহঁত এটাও কাম কৰিবৰ উপযুক্ত হৈ থকা নাই৷ বেণুৱে কাম কৰিব নোৱৰা হ’ল, পাহিতাও গা-ভাৰী৷ ৰাইজখনেই সকলো কৰিছে৷ ঘৰ চোৱা ভোজটো অকল কাম কৰা মানুহকেইটাৰেই নহয়, ওচৰ-চুবুৰীয়া আটাইৰে বৰ হেঁপাহৰ৷ লংদৈ, চেনিমাই, তৰবৰীহঁতে শাক-পাচলি কুটাৰ পৰা বাচন-বৰ্তন যোগাৰ কৰি চৰুৰ তলত জুই দিয়ালৈকে সকলো কাম কৰিছে৷ মাথোন ভোজলৈ বুলি গোটোৱা হাঁহ পাঁচোটা মাৰি কুটি-বাচি দিয়াৰ দায়িত্ব থাকিল বাঁহিয়াৰ ওপৰত আৰু কলপাত কাটি অনাৰ ভাৰ প্ৰদীপৰ৷ চুৰট এটা হুপি হুপি সোণ জেঠায়ে ৰন্ধা-বঢ়াৰ তদাৰক কৰিলে৷ জেঠপেহাকে ঘৰ চোৱা কেইজনক তামোল-পাণ, চাহ-গুৰৰ যোগান ধৰিলে৷

“হেৰ’ শোগে ধৰা, খেৰ মুঠি হাতত পৰাকৈ দলিয়াব নোৱাৰ৷ বৰ মতা পুৰুষ ওলাইছ৷” - অকণমানে মুধচত বহি থকা দেৱেনলৈ খেৰ মুঠি দলিয়াব নোৱৰাত তাক দেৱেনে ধিক দিছে৷

“ৰ, ৰ, ধৰ এইবাৰ৷ মুখলৈকে মাৰিছোঁ৷ ” - অকণমানে জোৰেৰে দলিয়াই দিয়া মুঠিটো কৌশলেৰে ধৰি দেৱেনে চালৰ ওপৰত মেলি ধৰিলে৷

“আও, বিয়া নপতা আবিয়ৈটোক কোনে চালৰ ওপৰলৈ তুলিলে? নাম নাম৷ ডাং বৰলাটো৷ ছোৱালী এজনী ভুলাব নোৱাৰিলি? কি ঘৰ চাবি?” - দৃশ্যপটত নতুনকৈ আগমন ঘটা ঘনই এইবাৰ মঙলাক জোকালে৷

“অ’ আমাৰ ঘনকাই৷ ভাল আহিলা৷ ৰ’বা, বেণুৰ ঘৰটো চাই তোমাৰ মূধচটো চাই দিম৷” মঙলাই ইতিমধ্যে মাজ তালুৰ চুলি সৰি তপা হোৱা ঘনৰ মুখ মাৰিলে৷

বোপাৰাম বিষয়াই গৰুকেইটাক পানী খুৱাই থৈ আহোঁগৈ বুলি ওলোৱাৰ লগে লগে ল’ৰাহঁতৰ প্ৰিয় বস্তুবিধৰ যোগান দিলেহি পুহিৰামে৷ ঘৰৰ মূধত বহি চুৰট এটা হোপা মৰাৰ আমেজেই বেলেগ৷ ফটিক আৰু হাঁহিৰাম বাকীকেইটাতকৈ অলপ বয়সিয়াল যদিও, একেলগে এহোপা মৰাত কোনো বাধা নাই৷ তাতকৈ বয়সস্থসকলৰ সন্মুখতহে সন্মানৰ খাতিৰত সিহঁতে চুৰট নোহোপে৷

দিনটোৰ ভিতৰত চ’ৰা ঘৰ আৰু মাৰল ঘৰৰ চাল তিনি বেচাকৈ চাই হ’ল৷ পাকঘৰটো বাকী ৰ’ল৷ পানী বেছাৰ পৰা মূধচলৈকে বেছ গদগদীয়াকৈ চোৱা হৈছে৷ ফটিকহঁতে নিখুঁত হাতেৰে কাঁড়ী ধৰি ঘৰটো দেখাত শুৱনি কৰি তুলিলে৷ দিনটো খোৱা-বোৱা, হাঁহি-ফূৰ্তিৰ মাজেৰে বহুতখিনি কাম হ’ল৷ বেণুৱে ভাবিলে৷ পাকঘৰটোৰ কাম কাইলৈ কৰিম বুলি ওপৰত থকাকেইটা তললৈ নামিল৷

তাৰ পাছৰ এটা সপ্তাহৰ ভিতৰত পাকঘৰটো চোৱাৰ পৰা কেউটা কোঠাৰ বেৰা, দুৱাৰ-খিৰিকী আদি লগোৱাৰ লগতে বেৰবিলাকত গৰু গোৱৰ আৰু মাটি মিহলাই প্ৰথম এমোচন দিয়া হ’ল৷ ভেটিটোত কুমতি, হাবুৰুকাৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনে বগা আলতীয়া মাটিৰে মচা হ’ল৷ বকুল চাপৰিত ৰঙা আলতীয়া মাটি দৰৱত দিবলৈও পাবলৈ নাই৷

মানুহখিনিৰ ওচৰত বেণুৰ কৃতজ্ঞতাৰ অন্ত নাই৷ ইয়াকে কয় ৰাইজ বুলিলে ৰজা, জ্ঞাতি বুলিলে গঙ্গা৷ জ্ঞাতিয়ে উদ্ধাৰিলেহে উদ্ধাৰ৷ সি বুজিলে সংসাৰত তাৰ নিজাকৈ একো মূল্য নাই৷ ব্ৰহ্মপুত্ৰৰ বুকুল বিশাল জলধাৰাত এটা মাত্ৰ জলবিন্দু সি৷ অকলে একো মূল্য নাই, অস্তিত্ব নাই৷ সমূহীয়া অস্তিত্বৰে সিও বলীয়ান৷

ৰাতি পাহিতাই তাক সুধিলে, “নতুন ঘৰটো হ’লেই বুলিব পাৰি৷ কেতিয়াকৈ যাম বুলি ভাবিছা?”

“এৰা, ভাবিব লাগিব৷”

বৰ সহজ নহয়৷ এখন ঘৰ এৰি আনখন ঘৰলৈ যাবলৈ বৰ কষ্ট৷ মনটোত বৰ যাতনা৷ ভোগদৈ পাৰক সি আজিও পাহৰিব পৰা নাই৷ ক’লাই মহাজনৰ ঘৰখনৰ পৰা সি পাহিতাৰ মোহত ওলাই আহিল৷ বকুল চাপৰিত জেঠায়েকে সাবটি আশ্ৰয় দিয়াই নহয়, সিহঁতক নতুন গছপুলি ৰোৱাৰ দৰে গুজিলে৷ সেই ঘৰখনৰ এটা কোঠা সিহঁতক তেৱেঁই দিছে৷ যোৱা ভাদৰ পৰা ফাগুনলৈ সাত মাহ এই কোঠাটোৰ এই বেৰ দুখনে হিচাপ ৰাখিছে পাহিতা আৰু তাৰ প্ৰতিটো অন্তৰঙ্গ মুহূৰ্তৰ৷ এই ঘৰখন এৰি আঁতৰি যোৱাটো বৰ সহজ কথা নহয়৷ দুয়োটা ঘৰ বাৰীয়ে বাৰীয়ে লগালগি হ’লেও, কমেও এশ গজ দূৰ৷ গা-ভাৰী পাহিতাক সেই ঘৰটোলৈ নিয়া উচিত হ’বনে? অকলশৰীয়া গৰ্ভৱতী মানুহজনীয়ে পাৰিবনে? ঘৰ-দেউতি তাইৰ সৈতে সুজিবনে? সন্তান জন্মাৰ পিছত কণমানি কেঁচুৱাটোক লৈ মাইকী মানুহজনীয়ে অকলে পাৰিবনে? সি কামে-বনে বাহিৰে বাহিৰেই থাকিব লাগিব৷

মানুহ লাগে৷ এনেকুৱাতে মিতিৰ-কুটুম্ব, বংশ-পৰিয়াল লাগে৷ এজনী মানুহ পাহিতাৰ লগত থাকিবলৈ ক’ত পাব সি? কোন আহিব? বহু চিন্তা কৰিও সি উত্তৰ উলিয়াব নোৱাৰে৷

(আগলৈ)

ৰ
লেখকৰ পৰিচয়

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)