৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ২৫ অক্টোবৰ, ২০২৫
৩ মিনিট পঠন • ২৯২৬ বাৰ পঢ়া হৈছে

 ৰুদ্ৰ সিংহ মটক

 

বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা

লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি 

দেখা পালোঁ ,

দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ  কোটি কোটি  মানুহে

 

জুবিন ! আমি জানো যিসকল তোমাৰ শতৰু সেই সকল

আমাৰো শতৰু,  সূৰ্য আৰু সভ্যতাৰো চিৰকালৰ শত্ৰু

 

তোমাৰ মৃত্যুক লৈ কত প্ৰচাৰ কত অপপ্ৰচাৰ !

নৰাধমহঁতে চিঞৰ-বাখৰ কৰাৰ দৰে পেৰাগ্লাইদিঙত তোমাৰ

মৃত্যু হোৱা নাছিল স্কুবা ডাইভিঙত তোমাৰ মৃত্যু হোৱা নাছিল

ড্ৰাউনিঙত অথবা সেই পুৰণি বেমাৰ চ্ছিজাৰতো

তোমাৰ বুকুৰ শেহ উশাহ স্তব্ধ হৈ যোৱা নাছিল  চিৰদিনলৈ

 

তোমাৰ পৰা মোৰ জানিবৰ মন অ’ জুবিন !

শেষবাৰ সমুদ্ৰলৈ ঠেলি দিয়াৰ আগমুহূৰ্তত

মাইকেল জেকচনৰ দৰেই তোমাৰ খাদ্যতো বাৰু

               বিহ দিয়া হৈছিল নেকি ?

 

পানীৰ পৰা তুলি অনাৰ পিছত তোমাৰ ওঁঠ নীলা হৈ গৈছিল

হাতবোৰ ভৰিবোৰ হেনো নীলা পৰিছিল ....

ব্ৰুটাছৰ দৰেই  হয়তো সিদ্ধাৰ্থও  আছিল চৰম

             বিশ্বাসঘাটক, ইতিহাসৰ জঘন্যতম হত্যাকাৰী

 

অসমবাসীৰ কিঞ্চিতো সন্দেহ নাই অ’ জুবিন!

তোমাক হত্যা কৰা হ’ল দেশত নহয় বিদেশৰ নীল সমুদ্ৰগৰ্ভৰ সুদূৰ লাজাৰাছ  দ্বীপত

দৰাচলতে তুমি ক্ষমতালোভী কোনো দানবৰ শীতল মগজুৰ

ষড়যন্ত্ৰৰ বলি হ’লা নেকি বাৰু? নে ৰাজনৈতিক ভ্ৰষ্টাচাৰে জিঘাংসাৰ হাতোৰাৰে

মেলি দিয়া জটিল-কূটিল সাংস্কৃতিক  সন্ত্ৰাসবাদৰ??.....

 

তুমি আছিলা সকলো ধৰ্মৰ উৰ্ধত দুঃসাহসী এজন মুক্ত মানব

পৃথিৱীৰ এন্ধাৰে স্পৰ্শ কৰিব নোৱাৰা ধ্ৰুৱৰ দৰেই  এটা চিৰভাস্বত নক্ষত্ৰ

মধ্যযুগীয় অন্ধ ঈশ্বৰৰ অস্তিত্ব নেমানিছিলা তুমি,

কিম্বদন্তি শিল্পী তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 

জুবিন জুবিন জুবিন !

তুমি নিজকে কাঞ্চনজঙ্ঘা বুলি কৈছিলা,

কিন্তু  আমাৰ দৃষ্টিত  তুমি আকাশতকৈয়ো ওখ

চিৰ উচ্ছল ভালপোৱাৰ সাগৰে আবৰি আছিল তোমাৰ হৃদয়

 

দুস্কৃতিক জনতাৰ শতৰু বুলি চিঞৰি চিঞৰি ক’ব পৰা তুমি চিৰ সুন্দৰ

সংস্কৃতিৰ পূজাৰী

মৰিও অমৰ হ’লা,- তুমি  আমাৰ মান আমাৰ অভিমান

আই অসমীৰ ওখ বুকুৰ তুমি হিল্লোলিত স্বাভিমান

 

                                              ০০০০

 

ভ্ৰাম্যভাষ – ৭০০২৩০৩৮৮২

 

 

 

 

ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)