৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা

লেখকঃ ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৯ জুলাই, ২০২৩
২ মিনিট পঠন • ২৭৯৭ বাৰ পঢ়া হৈছে

অনুবাদ : ড° ৰঞ্জিত দত্ত

(১)

গীটাৰ

গীটাৰখনৰ কান্দোন আৰম্ভ হ'ল।

নিঃশেষ হ'ল পুৱাৰ পিয়লাবোৰ। 

গীটাৰখনৰ উচুপনি আৰম্ভ হ'ল

ইয়াক নিশ্চুপ কৰাটো অৰ্থহীন

ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ

বৰফখণ্ডৰ ওপৰত মাথোঁ 

কান্দি আছে একেসুৰীয়াকৈ

যিদৰে উচুপি উঠে পানীয়ে,

উচুপে বতাহে।

ইয়াক নিশ্চুপ কৰাটো অসম্ভৱ।

দূৰৈৰ বস্তুৰ বাবে ই উচুপিছে।

আকুল হৈছে 

দক্ষিণৰ তপত বলুকাৰাশি

শুভ্ৰ কেমেলিয়া ফুলৰবোৰৰ বাবে।

লক্ষ্য নোহোৱাকৈয়ে কাঁড়পাটে উচুপিছে,

সন্ধিয়াই উচুপিছে পুৱাৰ অবিহনে

আৰু প্ৰথম মৃত চৰাইটোৱে উচুপি আছে ডালটোত।

হেৰা গীটাৰ!

হিয়াখনেতো মৃত্যুসম আঘাত পায়

পাঁচখন তৰোৱালৰ বাবে।

(২)

নৈসৰ্গিক দৃশ্যাৱলী

জলফাই গছেৰে পৰিপূৰ্ণ পথাৰখন

এখন বিচনীৰ  দৰেই

হালিছে জালিছে

জলফাই গছবোৰৰ ওপৰতে আছে

এখন মগ্ন আকাশ আৰু

শীতল পোহৰৰ অন্ধকাৰ বৰষুণ

কঁপি কঁপি জাহ গৈছে

ইকৰাবোৰ নদীৰ বুকুত।

লহৰ তুলিছে ধূসৰ বতাহজাকে

হো-হোৱনিৰে ভৰি পৰিছে চৌপাশ

এজাক বন্দী  পখীয়ে

এন্ধাৰতে সিঁহতৰ 

দীঘল নেজবোৰ জোকাৰিছে।

(৩)

প্ৰথম বাসনাৰ গাথা

সেউজীয়া  পুৱাটোতে

মই বিচাৰিছিলোঁ এখন হৃদয় হ'বলে।

এখন হৃদয়।

আৰু এটি গহীন আৱেলি

মই হ'ব বিচাৰিছিলোঁ এটি নাইটিঙ্গেল।

এটি নাইটঙ্গেল।

(আত্মা, 

পৰিৱৰ্তিত হ'ল সুমথিৰা ৰঙলৈ।

আত্মা,পৰিৱৰ্তিত হ'ল প্ৰেমৰ ৰঙলৈ।)

শুভ্ৰ পুৱাটোত

মই বিচাৰিছিলোঁ মই হ'বলৈ।

এখন হৃদয়।

আৰু গধূলিৰ শেষত

মই হ'ব বিচাৰিছিলোঁ মোৰ কণ্ঠস্বৰ

এজনী নাইটিঙ্গেল।

আত্মা, 

পৰিৱৰ্তিত হ'ল সুমথিৰা ৰঙলৈ।

আত্মা,

পৰিৱৰ্তত হ'ল প্ৰেমৰ ৰঙলৈ।

ড
লেখকৰ পৰিচয়

ড° ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)