৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গৰুখুঁটি চাপৰি

লেখকঃ কিশোৰ বড়ো • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ৯৯১ বাৰ পঢ়া হৈছে

কিশোৰ বড়ো

 

ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল

গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল

... শুনক শুনক শুনক

 

এটা টিলিঙা

টিলিঙাটোত নপৰিল চাৰিডাঁৰৰ ডবাদাৰী হাত

 

তেনেতে শুনিলোঁ মছজিদৰ মাইকটো বিকল

আৰু দেখিলোঁ জুইত জাহ যোৱা কোৰআনৰ ফৰমান

চূৰা-আয়াত

 

এটা মাইক

স্পীকাৰত নপৰিল ছিজদাহৰ ইমামতি মাত

 

তেনে পৰতে দৌৰাদৌৰি, ব্যস্ততা বাঢ়িল

ধুমকলা মানুহ এজনে বৰ্ণনা কৰিলে শ্ৰৱণ চিঞৰ

অন্ধ মানুহজনে দেখুৱাই থাকিল দৰ্শনমালা

আৰু তাৰ চকুৰ চাপৰিৰ খহনীয়া

 

এনে দৃশ্যপট আহিলেই শুনো

পুৰণি কেছেটৰ একেই যুগান্তৰ গান

সেই গানৰ গোলাপী নিচাত বুৰ মাৰি

চিৰৰুগীয়া মোৰ আইৰ সোণালী প্ৰতিমা

 

ইপাৰে তুমি, সিপাৰে মই

মাজত তৰ্জনী আৰু বুঢ়া আঙুলিৰ নাওখেল

আৰু এখন পাৰঘাট নোহোৱা নৈ

চতুৰ পথিকে ইয়াৰ মাজেদিয়ে সাজি লৈছে

সুৰংগ সুচল নৈ-বাট

 

গৰুখুঁটি চাপৰি

ইয়াত জ্বলি আছে নেলীত বুৰা বেলিৰ অস্থি৷

ক
লেখকৰ পৰিচয়

কিশোৰ বড়ো

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)