৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীৱন, বাঘচোৰ ইত্যাদি

লেখকঃ লুইত কিৰণ দাস • প্ৰকাশিতঃ ৩০ মে’, ২০২১
২ মিনিট পঠন • ১৯০৮ বাৰ পঢ়া হৈছে

লুইত কিৰণ দাস

‘‘আই ঐ খালে ঐ খালে

গৰুটোক বাঘে নিলে...’’

বাঘ খেদিবলৈ গৈ নাপালে বাঘ নাপালে গৰু

তাইক পলুৱাই নি নৈপাৰত নতুন এটা চৰু।

সেই দিনা আছিল শনিবাৰ ৷ হালখটি৷

সেইদিনা আছিল অসম বন্ধ। হাজিৰাত ঘাটি৷

সেইদিনা আছিল চ’তৰ শেষৰ ৰাতি। প্ৰেমে নামানে জাতি।

ঠৰ্‌ ঠৰ্‌ জাৰ

ঢলপুৱাই ঢাপলি মেলি দৌতিয়ে দাঙেগৈ উভটি, মেলেগৈ চেপা

গাইজনীৰ ওহাৰ ফুলি মাটি চোওঁ মাটি চোওঁ

জেঙৰ জিকাই ওফোন্দ পাতে আমি কেনি যাওঁ৷

পলুৱাই নিলে যি নিলে পিতাই মোৰ মাক

পিঠিত লৈ লৈ দুখৰ নৈ কন্দা নাই কোনোদিন

দেখা নাই চকুত চকুপানী, ওঁঠত শোক৷

চেনি‍পুঠিয়ে বাগৰি পানীবিজুলী মাৰিছে

তোৰ বেজাৰত মোৰ বুকুৰ বৰফ খহিছে

পিতাই বোলে ‘‘হেৰৌ গুলি মাৰৌ জাত-পাত’’

তোকো যে ভাল পালোঁ মূৰত ধৰি শপত খালোঁ

কথা যে দিলোঁ নাযাওঁ এৰি দূৰলৈ

অ’ মোৰ পিতা তুমি মোক সাহসী কৰিলা

মৈয়াই সমান কৰিলা আমাৰ পথাৰ।

‘আজি চ’তৰ শেষ ৰাতি৷ তোমাৰ পুতেৰাই উজাগৰে লিখিছে

তোমাৰেই কবিতা

লাঙিজালৰ পাক ভাঙিবলৈ শিকি ধৰিব পাৰিছে

মোৱা পুঠি খলিহনা

সেলেঙি সনা ওঁঠেৰে তোমালোকে আমালৈ চাই কৰিছা

মিচিক মাচাক 

‘‘আই ঐ গৰুজনী বাঘে নিলে...!’’

আৰু মই জেপৰ পৰা সোৱঁৰণীৰ টেমাটো খুলি

চোতালত সিঁচি দিছোঁ

তিতা, মিঠা, টেঙাৰ হেজাৰ স্মৃতি...৷

ল
লেখকৰ পৰিচয়

লুইত কিৰণ দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)