৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কণ্ঠবোৰ এনেদৰেই হেৰাই যাব নেকি

লেখকঃ দীপিকা শইকীয়া • প্ৰকাশিতঃ ৩০ মে’, ২০২১
৩ মিনিট পঠন • ৩২০০ বাৰ পঢ়া হৈছে

 দীপিকা শইকীয়া

“হাতো নেমেলিবি ফুলো নিছিঙিবি

      ক’ৰে নাৱৰীয়া তই’’

        

      কেনেকৈ চেপিছ, খুন্দিছ

      তই কোন ক’ৰেনো হয়

       চৌদিশ গুঁইমেলাৰ দৰে

       ৰহস্যময়!

 

       ৰজাঘৰীয়া জোৰণত

       তামোল-পাণ নাই

        সাউদৰ বণি‍জ

        বৰপথাৰৰ ৰং

        তৰা মেলা, বৰজোনৰ আকাশ

        জোনাকৰ জোলা

        হাঁহিৰ জুনুকা

         ছন্দত গন্ধময়

          খৰালি, বাৰিষা

           কণ্ঠত মাথোঁ মৌসৰা দিয়া

 

   হাত মেলি ফুলবোৰ কোনে ছিঙিলে!

   চেপি,খুন্দি খাইছে কোনে

      মঙহাল বঙহৰ কলিজা!

      পোৰণি‍-দেৰণি‍ত দেহা চটেফটাই

 

   মাথোঁ শংকা আৰু ভয়

   কণ্ঠবোৰ এনেদৰেই হেৰাই যাব নেকি!

দ
লেখকৰ পৰিচয়

দীপিকা শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)