৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীয়াসুঁতি

লেখকঃ চন্দ্ৰ কুমাৰ বড়া • প্ৰকাশিতঃ ২৯ অক্টোবৰ, ২০২১
২ মিনিট পঠন • ১৯০৭ বাৰ পঢ়া হৈছে

(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত)

চন্দ্ৰ কুমাৰ বড়া

পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ

ভোকত কাতৰ

কণ্ঠত নিফুট মাত

পিয়াহত আতুৰ

ভোকাতুৰ

বৃদ্ধজনে পান কৰিছে

এটি শীতল স্তনৰ দুগ্ধ

তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত

ভাহি আহিছে

ঢৌ তোলা উচুপনিৰ ধ্বনি এটা

শিশু এটা শুই আছে

বাউসি এটাৰ সপোন জলঙাত

তাই আছিল অভিশপ্ত

সেই স্তনৰ গৰাকী

প্ৰাচীন ৰঙেৰে ইমান নিজান

নিজান ৰঙেৰে ইমান প্ৰাচীন

প্ৰাচীনৰ মাজেৰে ইমান প্ৰহৰ

প্ৰহৰৰ মাজেৰে ইমান অৰ্বাচীন

ক্ৰমাৎ

গধুৰ হৈ আহিছে স্তনৰ ভাৰ

কাৰো কাকো একো সোধা হোৱা নাই

আন্ধাৰতে সাঁচি ৰখা পিতাকৰ কথাবোৰ

বুটলিছে আন্ধাৰতে তাই

গধুৰ দুচকুৰে

আন্ধাৰতে এৰি থৈ

এটা জীয়াসুঁতি

তাই উভতিছে ঘৰলৈ

(বি: দ্ৰ:  কবি ৰফিকুল হোছেইনৰ ‘নিজানত‘ শীৰ্ষক কবিতাটোৰ অনুপ্ৰেৰণাত)

ঠিকনা:

দ্বিতীয় মহলা, ৰজত দাস ভৱন,

মিলন নগৰ, ভি. আই. পি. ৰোড

ডাক: বিমান বন্দৰ

গুৱাহাটী --৭৮১০১৫

দূৰভাষ: ৬০০০৩০৭৫৯৮
চ
লেখকৰ পৰিচয়

চন্দ্ৰ কুমাৰ বড়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)