৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মকৰাজাল

লেখকঃ আবেদুৰ ৰহমান • প্ৰকাশিতঃ ১৭ জুলাই, ২০২১
২ মিনিট পঠন • ২৬০৪ বাৰ পঢ়া হৈছে

আবেদুৰ ৰহমান

 

মোৰ শোৱনি কোঠাৰ বেৰত

গা-ধোৱা ঘৰত

আনকি বাৰাণ্ডাখনৰ খুঁটাবোৰতো

মকৰাই জাল বান্ধিছে

 

পত্নীৰ খেচখেচনি

এনেদৰে দিনৰ দিনটো বিছনাখনতে পৰি থকাতকৈ

জালবোৰনো নুগুচায় কিয়? জালেই জাল তৰা সময়ত

জালেই জাল তৰা দেশত

পত্নীৰ কথাবোৰ শুনি হাঁহি উঠে

 

তৰোঁতাই তৰি আছে জাল জালত পৰিবলৈ বিজ্ঞাপন দিছে

জালত ফচিবলৈ প্ৰচাৰ চলিছে

 

আপোনাৰ আগফালে জাল

পিছফালে জাল

সোঁৱে জাল

বাঁৱে জাল

 

আপুনি জালত লাগিছে

আপোনাৰ মন মগজু জালৰ ভিতৰত

শক্তিশালী বুলি ভবা হাত ভৰি আনকি আপোনাৰ আৱেগ বিবেকো জালত বন্দী

অলসভাৱে বিছনাতে পৰি তন্ময়তাৰে চাই আছোঁ

মকৰাই নান্দনিকতাৰে সজোৱা প্ৰতিখন জাল

 

হঠাতে নিজকে আৱিষ্কাৰ কৰিছোঁ তেনে এখন মকৰাজালেই মোক এফালৰ পৰা গিলি আহিছে

জাল এৰুৱাই উঠিব খুজিছোঁ

মোৰ চলমান হাত-ভৰি ক্ৰমে জঠৰ হৈ পৰিছে

মই জালত ফচি চটফটাইছোঁ

 

যিদৰে হাজাৰজন জালত পৰি ককবকাই আছে


ফোন :  ৯৩৬৫৪ ৪৮৩৬১

আ
লেখকৰ পৰিচয়

আবেদুৰ ৰহমান

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)