৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মাটি

লেখকঃ অত্ৰেয়ী গোস্বামী • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২০
২ মিনিট পঠন • ২৯৯৫ বাৰ পঢ়া হৈছে
অত্ৰেয়ী গোস্বামী
 
বায়ু আৰু পানীৰ দৰে
 
এক নিখুঁত সত্য—
 
মাটি৷
 
সকলোৰে আদি স্থিতি
 
সকলোৰে ইতিবৃত্তি
 
সংগোপনে শুই থাকে মাটিত৷
 
 
কোনেও নাজানে মাটিৰ ভৰ
 
সকলোতে কেৱল মাটিৰ দামদৰ৷
 
 
উস্‌-আস্‌ নকৰা  
 
ইমানবোৰ বোজা মাটিৰ পিঠিত!
 
 
জীৱ-জড় অথবা
 
মাত-অমাত,
 
পাপ-পুণ্য আনকি 
 
অপাপ-অন্যায়ৰ এক অলিখিত 
 
ইতিহাস সামৰি থোৱা আছে
 
মাটিৰ বুকুত৷
 
 
আদম-ইভৰ পূৰ্বজ কাহিনী
 
মহৰ্ষিৰ অভিষন্ধি,
 
যদুবংশৰ বিনাশ
 
গান্ধাৰীৰ অভিশাপ৷
 
গন্ধমাদন পৰ্বত, বিষল্যকৰণি
 
হনুমানৰ ঈশ্বৰভক্তি,
 
সকলোৰে সাক্ষী
 
সেই একেখিনিয়েই মাটি৷
 
বিহলঙনিৰ পৰা অমৰলতালৈ
 
নাৰিকলৰ পৰা কাঠফুলালৈ
 
বৰষুণৰ পৰা ৰ’দলৈ
 
ভূঁইকঁপৰ পৰা লাভালৈ...
 
বোজাৰ উপৰি বোজা
 
একালৰ মাটি একালত পৰে ছন
 
বুঢ়া লোকৰ কথা কোনে কৰে তং?
 
 
মাটি নিমাত, মাটি নিস্তব্ধ
 
মাটি অসহায়, মাটি নিৰ্বিকাৰ৷
 
আহক, আকৌ এবাৰ কঠা হিচাপ কৰোঁ
 
এলোচা, দুলোচা এতিয়া ক’ৰবাতে এৰোঁ৷
 
 
 
মাটি মাটিয়েই, মাত্ৰ পাঁচ হাত৷
 ---------------------
তিতাবৰ,যোৰহাট 
ভ্ৰাম্যভাষ: ৯১০১৫৩৫৭৭৩
শ্ৰব্য ৰূপ
অ
লেখকৰ পৰিচয়

অত্ৰেয়ী গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)