৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মিকেলেঞ্জেল'

লেখকঃ বিপুল কুমাৰ দিহিঙীয়া • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২০
২ মিনিট পঠন • ১৯৪০ বাৰ পঢ়া হৈছে
(উৎসৰ্গঃ নীলপৱন বৰুৱা)
বিপুল কুমাৰ দিহিঙীয়া

ঠিক দুপৰ নিশাৰ কথা
যীশুক ক্ৰুচত দিয়াৰ পাছত
জেৰুজালেমত পোহৰ। ৰঙা পোহৰ
ওখ ওখ পাইন গছবোৰে মাজৰাতি
নিচুকাৰ পাছত কাষতে পৰি থকা
জঠৰ শিলাবোৰে ক'লে--
কোনে কোনে অ' তহঁতৰ টোপনি কাঢ়িল
মাইকেলেঞ্জেলো।
শিলাবোৰ এইবাৰ কঁপিল ঠক্ ঠককৈ
নিয়ৰৰ টোপালবোৰে ক'লে--
তহঁতক জীৱ দিব
কঁপ কিয়?
আন্ধাৰত পোহৰৰ বিন্দু এটা হৈ
মোৰ বন্ধু মাইকেলেঞ্জেলো আগবাঢ়িল ক্ৰমশঃ
ডেভিদে পাৰ পালে। শিলে কথা ক'লে
পীয়েটা গাভৰু হ'ল
পাইন গছবোৰ ৰাতিপুৱাৰ ধলফাটত
সোণালী হ'ল
শিলাবোৰ কালি দেখাতকৈ
আজি অলপ হ'লেও বেলেগ হ'ল
মাইকেলেঞ্জেলো ক্ৰমশঃ
মোৰ পৰা আঁতৰি গ'ল
এতিয়া পোহৰ হ'ল
গোটেই ব্ৰহ্মাণ্ড।
শ্ৰব্য ৰূপ
ব
লেখকৰ পৰিচয়

বিপুল কুমাৰ দিহিঙীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)