৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মুখা

লেখকঃ ড° চিত্ৰজিৎ শইকীয়া • প্ৰকাশিতঃ ২৪ মে’, ২০২২
২ মিনিট পঠন • ২৩৮৯ বাৰ পঢ়া হৈছে

দেখা আৰু নেদেখা অনেক মুখা

মুখাৰ অন্তৰালতো আন এক মুখা

সবাক মুখক নিৰ্বাক কৰিবলৈ মুখা লাগে

নিজক সুৰক্ষিত স্থানত ৰাখিবলৈয়ো লাগে

একোখন মুখা

মুখা সুৰক্ষা

মুখা অস্ত্ৰ

সকলোৱেই মুখা পিন্ধে

কিছু দেখি কিছু নেদেখি

মুখা পিন্ধাটোও এক কৌশল

মুখাই সত্যক অসত্য কৰে

আৰু অসত্যক সত্য

মুখাপিন্ধাৰ প্ৰতিযোগিতাই সমাজখনক মুখৰ কৰি ৰাখে

মুখাপিন্ধাৰ সমদলে সমাজলৈ ক্ৰান্তি আনে

মুখাপিন্ধি শ্লোগান দিবলৈ ভাল

মুখাপিন্ধাই সলনি কৰে কাল

মুখাধাৰীয়ে সমাজক দিয়ে নেতৃত্ব

আনকো প্ৰৰোচিত কৰে একোখন মুখা পিন্ধিবলৈ

মুখ থকালৈকে মুখাৰ অস্তিত্ব বৰ্তি থাকে

মুখা খোল খোৱাৰ ভয়ত মুখবোৰ সচেতন হৈ ৰয়

ক্ৰমশঃ

মুখে মুখাক সুৰক্ষা দিয়ে

ঠিকনা:

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,

দুলীয়াজান মহাবিদ্যালয়, দুলীয়াজান-৭৮৬৬০২

ভ্ৰাম্যভাষ - ৭০০২৪৮৪৫২২

ই-মেইল – chitrajitsaikia@gmail.com

ড
লেখকৰ পৰিচয়

ড° চিত্ৰজিৎ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)