৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পান্থশালাত এদিন চিত্ৰকৰ

লেখকঃ জ্যোতি নীলিমা গগৈ‍ • প্ৰকাশিতঃ ২৪ ছেপ্টেম্বৰ, ২০২১
৩ মিনিট পঠন • ৩৭৭৯ বাৰ পঢ়া হৈছে

 জ্যোতিনীলিমা গগৈ 

(প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে - ‘যোৱাঁ, ৰং-তুলিকা সামৰি বাহিৰখন ফুৰি আহাঁগৈ৷’ বাধ্য ছাত্ৰৰ দৰে চিত্ৰকৰে এযুগৰ অন্তত মূৰ তুলি চালে আৰু তাৰ পাছত চমৎকাৰ সকলো...)

দীৰ্ঘদিন পৰশ্ৰীকাতৰ বেলিৰ সতে

খৰিয়াল আছিল চিত্ৰকৰৰ

শুকান নদীৰ গৰ্ভ খান্দি আঙুলিৰ তেজ নিগৰাই

ধুব খুজিছিল কেনভাছ আৰু তুলিবোৰ

ঘৰচিৰিকাৰ হেঁচুকনিত চিত্ৰকৰ ওলাল বেহাবলৈ

ইজেলৰ পৰা নামি আহিল শ্ৰীমতী বিষণ্ণতা

“চুলিবোৰ ফণিয়াই লোৱাঁ, জধলা” - বিষণ্ণতাই ক’লে

“হুঁ...ফণি ক’ত ? ...ফণি ?”

ফণিহীন চিত্ৰকৰ ওলাই গ’ল বিষণ্ণতাৰ হাত ধৰি ধৰি

বিষণ্ণতাই সোধে...

-       পাহাৰ এটা দেও দি অহা ভাগৰৰ ৰং কি ?

-       ৰঙা আৰু কজলাৰে মিহলি নাৰীৰ দেহৰ ৰংটি

-       এইযে আমি গৈ আছোঁ ঋতুৰ নিৰ্জনতাক খেদি

এই যাত্ৰাৰ ৰং কি ?

-       ঢলি পৰা সূৰ্য যেতিয়া ক্ৰন্দনৰতা নাৰীৰ চকুত বুৰিব, সেই ৰংটি...

পাহাৰৰ সিপাৰে নামনিৰ পান্থশালাত

চিত্ৰকৰ আৰু শ্ৰীমতী বিষণ্ণতা মুখামুখিকৈ বহে

সন্মুখৰ কাঁচৰ প্লেটত এটা গলি যোৱা বেলি...

হঠাত চিত্ৰকৰে চিঞৰি উঠে

-       এই বিষণ্ণতা, শুনা

  এই বেলিক তুমি বুকুত ধাৰণ কৰাঁ

  বৈ পৰা অগ্নিকণাক পান কৰি

  জ্বলি পুৰি যন্ত্ৰণাত দগ্ধ হোৱা

  এয়াই হ’ব মোৰ মাষ্টাৰপীচ্

এছাটি বিজুলীৰ দৰে শ্ৰীমতী বিষণ্ণতা হনহনাই উলাই গ’ল

কৈ গ’ল - তোমাৰ বাবে মই শিল হ’লোঁ সাপ হ’লোঁ

          ক’লা আৰু কজলাৰে বুলাব পৰা সমস্ত বিষাদ হ’লোঁ

          কেৱল নাৰী কিয় ?

          শিল্পৰো আছে মহানিৰ্বাণৰ অধিকাৰ...

          হে শিল্পী ..মানুহ আঁকা

          গলিত বেলিয়ে পুৰি নিয়া মানুহ

          কেৱল মানুহ ...

জ
লেখকৰ পৰিচয়

জ্যোতি নীলিমা গগৈ‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)