৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এতেকে তেওঁ মোৰ

লেখকঃ নীলাভ সৌৰভ • প্ৰকাশিতঃ ৮ জুলাই, ২০২২
২ মিনিট পঠন • ২১৫০ বাৰ পঢ়া হৈছে

নীলাভ সৌৰভ

এদিন এজন সাধুবাবাই বাটতে  

মোৰ দেউতাক লগ পাই ক'লে—

তোমাক মই এপদ সামগ্ৰী দিম

তুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিব

যদিহে তুমি এই পৰীক্ষাত সফল হোৱাঁ 

তেন্তে তুমি সম্পূৰ্ণ নিজৰ সম্পদ এবিধ লাভ কৰিবা

নিজৰ ধৰণে ব্যৱহাৰ কৰিব পাৰিবা

দেউতাই সুধিলে— কৈনেকৈ কঢ়িয়াব লাগিব

তেওঁ ক'লে যেনেকৈ তুমি তোমাৰ মূৰটো

নাক কাণ চকু

মুখ বুকু পেট

আৰু যৌনাংগ কঢ়িয়াই ফুৰিছা তেনেকৈ

দেউতাই ভাবি চিন্তি উত্তৰ দিলে—

তিনিমাহ

বৰ অসুবিধা হ'ব, পৰা নাযাব

মনতে ভাবিলে, কি বা সম্পদ, কামত বা আহে নে নাই..

সেয়া হয়তো কোনো তুলা-তবিজৰ কথা আছিল

দেউতাই পাহৰিলে

গ'ল কথ্য গুচিল

এদিন দেউতাই কিবা ভাবি থাকোঁতে হঠাতে কথাটো মনত পৰিল

কিবা এটা পৰিকল্পনা কৰি 

একেটা কথাকে মাক সুধিলে

মাই বিহু নৃত্যৰ চকৰি চেও এটা মৰাদি উঠি আহি সুধিলে

সঁচাকৈ 

মই সম্পূৰ্ণ নিজাকৈ কিবা এটা পাম নে

মোৰ নিজা কিবা এটা…

হয় বুলি দেউতাই শলাগিলে

যদি তেনেকুৱাই হয় তিনিমাহ কিয় 

মই তাৰ তিনিগুণ কাল কঢ়িয়াই লৈ ফুৰিম সেই সম্পদ

সিদিনা ৰাতিৰ পৰা  

ন মাহৰ পাছত 

মোৰ 

জন্ম

 ...

ঠিকনা :  

দীঘলীআটি, ৰহা, নগাওঁ (অসম)

ডাক সূচাংকঃ ৭৮২১০৩

ফোনঃ +৯১ ৮৬৪৮ ৮৯০৯০

       +৯১ ৯৪৩৫০ ০৩৮২৪


ন
লেখকৰ পৰিচয়

নীলাভ সৌৰভ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)