৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সমাপন (এটা ইক’পয়েট্ৰি)

লেখকঃ সুশান্ত বৰা • প্ৰকাশিতঃ ২১ ছেপ্টেম্বৰ, ২০২২
৩ মিনিট পঠন • ৮২৮ বাৰ পঢ়া হৈছে

সুশান্ত বৰা  

মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে,  

চুলি সামৰা ইমান সহজ হৈ নুঠে 

যেতিয়া তেওঁৰ খাৰুৰ খেয়ালে হেন্দোলনি তোলে ৰাতিৰ গাত ৷

মানুহৰ গা শুঙি পগলা হয় তেজপিয়া মহ 

আজীৱন শত্ৰু হোৱাৰ সত্তেও মহ হত্যা কৰিব নোৱৰাটো মানুহৰ দুৰ্বলতা, 

যদিও মহ হত্যা কৰাটো মানুহৰ বাবে তেনেই সহজ, 

সাধাৰণতে শত্ৰুক লাই দি কোনো মানুহেই অবোধতাৰ পৰিচয় নিদিয়ে ৷ 

অন্ধকাৰতকৈ তেওঁৰ চকুৰ ভীতিবিহ্বলতাই মোক মাৰি নিয়ে, 

মই তৰ্জনী আঙুলিৰে তেজপিয়াটোক আঁতৰাই দিওঁ 

যিটো তেজপিয়া এটা খেদাবলৈ সৰ্বস্ব নহয় ৷ 

দৃষ্টিৰ ব্যাপ্তিৰে তেওঁ মোক সোধে 

আৰু কিমান ? 

নিমাওমাও এন্ধাৰ সন্তাপৰ সানমিহলি !

কেতিয়াবা সন্তাপবোৰ ঠিক ৰু ৰু জোনাকৰ দৰে 

গলি গলি গলাই নিয়ে হৃদয় ৷

বুকুৰ চকল কাটি তেওঁক বিদায় দিয়াৰ ভীষণ ইচ্ছা জাগে যদিও 

বিৰত থাকোঁ, যুদ্ধ মোৰ উদ্দেশ্য নহয়,  

যুদ্ধ = ধ্বংস, 

যদিও ধ্বংসৰ পৰাই পৃথিৱী 

বতাহ পানী আৰু মাটি;

এনেকুৱা সৃষ্টিশীল ধ্বংস পুনৰ হওক বুলি কোনো মানুহে বুকুত হাত থৈ ক’ব পাৰেনে ?

বৰঞ্চ মই তেওঁক কওঁ, আহাঁ গছ হওঁ 

পাত সাবটি যন্ত্ৰণাকাতৰ ওঁঠেৰে তেওঁ চুমা থয়, নীলা,  

গছৰ হাত গজে এখুদমান

সন্তানৰ অসীম আকুলতাৰে গছে তেওঁক আৱৰে

গছে ভৰি মেলি গজগজাই শিপাই যায় 

মোৰ বুকুৰ পলস 

মই প্ৰাপ্তিৰ উপাসনাৰ ভৰুণ সমাপনেৰে  জনাওঁ  কৃতজ্ঞতা ৷

এতিয়া কোনে বিশ্বাস কৰিব 

গছবোৰ মানুহ ৷

                     ***

ঠিকনা : যোৰহাট 

ফোন : ৯১০১৫৩৬১০৯


স
লেখকৰ পৰিচয়

সুশান্ত বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)