৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভেকুলী সংগীত

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ২৬ মে’, ২০২৬
২ মিনিট পঠন • ৩০০৫ বাৰ পঢ়া হৈছে

 দাদুল ভূঞা


 

পানী মৰিশালিত ডুবি মৰিছে মানুহ

এবুকু, এডিঙি তাৰ পাছত গোটেইটো

 

নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি উঠা

ভেকুলী সংগীতত টোপনি যাব পৰা নাই

 

পুঁজিপতিৰ নখৰ আঁচোৰত

ক্ৰমান্বয়ে ডুবিছে পথাৰ, দেওবৰীয়া হাট

বাৰুদৰ ধোঁৱাত নিৰ্মেঘ আকাশ

ছাই, টায়াৰ পোৰা গোন্ধ, প্ৰতিবাদৰ দীঘলীয়া মিছিল

 

জুইৰ কুকুহা হৈ উৰি আছে

কেৱল নিৰ্জনতা

 

দুখ নকৰিব,

ইয়াত ৰ’দ দিলেও মানুহে হাঁহিব নাজানে

বৰষুণত প্ৰতিবাদ কৰিবলৈ সাজু হৈ নাথাকে ছাতি

 

দৰ-দাম, ঘোঁৰা কিনা-বেছাত চলি থাকে দেশৰ ৰাজনীতি

জাতীয়তা বুলি দাবী কৰিবলৈও ভাগ ভাগ ভেকুলী সভা

স্থায়িত্ব বুলি দাবী কৰিবলৈও ভাগ ভাগ ভেকুলী সংগীত 

 

এনে সময়তো ঘোৰনিদ্ৰাত

আপুনি

মই

 

বোকা ধেমালিত প্ৰজন্মৰ উতনুৱা বতাহ

জিম মৰিছনৰ দৰেই ইয়াতো কণ্ঠশিল্পীৰ উন্মাদনা, হট্টগোল

শ্মশান যাত্ৰাত কজলা সময়, জুইৰ জুমুঠি লৈ ৰৈ আছে চণ্ডাল

 

চোৱাঁ আই,

কেনেদৰে ডুবিছে, গেলিছে, মৰিছে ক্ৰমান্বয়ে

আৰু

এই অমানিশাৰ ৰাতি

ভেকুলী সংগীতত সহজে টোপনি যাব পৰা নাই

 

জাগি থাকি

ভাবি আছোঁ দেশ, দুনিয়াৰ কথাবোৰ

  

(বিঃদ্ৰঃ---- জিম মৰিছন এজন আমেৰিকান সংগীত শিল্পী)

 

***

  

ভ্ৰাম্যভাষ- ৯৮৫৯২৮৯৩২৫/৮৬৩৮৭১১৯৭৯

ই.মেইলঃ-dadul.bhuyan@gmail.com

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)