৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাটৰ মালিতা

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২৩
২ মিনিট পঠন • ৯২৪ বাৰ পঢ়া হৈছে

 উদয় কুমাৰ বৰুৱা

বাটটো মসৃণ নহয়

তথাপি যাবই লাগিব

মোৰ আগতেও গৈছে বহুজন

পাছতো যাব কতজন

বিকল্প যেতিয়া নেথাকে

ৰ’দ-বৰষুণ ধুমুহায়ো 

ৰখাব পাৰে জানো কদাপি

যাব খোজাজনক

বাটৰুৱাৰ বিৰক্তিবোৰো বাটটোৱে নিৰ্বিবাদে মানি লয়

পিছে গতিশীল সময়ৰো সময়ত ভাগ্যৰ চকৰি ঘূৰে

খলা-বমা বাটটোও এদিন পকী হৈ মসৃণ হয়।

গুণ-গৰিমাৰ প্ৰলেপৰ তলত বিৰক্তিবোৰ ইতিহাস হয়।

স্মৃতিকাতৰতাইহে বাটটোৰ মন  মাজে মাজে মেঘাচ্ছন্ন কৰে।

(কোনেনো লয় বাটৰ মনৰ খতিয়ান নিজ স্বাৰ্থৰ উৰ্ধ্বলে গৈ)

কেৱল বাটৰ কাষৰ গছবোৰৰ নীৰৱ চকুলো ভাপ হৈ উৰে

এই বাটতেই লীন গ’ল হাজাৰ জিলিৰ মাত, নীৰৱতাই চুমি গ’ল ৰি-ৰি ৰ’দৰ শূন্যতা

অদেখালে গুচি গ’ল অলেখজন মনত মিশ্ৰিত অভিমান লৈ

অলিখিত হৈ ৰ’ল

বহুৰঙী জীৱনৰ কত মৃন্ময় লগ্ন গছবোৰৰ নিশাহ আৰু

প্ৰসাৰিত চেঁচা ছাঁবোৰত

বহুদিন হ’ল সেই বাটে মোৰ নোযোৱাৰ

মাথোঁ এটা অজুহাত পালেই আকৌ যাম সেই বাটেৰে

য’ত মোৰ অযুত স্মৃতিৰ বসতি।  তমসা ভাঙি নিজৰ ভিতৰলে ঘূৰি যোৱাৰ অলেখ হাবিয়াস

বোধহয় আপোনাৰো !!

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)