৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এৰাল

লেখকঃ আকাশ দীপ্ত ঠাকুৰ • প্ৰকাশিতঃ ৩১ জানুৱাৰী, ২০২৫
৩ মিনিট পঠন • ১১৭২ বাৰ পঢ়া হৈছে

 আকাশ দীপ্ত ঠাকুৰ

কথাবোৰত লেকাম লগাব পাৰিলে ভাল

টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে

মুখ বাগৰা একো একোটা গান

কথাবোৰত এৰাল দিবলৈ টান

জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ

গা-ভাৰী হয় কথাবোৰ

বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি

সময়ে এৰাল দিয়া মনটো

মনৰ ভিতৰৰ হেঁপাহবোৰ

বতাহত ওপঙি ফুৰিব খোজে

সূতা এডালৰ এমূৰে ওপঙি ফুৰা

সময়ে সময়ে খহি পৰা চিলাখনৰ দৰে

উমান পাবলৈ টান–চিলা...নে চিলনি/

মূধচত এসাগৰ নীলা

নীলাবোৰ কজলাও হয় কেতিয়াবা

এৰালছিগা অনুৰাগ উৰিব খোজে কমোৱা তুলা হৈ

আকালো নাই, নাই ভঁৰাল

পিছে তুলাবোৰে নামানে এৰাল

চিনিবই নোৱাৰোঁ–তুলা নে মেঘ

এৰালত মন এৰালত পণ

এৰালত ক্ষণ এৰালত জীৱন

শৰীৰটো সোমাল গৰালত

ভাবনাত উকমুকনি মাথোঁ–গৰাল নে গঁৰল

বছৰটোত এদিন বতাহত ঢপঢপায় স্বাধীনতাই

এৰালৰ এমূৰে স্বাধীনতা

পতাকাই নুবুজে ভোক

নুগুচে দুখ নুনুমায় শোক

চকুত চকু থৈ পোনাকণে সোধে–পতাকা নে বিচনী?

ঔফুলীয়া সপোন, নৈপৰীয়া দাপোণ

আঁহফলীয়া গহৰাগজা আপোন আৰু...

শেলুৱৈগজা এই জীৱন

সমিধান পাবলৈ নাই–জী থকাটোৱে জীৱন

নে সলনি নোহোৱা বৰণ

কোনে জানো গুণগুণাইছিল এদিন–

অভিমানী ফাগুন...কেঁচাসোণ নে আঘোণ

জুয়ে পুৰি নিয়া বতাহ

জ্বলি ছাই হোৱা আকাশ

নীলা গঁৰল বয়...এতিয়া নীলকণ্ঠী নৈ

অবুজ ভাবনা মাথোঁ–নৈ নে পালবিহীন পানচৈ

আই-পিতায়ে এদিন ভাবিছিল--পাখি গজিল তাৰ

উদঙীয়া জীৱন...বৰ আহুকাল

কৈছিল সেয়ে–‘চাই যাওঁ তোৰ সংসাৰখন

ঘৰ ভৰিলেহে ভৰি থাকিব ভঁৰাল’

এতিয়া ভাবি থাকোঁ নিৰলে–ঘৰ-ভঁৰাল নে

কাহানিও নিছিগা এৰাল

লেখকৰ ঠিকনা ঃ

আকাশ দীপ্ত ঠাকুৰ

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট - ৰ

ভ্ৰাম্যভাষ ঃ ৮৬৩৮১৬৭৬৩০

আ
লেখকৰ পৰিচয়

আকাশ দীপ্ত ঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)