৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এটা মেটাফৰিক কবিতা

লেখকঃ শিখা গোস্বামী মহন্ত • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২১
২ মিনিট পঠন • ৯০৯ বাৰ পঢ়া হৈছে

শিখা গোস্বামী মহন্ত


“O My Love’s Like A Red, Red Rose”

Robert Burns


কবিতা এটা লিখিবলৈ নিৰাই লওঁ

চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল

ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই


বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত

সহজ নহয় সহি থকা বগা ভাতৰ ক্ষুধা

সকলো জানিও ভাৰস্তৰ ভূ নোপোৱা মানুহৰ দৰে

মেটাফ’ৰ বিচাৰি হাহাকাৰ কৰো জীৱনৰ


ফুল চুই নোপোৱা হাজাৰ শিশুৰ ফুল ফুল চকু

এন্ধাৰত টলবলাই ফুৰে

পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰ মোৰ চকুত এখন ৰূপোৱালী কাঁহি হৈ ভাঁহি উঠে

মোক অস্থিৰ কৰি পেলাই নিগনি এটাই কুটি কুটি

ৰাতিৰ ৰাতিটো সপোন সোমাই অহাৰ সেই বাট

ৰাতিৰ সকলো ৰং


পোহৰত সলনি হয় সকলো

পোহৰে সলনি কৰে সকলো

চকুৰ আগত পোহৰে দাঙি ধৰে এটা বেংছতা

আৰু ভেঁকুৰে ধৰা এখন শুকান ৰুটি

পুৱাৰ আৰতিৰ ধুনা আৰু ধূপৰ ধোঁৱাত এটা গোলাকৰ অৱয়ব হৈ ধৰা দিয়ে

মোৰ কবিতাৰ ঈশ্বৰ…


ভ্ৰাম্যভাষ : ৮৬৩৮৩১৪২০৮


শ
লেখকৰ পৰিচয়

শিখা গোস্বামী মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)