৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ক’লৈ গ’ল

লেখকঃ মানস প্ৰতিম দত্ত • প্ৰকাশিতঃ ২২ ডিচেম্বৰ, ২০২৫
২ মিনিট পঠন • ৩৯৭৯ বাৰ পঢ়া হৈছে

(পাৰিপাৰ্শ্বিক কবিতা )

মানস প্ৰতিম দত্ত

কোন ক’লৈ গ’ল 

মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী

পৃথিৱীৰ ভৰিৰ তলত 

মানুহৰ ছাঁ আছেনে ?

চৰাইবোৰ ক’লৈ গ’ল? 

পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত

স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। 

নদন-বদন খেতি ক’লৈ গ’ল

পোকে ভৰা পথাৰত বিষৰ গোন্ধ এৰি 

সেউজীয়া সপোন

নিশাৰ চাকৈ-চকোৱা হ’ল।

গছবোৰ ক’লৈ গ’ল? 

খিলখিল শিশুৰ হাঁহি 

মিচিকীয়া প্ৰেমিক-প্ৰেমিকাৰ

শীতল ছাঁ

বতাহ ধৰি ধৰি পাতবোৰ সৰি গ’লনে?

পাতবোৰ নাই!

উষ্ণ অট্টালিকা

উষ্ণ মৰুভূমিৰ নীৰৱতা।

নদীখন ক’লৈ গ’ল? 

জোন-বেলিয়ে নিতে সাজোন কাচোন কৰি

আইনা সজা নদীখন ক’লৈ গ’ল?

পানীবোৰো  ক’তোৱে নাই?

মাছৰ সোণালী ফিছাৰ সপোন খেদি 

বালিৰ বিশাল সমাধিত

মৰা মাছৰ হাঁহিৰ ফচিল।

হাঁহি-তামাচেৰে গুচি যায় সময় 

পেটত ভোক 

সমুখত খৰাং। 

চিঞৰ-বাখৰ, উপদেশ, অনুনয় 

সকলো বতাহত মিলি যায়

মাটিৰ পৰা উৰা ধূলি

আকাশত হেৰায়নে আজি।

হাতে-কামে কৰিবলৈ আমি ব্যস্ত 

চুলিৰ সমান সময়ৰো অভাৱ

মাটি নাই, পানী নাই, গছ নাই, চৰাই নাই।

আমি জানো আছোঁ ?

সৌৱা মৰুৰ ওপৰত

দিনে দিনে ডাঙৰ হৈ  অহা

অপৰাধবোধৰ ছাঁ 

পৃথিৱীৰ শেষ মানুহজনে বিশাল অট্টালিকাত বহি

শেষ উশাহকণ লৈ চাই আছে

আজিৰ মানুহৰ  পৃথিৱী।

ম
লেখকৰ পৰিচয়

মানস প্ৰতিম দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)