৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সভ্যতা

লেখকঃ প্ৰশান্ত মিশ্ৰ • প্ৰকাশিতঃ ২২ ফেব্ৰুৱাৰী, ২০২২
২ মিনিট পঠন • ১৪৯২ বাৰ পঢ়া হৈছে

প্ৰশান্ত মিশ্ৰ 

আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা 

পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিল

আমি তলসৰা বিচাৰি গৈছিলোঁ

কোনেও কেতিয়াও নভবা এটি প্ৰশ্ন

এদিন লগৰ কণমানি এটাই সুধিলে

"তেঁতেলীজোপা কোনে ৰুইছিল"

কোনেও ক'ব নোৱাৰিলে সেই কথা

পাহৰি গ'ল সকলোৱে কোনে ৰুইছিল তেঁতেলীজোপা

পাহৰা নাছিল ৰোৱা মানুহজনৰ নাতিয়েকে

নাতিয়েকজন আমি পঢ়া স্কুলখনৰ প্ৰধান শিক্ষক

তেঁতেলী খাই ভাল পাইছিল তেখেতৰ ককাদেউতাকে

কথাষাৰ মোক ক'লে মোৰ দেউতাই

সৰুতেই আইতাৰ মুখত শুনা

তেঁতেলী অনেকেই ভাল পায়

তেঁতেলী বৰ উপকাৰী

সেয়ে নিজৰ বাৰীত নলগাই

ৰাজহুৱা ঠাইতেই ৰুলে

ৰাইজখনে খাব বুলি

এটা অনুভৱ এটা চিন্তা

বহুদিন পাৰ হৈ গ'ল

তেঁতেলী সময়-সাক্ষী হৈ ৰল

নিজান চুবুৰীত মানুহ বাঢ়িল

তেঁতেলী সকলোৱে খালে

বহু মানুহ চহৰলৈ গ'লগৈ

তেঁতেলীজোপাৰ গুণগান চহৰতো গালে

এদিন গাঁৱৰ ৰাস্তা বহলাবলৈ আহি

ঠিকাদাৰে তেঁতেলীজোপা কাটি পেলালে

সেইদিনা কাৰো মুখৰ মাত নাই

পকী আলিবাট কাকনো নালাগে

কিন্তু গাওঁখনৰ নাম তেঁতেলীমুখ

য'ত এজোপাও তেঁতেলী নাই

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট

প
লেখকৰ পৰিচয়

প্ৰশান্ত মিশ্ৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)