৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নষ্ট সময়ৰ ইলিজি

লেখকঃ প্ৰজ্ঞাপাৰমিতা বৰুৱা • প্ৰকাশিতঃ ৯ এপ্ৰিল, ২০২৪
৩ মিনিট পঠন • ১২৬৫ বাৰ পঢ়া হৈছে

                       প্ৰজ্ঞাপাৰমিতা বৰুৱা

এদিন তেওঁ ক'লে-

আমি এৰাতিৰ বাবে সৌ পাহাৰৰ চূড়াটোলৈ যাম 

গছ আৰু আন্ধাৰৰ স'তে গান গাম, খেলিম, হাঁহিম আৰু কথা পাতিম...বহুত কথা। 

ইজনে সিজনৰ চকুলৈ চাই চাই পঢ়িম চকুৰ সিপাৰৰ অনেক দেওলগা সাধু, অনেক বুৰঞ্জী

এখিলা দুখিলাকৈ পাতবোৰ সৰি থাকিব গছৰ, বুকুৰ... 

এটি দুটিকৈ তৰা... 

কথাবোৰ বৈ থাকিব নিজৰাটোৰ কাষেৰে। 

ঘাঁহ আৰু মাটিৰ কিযে অমিয়া সুগন্ধ।

 আমি মাটিৰ উজ্জীৱনেৰে,শুই শুই আকাশলৈ চাম আৰু আকাশখনেও আমালৈ চাই থাকিব ওৰেটো নিশা।

মুকলিকৈ কোৱা হ'ব সকলো গোপন গল্প... 

ৰাতিৰ গল্প,

আন্ধাৰৰ, পোহৰৰ, জীৱনৰ। 

মুকলিকৈ খোৱা হ'ব প্ৰতিটো চুমা। 

ইমানবোৰ হোৱাৰ পিছত টোপনি নাহিবৰে কথা। 

সিদিনা পাহাৰটোকো শুবলৈ  অনুমতি দিয়া নহ'ব।

নৈখনেও শুনিব লাগিব আমাৰ সকলো কথা, কোনেও কেতিয়াও নপতা, কোনেও কেতিয়াও নুশুনা। 

সিদিনা নৈখনৰ চুলিত তেল সানি দিয়াৰ কথা,

সিদিনা নৈখনক গা ধোৱাই দিয়াৰ কথা, 

কেনেবাকে নৈখন টোপনি গ'লে ৰ লাগি চাই থকাৰ কথা...

নৈখনক কুঁৱলীৰ সাজেৰে কাপোৰ পিন্ধাই দিয়াৰ কথা। 

সাৰ পোৱাৰ আগতেই বনৰীয়া চৰাইজাকক জগাই দিয়াৰ কথা... 

ফুলি উঠাৰ আগতেই ফুলবোৰক চুই চোৱাৰ কথা...

বেলিটোক এটা চেল্যুট জনোৱাৰ কথা। 

আৰু বহু কথা... 

ইমানবোৰ কথা পতা হোৱাৰ পিছতো, ইমানবোৰ কাহিনী পাৰ হৈ যোৱাৰ পিছতো, ইমান মৃত্যু আৰু ইমান জীৱনৰ পিছতো, ইমান প্ৰেম আৰু ইমান অপেক্ষাৰ পিছতো, ইমান দূৰত্ব অথচ ইমান কাষতে থকাৰ পিছতো

যেতিয়া কথাবোৰ কথা হৈ নাথাকে... 

কথাবোৰ তেতিয়া আন্ধাৰৰ বৃত্ত এটাৰ মাজত ঘূৰি থাকে অহৰহ...কৃষ্ণগহ্বৰৰ বেদনা হয়, 

অৰ্থহীন হৈ হাহাকাৰ কৰে, ছিটিকি পৰে, উফৰি পৰে । 

কথাবোৰ ক্ৰমান্বয়ে শুকাই, কথাবোৰ ক্ৰমান্বয়ে মৰে

কিন্তু নজহে। 

কথাবোৰ কবৰ এটা হৈ শুই থাকে বুকুতে নিৰৱে নিতালে 

তেতিয়াও

এখিলা দুখিলাকৈ পাতবোৰ সৰি থাকে গছৰ , বুকুৰ... 

এটি দুটিকৈ তৰা... ।

ঠিকনা :

কাৰ্বি আংলং

ফোন : ৭০০২৭২৩০১৮

প
লেখকৰ পৰিচয়

প্ৰজ্ঞাপাৰমিতা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)