৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিলিক'ছিছ

লেখকঃ স্বপ্নালী কলিতা • প্ৰকাশিতঃ ৯ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ৪০৯১ বাৰ পঢ়া হৈছে

সোণাইৰ দেউতাকৰ থাকোতে

দহোটা আঙুলিয়েই আছে

কামতো পাৰ্গত

পিছে শিলবোৰে ছাঁ দিয়াৰ পৰা

দহোটা নখেই মৃত্যুবৰণ কৰিলে

লাহে লাহে

থাকোতে কাণদুখনো আছে

নিজৰ ঠাইতে

বাটে-ঘাটে খবৰো সোধে দুই-এজনে

কাণ এখন আগবঢ়াই দিয়ে 

সোধোঁতালৈ

শিলবোৰে যেতিয়া নিজৰ আকাৰ সলায়

কুৱেৰীত সপি দিয়ে নিজক

চিঞৰি চিঞৰি কান্দিবই

সেইবুলি সোণাইৰ বাপেকে 

আমনি পালে হ'বনে 

শিলেইটো অতকাল দি আছে ছাঁ

চকুদুটাৰ বিনামূলীয়া 

অস্ত্ৰোপ্ৰচাৰ কৰাব বোলে

কথাটো ল'ৰালৰিয়ে

অৱশ্যে একেলগে সপ্তাহৰ

ৰোজ যোগাৰৰ প্ৰসংগটো

আৰু ল'ৰালৰি

সোণাইৰ দেউতাকৰ

আক্ষেপো নাই

নাই ভ্ৰুক্ষেপো

শৰীৰৰ চমকাচমক দাগবোৰৰ 

পোৰণি বৰ বেছিদিন নাথাকে

থাকে ৰংটোহে

পেটৰ পোৰণি পিছে

বৰ আহুকলীয়া

সহিব নোৱাৰি

নেদেখি 

পোৰণিৰ পাছৰ ৰং

চলি যায় সকলো

মানে চলি আছিল সকলো

শিলবোৰ

শিলৰ তলৰ জুইকুৰা

শিলৰ কান্দোন

এই আটাইবোৰ মিলি 

সোণাইহঁতৰ মূৰৰ ওপৰত ছাতি

এটা হৈছিল

দেউতাকে কৈছিল--

"সেইখনেই সিহঁতৰ আকাশ"

পিছে সোণাইৰ দেউতাকে এইবাৰ

বুকুখন একাষৰীয়া কৰিব

নোৱাৰিলে

আঙুলি কাণ আৰু চকুৰ দৰে

চিলিকণে খামোচা মাৰি ধৰিলে

বুকুত

কথাবোৰ ছাতিৰ তলৰ পৰা

আঁতৰি আহিল

সোণাইৰ দেউতাকে

সপোনত দেখিলে--

সেই খামোচাটোত

...

জুইৰ  ফিৰিঙতিবোৰ 

উৰি ফুৰিছে 

চাৰিওফালে

গগন ঠিকাদাৰে কপালৰ ৰেখা

থুপ খুৱাই 

উচ্চাৰিলে

                          ***

 চিলিক'ছিছ - চিলিকাৰ ধূলি উশাহত সোমোৱাৰ ফলত হোৱা এটা দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ। বিশেষকৈ শিলৰ কুৱেৰীত শ্ৰমদান কৰা শ্ৰমিকসকল এনেৰোগৰ স্বীকাৰ হয়।

ঠিকনা :

বৰটিং নাওশলীয়া

গোলাঘাট

স
লেখকৰ পৰিচয়

স্বপ্নালী কলিতা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)