৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নদীয়াল মানুহ আমি

লেখকঃ মি • প্ৰকাশিতঃ ২৯ জুন, ২০২৫
২ মিনিট পঠন • ২২৫৬ বাৰ পঢ়া হৈছে

মনজিত বৰা

নদীৰ জন্মৰ কথা নক’লোৱে যেনিবা

কিনো ক্ষতি নদীৰ
নদীৰ বীৰ্য বুটলিবলৈ বালিচৰৰ গৰ্ভত
নদীয়াল মানুহবোৰৰ জন্ম

আমি নদীয়াল মানুহ
চিনাকী নদীৰ সোঁতত আমাৰ জীৱনৰ সুৰ ভাহে
মাছৰ পেটত ওপজে আমাৰ সুখ
ৰূপালী ঢৌত দেও দি ফুৰে খিলখিল হাঁহি

জোন হেৰোৱাৰ সময়ত নদীৰ কথা শুনি পাৰ কৰোঁ সময়
সেই সময়কে কাণি-মুনি গধূলি বজাৰত বেচি
জীৱনক জীয়ন দিয়াৰ আখৰা কৰোঁ

নদীয়ে গোৱা গানত পেট নভৰে
টিপ চাকিৰ চিকমিক পোহৰত প্ৰজন্মই ভৱিষ্যত গঢ়াৰ
নেওতা পঢ়ে

বহু নদীয়ালৰ মৃত্যু দেখা মানুহ আমি
আকালৰ কালত পেটত আমাৰ চিনাকী গান
বালি চাপৰিত ভোক সিচা সপোন

কত যন্ত্ৰণাৰ সাক্ষী
আমাৰ উশাহ নদী আৰু শিলৰ চেপাত বন্দী
বুকু কঁপাই যোৱা মৰুভূমিহেন চাপৰিৰ বালি
শুকাই শুকাই জী থকা জন্মজাত কাউৰী আমি

নদীয়াল মানুহ আমি
তথাপি ইমানৰ পাছতো সুখী
জোনাকী পৰুৱাৰ পোহৰত ল’ৰালি বুটলি…!!

***

ই-মেইল: kaliabormonjit@gmail.com
ভ্ৰাম্যভাষ : ৬০০০৫৪১৭৯৬
ম
লেখকৰ পৰিচয়

মি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)