৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গানে কি আনে

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২৫
১ মিনিট পঠন • ৩০৩৯ বাৰ পঢ়া হৈছে

চন্দ্ৰাৱলী বৰঠাকুৰ

 

গানে কি আনে

ফুলত প্ৰাণ, প্ৰকৃতিত সাহ

সেউজীয়াত আশাৰ বীজ

সৃষ্টিশীল নৱ বাসনা।

 

গানে কি আনে

পৰাজয়ত জয়,বেদনাত প্ৰেৰণা

অসুখীক নিৰোগ

অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।

 

গানে কি আনে

হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা

জীৱনত বাৰে বাৰে গাই

জীয়াই থকাৰ গান।

 

আঁউসীৰ নিদ্ৰাহীন ৰাতিত

সাৰথি হৈ সাহ দিয়া সেই কণ্ঠটি

ক'ৰবাত বাজি উঠে বাঁহীটিত

জুবিন মানেই জীৱন, জীৱন মানেই জুবিন।

  

জীৱনৰ আন এক অৰ্থই গান

উদাসীলৈ আশা, ভাগৰুৱাৰ শক্তি আৰু তপস্যাৰ মন্ত্ৰ

হেৰাই যোৱাৰ পাছতো অমৰ হোৱাৰ মহামন্ত্ৰ

জীৱন জীয়াৰ গান।

***

ঠিকনা :

স্নাতক দ্বিতীয় বৰ্ষ, FYIMP, সমাজতত্ত্ব বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়

 

 

চ
লেখকৰ পৰিচয়

চন্দ্ৰাৱলী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)