৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰাতি আৰু মই

লেখকঃ মুনমুন সৰকাৰ শইকীয়া • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২১
১ মিনিট পঠন • ২৬৪ বাৰ পঢ়া হৈছে

মুনমুন সৰকাৰ শইকীয়া

বোন্দাপৰ দিয়া ৰাতিটো 

হাঁহি-কান্দি কান্দি-হাঁহি সি
কৈ আছে আৰু কৈ গৈছে
তাৰ ক’লা বৰণৰ
আঁৰৰ কাহিনী।

 

তাৰ কাহিনীত বুৰ গৈ
ময়ো ৰাতিৰ বৰণ লৈছোঁ;
মোৰ দাঁত আৰু
হাতৰ
ভৰিৰ
নখকেইটাৰ বাহিৰে
মোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰ
আধিপত্য।

 

মোৰো ক’বলগীয়া আছিল—
এন্ধাৰৰ আঁৰৰ কাহিনী।
ক’ব নোৱাৰিলোঁ,
মই এটা ৰাতি হ’ব নোৱাৰিলোঁ।

 

মাগুৰ বৰণীয়া জঁকাটো লৈ
মই বাৰু
কি ক’ম  

 

কোনে শুনিব
শুনিব  কোনে

ঠিকনা :

মিছামৰা, গোলাঘাট৷
ম
লেখকৰ পৰিচয়

মুনমুন সৰকাৰ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)