৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঋতু হেমন্ত

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২৫
২ মিনিট পঠন • ২৫৩৫ বাৰ পঢ়া হৈছে

হিল্লোলজ্যোতি সিংহ

 

(হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি)

হেমন্তলৈ নৰৈ

ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ

শাওনৰ আজি পঁচিছ

সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ

আৰু তিনি মাহ বাকী

তেওঁ ৰচি যোৱা গীতবোৰে ৰাউচি জুৰিছে…

বলুকাত শৰালিৰ ছাঁ * দেখুৱাই

গছ-বনক সেউজীয়া কৰিবলৈ

আকুলতাৰে বৰষাক মতা মানুহজনক

এতিয়া মাতি আনিব নোৱাৰোঁ!

বিশাল আকাশ ৰসাল পথাৰৰ কথা কোৱা মানুহজন

উকা কৰি থৈ গ’ল বকুলতলৰ দূবৰি

এতিয়া আমাৰ চকুলোৰে তিয়াওঁ মৰহা ফুলনি

সময় গতিশীল হ’লেও

আজিৰ নতুন কাইলৈ অতীত পুৰণি হ’ব বুলি জানিলেও

কেনেকৈ বুজাওঁ নিজকে—

অতি চেনেহৰ আপোনজনো এৰাসুঁতি হৈ ৰ’ব!

এদিন মিছৰৰ পৰা তেওঁ লৈ আহিছিল ক্লিঅ’পেট্ৰাক

টাইটানিক পুনৰ চলিছিল

তেওঁৰ লগত মোৰ নহ’ল আলাপ

আখৰা-মঞ্চৰ ইথাৰত গমগমাই থাকিল

তেওঁৰ অজস্ৰ দুৰ্দান্ত সংলাপ…

আকৌ এদিন হেমন্তৰ আবেলি

সোণবৰণীয়া ধাননিৰ সিপাৰে

কুঁৱলীৰ শুকুলা পথালি পটিৰ মাজেৰে

ডুবিবলৈ ওলোৱা বেলিটোৰ ফালে

দূৰৈৰ পৰাই তেওঁক গুণগুণাই গৈ থকা দেখিম—

মই যি বাটেৰে ওলালোঁ আজি, নাহোঁ উলটি…

*বেঁকাকৈ লিখা অংশবোৰ হেমন্ত দত্তৰ গীতৰ কিছুমান বাক্যাংশ আৰু বাক্য

 

ঠিকনা :

প্ৰাণী বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

ৰাঙালিখাতা ডাকঘৰ

কোকৰাঝাৰ জিলা

ডাক সূচকাংক : ৭৮৩৩৭০

ভ্ৰাম্যভাষ - ৯৪৩৫১২০০৭৬

ইমেইলঃ singha.hilloljyoti@gmail.com

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)