৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কথা-সমকাল

লেখকঃ মদাৰজ্য‍োতি‍ • প্ৰকাশিতঃ ২৯ আগষ্ট, ২০২২
২ মিনিট পঠন • ২০২৩ বাৰ পঢ়া হৈছে

মদাৰজ্যোতি

বতাহৰ পকনীয়াই

কি কি উৰুৱাই নিলে

তাকে চালোঁ চৌপাশে

কোমল শয্যাৰ বাবে

ধূনি থোৱা তুলাবোৰ

পৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখি

ক'তো একো নাই

মূষলধাৰ বৰষুণে

তিয়ালে কি কি

বৰকচুৰ পাত নিলগাই চালোঁ

বেঙৰ মাতবোৰ সাবটি

গাত হেৰুওৱা কেঁচু

জিলিৰ মৃতদেহ কঢ়িয়ায় পৰুৱাৰ উছৱ

ৰ'দৰ বাটে পোৱালি মেলিলত

মোৰ ভৰিৰ গচকত ঘৰচিৰিকাৰ নগ্ন মৃতদেহ

তাৰ দুয়ো ঠেং সংকুচিত

বজ্ৰপাতৰ চিন-মোকাম বিচাৰি

আৰু দিলোঁ দুখোজ

নাপালোঁ

চৌপাশৰ সকলো সহজ

বতাহৰ পকনীয়াই উৰুৱাইছে ঘৰৰ মূধচ

অথচ সকলো সহজ

পানীয়ে ভাঙিছে ঘৰ

অথচ সকলো সহজ

মই পথাৰ পালোঁ আৰু দেখিলোঁ...

অলপ আগেয়ে শুই পৰা ঔষধি উদ্ভিদৰ এতিয়া মেৰুদণ্ড পোন

মই চাই থাকিলোঁ

আৰু চাই থাকিয়েই মোৰ নথকা হাত দুখনেৰে

কৰমৰ্দন কৰিলোঁ মোৰ উশাহক

ভ্ৰাম্যভাষ : ৬০০২৫৭৬০৯৭

ম
লেখকৰ পৰিচয়

মদাৰজ্য‍োতি‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)