৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আৱেগিক কৌষ্ঠকাঠিন্য

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ১৫ আগষ্ট, ২০২২
২ মিনিট পঠন • ৪১৯৪ বাৰ পঢ়া হৈছে

 অৰ্চনা ঠাকুৰীয়া

 

খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা

শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি

ডিঙিত চৰ্চৰণি

পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ

এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ

সুস্থ হৈ থকাৰ...

 

কেহোৱে কয় বোলে - ‘অঁকৰাৰ খং আৰু বকৰাৰ ঢং চাই লাগে বৰ ৰং’

একেই দশা মোৰো

অঁকৰা-বকৰা মোতেই বিলীন

বুজিছেনে- আৱেগিক কৌষ্ঠকাঠিন্য!

হজমো নহয় বাহিৰো নহয়

সন্মুখত গাৰুটো লৈ তাকেই গালি পাৰোঁ

তাকেই আদৰোঁ...

 

সময়বোৰ এজাক বাদুলি হৈ উৰি গ’ল

পিছে পিছে ময়ো

বেচেৰা বাদুলি! দিনকণা

আৰু মই এসোপা ফুটছাই...

 

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)