৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গান্ধাৰী

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ২২ আগষ্ট, ২০২৩
২ মিনিট পঠন • ২৬৮৬ বাৰ পঢ়া হৈছে

দাদুল ভূঞা

 

চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো

ইমানো সহজ নাছিল

 

তিনি জ্ঞানী বান্দৰে কৈছিল—

‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’

 

আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ

 

পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ

এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ

মন গ’লেও মুকলিকৈ ক’বলৈ— মুখ বন্ধ, চকু অন্ধ

 

শীলভদ্ৰৰ ‘ভয়’ৰ নায়কৰ দৰেই

ওলাওঁতে-সোমাওঁতে আমিও কঢ়িয়াই ফুৰোঁ

প্ৰাত্যাহিক ভয়

 

প্ৰিয় পাঠক—

ধৰ্মৰাষ্ট্ৰৰ নাগৰিকৰ বাবে

ইয়াতকৈ আৰু ভয়াৱহ কি হ’ব পাৰে ?

 

চকু থাকিও গান্ধাৰী হোৱাতো ইমানো সহজ নহয়

যদিও,

সময়েচোন তাকেই কয়

 

**

 

ঠিকনা :

মাগনি, গহপুৰ, বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ - ৮৬৩৮৭১১৯৭৯

 

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)