৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উঁই হাফলুৰ ঘৰ

লেখকঃ অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২১
২ মিনিট পঠন • ২৬৫৩ বাৰ পঢ়া হৈছে

পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ

 

ভিতৰখন তলাতল ঘৰ

বিচুৰ্তি  হোৱাৰ পাল

কি দেখিলোঁ

কি দেখিলোঁ অ’ সৰুকণ

সামান্য পোক

খলপা-খলপি বিশাল সাম্ৰাজ্য

 

বাঁহগছৰ চুপাটোৰ গুৰিতে উঁইহাফলু

উঁইহাফলু ভাঙোতে

দেখিছিলি নে অ’ সৰুকণ

ৰত্নাকৰৰ ছাঁ

 

ওৰে বাটতো ভাবিলোঁ

এই খলাবমাৰ মাজতে

ৰত্নাকৰে পাপ মচি

নৱজন্ম লভিলে

 

হয়নে সৰুকণ

মনটো চিজিল হ’লে

আজিৰ ৰত্নাকৰবোৰো

বাল্মীকি হ’ব পাৰে

তই কি ভাব

ভাবিম আৰু কি, বৰদেউতা

পাপৰ প্ৰায়শ্চিত্ত হ’লে

ৰত্নাকৰ এদিন বাল্মীকি হয়

 

যুগ যুগ তোমালোকে

চকু টিপ নমৰাকৈ চাকি চাকি তেল পুৰি

ৰামায়ণ পঢ়িলা

ৰামৰ  গুণ-গান গালা, কিন্তু

অসহায় সীতাৰ পক্ষত

এষাৰো নামাতিলা

সেয়ে নেকি নাজানো

তোমালোকৰ ভকতি-কাকূতিবোৰ

“একেলগে বাজে বেসুৰা সুৰীয়াকৈ”

 আমাৰ কাণত

শ্ৰব্য ৰূপ
অ
লেখকৰ পৰিচয়

অৰ্চনা পূজাৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)