৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰিচাৰ্ড ব্ৰটিগান (Richard Brautigan)ৰ এমুঠি কবিতা

লেখকঃ কুমুদ ঘোষ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২৬
২ মিনিট পঠন • ১৪৮০ বাৰ পঢ়া হৈছে

মূল : ৰিচাৰ্ড ব্ৰটিগান (Richard Brautigan)

অসমীয়া অনুবাদ : কুমুদ ঘোষ


 

ৰোমিঅ’ আৰু জুলিয়েট

 

মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ

ময়ো তোমাৰ বাবে প্ৰাণ দিম

আৰু আমাৰ সমাধিবোৰ হ’ব

দুই প্ৰেমিক-প্ৰেমিকাৰ দৰে, যিয়ে‍

ধোবাৰ ঘৰত একেলগে কাপোৰ থুকুচে‍

তুমি যদি চাবোন আনা

মই আনিম ব্লিছিং পাউডাৰ৷

 

কান্দোনৰ শব্দ, অনন্তকাল ধৰি‍

 

লাটুমৰ তলভাগত

প্ৰেতাত্মাৰ দৰে‍

ঘূৰি ঘূৰি‍

মোক খেদি ফু্ৰে‍

সেইবোৰ স্থানে‍

য’ত মই বাস কৰিম

তোমাৰ বিহনে৷

 

হাইকু এম্বুলেন্স

 

ছালাডৰ প্লেটৰ পৰা

এটা কেঁচা জলকীয়া

সৰি পৰিল –

তাতেনো কি?

 

৩০ চেণ্ট, দুটা টিকট, ভালপোৱা

 

তোমাৰ কথা ভাবি ভাবি‍

বাছত উঠিলোঁ

৩০ চেণ্ট ভাড়া দিলোঁ

আৰু দুটা টিকট বিচাৰিলোঁ

তাৰ পাছত মনত পৰিল

মই আছিলোঁ

অকলশৰে৷

 

জেৰক্স কেণ্ডি বাৰ

 

আহ্ !

মই এই পৰ্যন্ত যিমানবোৰ কেণ্ডি খাইছোঁ

তুমি তাৰ অবিকল অনুলিপি৷

 

 

 

 

ক
লেখকৰ পৰিচয়

কুমুদ ঘোষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)