৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চাকিৰ তলৰ ছাঁ

লেখকঃ কল্যাণী দত্ত • প্ৰকাশিতঃ ২০ মে’, ২০২১
১০ মিনিট পঠন • ১৪১৯ বাৰ পঢ়া হৈছে

কল্যাণী দত্ত

পুৱাৰ পৰা ৰাতি এপৰলৈকে ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল বুলি নহয়, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই উঠে— “হেৰৌ মনে মনে থাকচোন অলপ। সন্ধিয়া পৰত ধৰালৈ গোসাঁই ঈছৰ নামে৷ ঘৰে ঘৰে সোমাই অঞ্জল দিয়ে৷ তহঁতে এনেকৈ হাঁহিত ঘৰৰ টিং উৰুৱাওঁ যেন কৰি থাকিলে গোসাঁই ঈছৰ পত্ৰং দিব৷” 

মাকেও কথাষাৰত হাত উজান দিয়ে— “হয় পাই, মুখ দুখন নিবিষায় নে কি জানো এই দুজনীৰ! কেতিয়াকৈ যে স্কুললৈ যাব পৰা হ’ব যেন লাগিছে৷ তেতিয়াহে যদি ঘৰখন অলপ শান্ত হয়৷”

পিছে মাক-আইতাকৰ কথা বুজিব পৰাকৈ সিহঁতৰ বয়সেইনো হৈছে কিমান ! তালযুৰীয়া ছোৱালী দুজনী মাথোঁ ডেৰ বছৰৰহে ডাঙৰ-সৰু৷ গতিকে ভাল-ভুলৰ প্ৰভেদ বুজিব পৰা হোৱা নাই অদ্যাপি৷ পুৱাৰ পৰা গধূলি এপৰলৈকে খেলি, দৌৰি, জঁপিয়ায়েই পাৰ কৰে দুয়ো৷

সোণমণি ডাঙৰ৷ তাইৰ জন্মৰ ডেৰ বছৰমানৰ পাছতেই আহিছিল সোণপাহি ৷ দুয়োজনীৰে নাম দুটা আইতাকেই ৰাখিছিল৷ “পোছাকী নাম তহঁতে  যি দিয় দি থাকিবি পাছে-পৰে৷ ঘৰত মাতিবলৈ মই দিম নাম৷” সোণমণিৰ জন্মৰ দিনাই আইতাকে সোলা হাঁহিটো মাৰি ঘোষণা কৰিছিল কথাষাৰ৷ মাকৰ আব্দাৰত পো-বোৱাৰী কোনেও এষাৰো মাত মতা নাছিল৷ কোঠাত সোমাই দুয়ো মুখ টিপি হাঁহিছিল৷

সেই সোণমণি থুপুক্-থাপাক্কৈ খোজ কাঢ়ি বৰঘৰ-চ’ৰাঘৰ কৰিব পৰা হোৱা দিন এটাতে সোণপাহি আহিছিল ঘৰখনলৈ৷ ঘৰখনৰ যেন জেউতি আগতকৈও চৰিছিল৷ আইতাকৰ ব্যস্ততাবোৰ বাঢ়িছিল৷ সোণমণিক পিটিকি পিটিকি খিচিৰি খুৱাই দিয়াৰ পৰা অশৌচীয়া বোৱাৰীয়েকৰ বাবে জালুক বটি পাতত দিয়ালৈকে৷ ভেদাইলতাৰে জীয়ন দি থোৱা মাগুৰ মাছৰ জোল ৰন্ধাৰ পৰা ঘৰ-চোতাল সৰালৈকে৷ তথাপি, আইতাক ভাগৰুৱা হোৱা নাছিল৷ সোণমণিৰ কলকলনিয়ে ঘৰখনৰ অৱসাদবোৰ ধুই নিছিল৷

সোণমণিৰ ওপৰে-তলে গুৰিদাঁত ওলোৱাৰ সময়তে সোণপাহিয়েও অ’ত-ত’ত ধৰি থিয় দিব পৰা হৈছিল৷ ঘৰখনৰ মানুহবোৰ কেৱল দুয়োজনীৰে লগত ব্যস্ত হৈয়ে থাকিব লাগে৷ কোনোবা এবাৰত যদি সোণমণিয়ে দৌৰি গৈ বুৰাই থোৱা পানী বাল্টিত হাত ভৰায়গৈ, কোনোবা এবাৰত আকৌ সোণপাহি থুপুক্-থাপাক্কৈ গৈ চূণৰ টেমিটোতে হাত দিয়েগৈ৷ মুঠতে আইতাক আৰু মাকে ধনু ধৰাদি ধৰি ৰাখিব লাগে দুয়োটি সোণ পুতলাকে৷

আবেলি মাকে দীঘল বাঢ়নীটাৰেৰে চোতাল সাৰে৷ বাঢ়নীৰ কাঠি এটা লৈ সোণমণিয়ে মাকৰ পিছে পিছে কণ কণ ভৰিৰ চিন মাটিত এৰি চোতালখন আঁক-বাক কৰি যায়৷ সেই সময়ত আইতাকে সোণপাহিক যেনে-তেনে কোলাত বহুৱাই ৰাখে৷ মাজে মাজে ৰাস্তাই যোৱা মানুহ দেখুৱাই দোখুৱাই গায়— “হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়”৷

সন্ধিয়া চাৰিআলিত থকা দোকানখন সামৰি সোণমণিহঁতৰ দেউতাক ঘৰলৈ আহে৷ দুটি জীৱন্ত পুতলাৰ ভৰিৰ নাচোনত শাঁত পৰে তেওঁৰ ভাগৰুৱা কলিজা৷ সোণমণিয়ে “দেতাক পানী মই দিম মই দিম” বুলি আইতাকৰ হাতৰ পৰা পানীৰ গিলাচটো লৈ ঢোলোকনি খুৱাই খুৱাই আধা পানী পেলাই নি দেউতাকৰ হাতত গিলাচটো দিয়েগৈ৷ আধাগিলাচ পানীৰেই পিয়াহ পলায় মানুহজনৰ৷ মাকে আখলত খোলা পাতে৷ তেল দিয়া পিঠাৰ ফুৰ্ফুৰীয়া গোন্ধত মলমলায় ঘৰৰ আগফাল-পিছফাল৷

“মা হুমণিয়ে মোক নিদিয়ে”— কণমানি সোণপাহিয়ে থেন্থেনায় মাকৰ আগত৷ মাকে তাইক মৰমেৰে বুজায়— “হুমণি বুলি নকয় কলিজা মোৰ, বা বুলি ক’বা দেই।”

দিনবোৰ গৈ থাকে৷

দুয়োজনীয়ে “ৰ’দো দিছে, বৰষুণো দিছে, খঁৰা শিয়ালৰ বিয়া” গাব পৰা হয়৷ আইতাকক সাধু ক’বলৈ খাটনি ধৰিব পৰা হয়৷ পুৱাৰ পৰা গধূলিলৈকে মাথোঁ চিঞৰ-বাখৰ কৰি থাকিব পৰা হয়৷ মাকৰ চাদৰ এখন গাত আঁৰি দৰা-কইনা খেলিব পৰা হয়৷

খং উঠিলে কেতিয়াবা আইতাকে কয়— “কিহৰ বাবে ইমান মুখ দুখন বাঢ়িছে ঔ এই দুজনীৰ! ছোৱালী মানুহৰ মুখ একেবাৰে লাওপাত, কচুপাত হেন হৈছে৷”

মাকে মুখেৰে একো নামাতে৷ আইতাকে যে এইবোৰ কথা অন্তৰ ফালি নকয়, সেয়া তেওঁ বুজে৷ নহ’লেনো কেতিয়াবা সোনকালে সিহঁতৰ টোপনি গ’লে “ফুট গধূলিতে সোণপুতলা দুটাক কিয় শুৱাই থ’লি” বুলি বোৱাৰীয়েকক চকু পকাই ধৰেনে!

“কওকচোন আইতা, তাৰ পাছৰখিনি... আচলতে সম্পূৰ্ণ কথাখিনি জনাটো মোৰ বাবে বৰ জৰুৰী৷ গোটেই কথাখিনি নজনাকৈ ট্ৰিটমেণ্ট দিবলৈ অলপ প্ৰব্লেম হয়৷ তাতে ইমান সৰুতেই...”

নাটকৰ এটা দৃশ্যৰ যেন দৃশ্যপট পৰে৷

‘পোহৰ আৰু ছাঁ’ নামৰ  নাটকখনৰ আঁৰকাপোৰ আঁতৰাৰ লগে লগে আন এটা দৃশ্যলৈ আগুৱাই যায় দৰ্শকৰূপী ডাক্তৰ ঋষিকেশ ভট্টাচাৰ্য৷

ঘৰখনত মৰিশালিৰ নিস্তব্ধতা সৰ্বত্ৰ৷ আজিকালি দুযুৰি কণ কণ ভৰিয়ে দেওধনী নৃত্য নকৰে ঘৰখনৰ চাৰিবেৰৰ মাজত৷ এযুৰি ভয়াৰ্ত হৰিণী নয়নে নিৰুদ্বেগ হৈ দৃষ্টি প্ৰসাৰি থাকে সুদূৰলৈ৷

“এইটো কাৰ দৌল...

ক’লি ঔচ, বগী ঔচ...

ধেক্কেচ...’’

তাৰ পাছৰ হাঁহিৰ খলকনিবোৰ বিচাৰি বুঢ়ীয়ে ঘৰখনৰ বাহিৰে-ভিতৰে হাহাকাৰ কৰি থাকে৷ সেই হাঁহিবোৰ যে কাৰ ঘৰৰ এলান্ধুকলীয়া বৰপেৰাত সোমাল! কাৰ চকুৰ পোৰণিয়ে বাৰু ছাই কৰি দিলে সেই দিনবোৰ? বুঢ়ীয়ে ভাবি পাৰ নাপায়৷ আই গোসাঁনীৰ মন্দিৰলৈ এটকা চাৰিঅনাৰে তামোল-পাণৰ টোপোলা বান্ধে৷ সকলো ভাল হৈ উঠক, এই আশাৰে৷ তথাপি, সকলো নিঃসাৰ হৈ ৰয়৷

আগফালে মুঢ়াটোত বহি থকা জীৱন্ত পুতলাটো চাবি নিদিলে পৰি থকা প্লাষ্টিকৰ পুতলাটোৰ দৰে বহি থাকে৷
  

“ইয়েই আমি পূজা চাবলৈ যাম, পূজা চাবলৈ যাম৷” “পূজাত বোলে বেলুন আৰু পুতলা ওলায়, হয় নে আইতা?”— ঘৰখন পুৱাৰ পৰাই আনন্দমুখৰ হৈ আছিল সেইদিনাও৷ আনদিনাৰ দৰেই৷ সোণমণি, সোণপাহিৰ হেঁপাহক আওকাণ কৰিব নোৱাৰি মাক-দেউতাকে দুয়োকে লৈ যায় পূজাথলীলৈ৷ সোণমণি মটৰচাইকেলৰ আগত বহে৷ মাক আৰু দেউতাকৰ মাজত কণমানি সোণপাহি৷ তামোলৰ সেলেঙি বৈ থকা ওঁঠেৰে আইতাকে দুয়োৰে দুগালত টপক্ টপক্কৈ চুমা খায়৷ পদূলিমুখলৈ আগবঢ়াই দি আইতাকে দঢ়াই দঢ়াই কয়— “সোনকালে ঘূৰি আহিবা দেই সোণপুতলা দুটা মোৰ৷ নহ’লে মই অকলে অকলে কান্দি থাকিম নহয়৷”

আহে, সোনকালে ঘূৰি আহে সিহঁত ৷ পিছে যোৱাৰ দৰে মটৰচাইকেলেৰে নহয়৷ কোনোবা অচিনাকি মানুহ এজুমৰ মাজত তিনিখন বগা কাপোৰৰ তলত৷ বুঢ়ী অচেতন হৈ পৰে৷ কোনোবাই নাৰিকল তেলৰ টেমাটো বুঢ়ীৰ মূৰত উবুৰিয়াই দিয়ে৷ কোনোবাই টেঙা-পানী দিয়ে৷

“আপুনি এনে কৰিলে নহ’ব আইতা৷ অকণমানিজনীৰ মুখলৈ চাই আপুনি ধৈৰ্য ধৰিব লাগিব৷ বেচেৰীয়ে মূৰত অলপ আঘাত পাইছে৷ কান্দিব পৰা নাই এতিয়ালৈকে তাই৷ চাৰিআলিৰ ডাক্তৰখানাতে ৰখা হৈছে তাইক৷”

বুঢ়ী সচকিত হৈ পৰে৷ “কি হৈছিল? কি হৈছিল মোৰ বুকুৰ আগমঙহকেইটুকুৰাৰ লগত?”— বুঢ়ীয়ে বিৰ্বিৰায়৷ 

কোনোবাই বিৱৰি যায়৷ ৰাস্তা পাৰ হ’বলৈ লওঁতেই পিছফালৰ পৰা অহা প্ৰচণ্ডবেগী ট্ৰাকৰ খুণ্ডাত ছিটিকি পৰে সোণমণি৷ আৰু বাকী তিনিজনৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাকখন... 

বুঢ়ীৰ আৰু শুনাৰ ধৈৰ্য নাথাকে৷ বুকুৰ বিষ আৰু মনৰ শোকে বুঢ়ীক এফালৰ পৰা শুহি নিয়ে৷ তিনিকুৰা জুইৰ লেলিহান শিখাই দহি পেলায় বুকুখন৷

তাৰ পাছত, ঘৰখন আৰু উৎসৱমুখৰ নহ’ল কাহানিও৷ খেলা বস্তুবোৰ তেনেকৈয়ে পৰি ৰ’ল এচুকত৷ আগফালৰ বাৰাণ্ডাখনৰ এটা মুঢ়া উকা হৈ থাকিল অনৱৰতে৷

“মুখেৰে মাত এটা মাত অ’ সোণমণি, তোক মই কাবৌ কৰিছোঁ৷”— বুঢ়ীৰ হিয়াভঙা কান্দোনেও সোণমণিৰ মুখৰ মাত ঘূৰাই আনিব নোৱাৰে কোনোদিন৷

— “ইস ইস, থকাজনীও বেঙীহে হ’ব হ’বলা! একো এটা মুখৰ মাত নোলোৱা হৈ থাকিল দেহি বেচেৰীজনীৰ!”

— “তাই বহুত বেছি চঁক খালে৷ সেইবাবে মাতটো চিৰদিনলৈ নাইকিয়া হৈ গৈছে৷”

— “এৰা পাই, ঘৰখনলৈ চাব নোৱৰা অৱস্থা হ’ল৷ বুঢ়ীও এই বেজাৰতে সিফলীয়াহে হ’ব যেন পাওঁ!”

টুকুৰা-টুকুৰ কথাবোৰে বিষকাঁড় একোপাট হৈ বুঢ়ীক বিন্ধি থাকে৷ নিজকে প্ৰবোধ দিয়ে তেওঁ— নাই নাই, এই কথাই কথা নহয়। তেওঁ ভাগি পৰিলে নহ’ব৷ তিনিকুৰা জুই দেখিয়েই কণমানিজনী নিৰ্বাক হৈ আছে৷ তিনিটা তেজ লগা ছিন্ন ভিন্ন শৰীৰেই তাইক খেদি ফুৰিছে৷ আকৌ এবাৰ ভয়াৱহতাৰ মুখামুখি হ’বলৈ নিদিয়ে তেওঁ কণমানিজনীক৷

বুঢ়ীৰ মনটো দৃঢ় হয়, হৃদয়খন কঠিন হয়৷ আৰু খোজবোৰ আগ বাঢ়ে ডাক্তৰখানাৰ দিশে৷

“কচোন সোণমণি, আইতা বুলি ক৷ আ....ই.....তা৷”— কাকূতি কৰে বুঢ়ীয়ে সোণমণিক৷ কিন্তু, এটা নিৰ্জীৱ পুতলাৰ দৰে বহি থাকে সোণমণি৷ যেন এটা যন্ত্ৰহে৷

“আইতা, আপুনি ভাগি নপৰিব৷ আপোনাৰ ঘৰখনত আকৌ এটা সোণকলি ফুলিব৷ এযুৰি নূপুৰ পিন্ধা ভৰিয়ে দেওধনী নাচিব৷ অৱশ্যে, এই কাৰ্যৰ বাবে মোক অলপ সময়ৰ প্ৰয়োজন হ’ব৷” বুঢ়ীৰ হাতত হাত ৰাখি ডাক্তৰে আশ্বাস দিয়ে৷

সোণমণিক কোলাত তুলি আইতাকে ঘৰমুখী যাত্ৰাপথত খোজ দিয়ে৷ এই পথত তেওঁ এতিয়া অকলে নহয়৷ তেওঁৰ লগত আছে এজন সহযাত্ৰী৷

 

লেখিকাৰ ঠিকনা :

ভৱানীপুৰ, বৰপেটা (অসম)

পিন: ৭৮১৩৫২

ভ্ৰাম্যভাষ: ৮৩৯৯০১৪৪০৭

ক
লেখকৰ পৰিচয়

কল্যাণী দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)