৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অৱগুণ্ঠন

লেখকঃ ড° ইৰাণী হাজৰিকা • প্ৰকাশিতঃ ২৮ মে’, ২০২২
১১ মিনিট পঠন • ২৯৩ বাৰ পঢ়া হৈছে
অৱগুণ্ঠন
ডাঙৰকৈ চাওক (Zoom)

 ড° ইৰাণী হাজৰিকা

 

“ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷” 

মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি থকা মনোৰ কেতিয়াবা আপদীয়া খংটো পুনৰ উঠি আহিছিল৷ খং উঠিলে খন্তেকতে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা মনোক লৈ মাকৰ চিন্তাৰ অন্ত নাছিল৷ কিমান যে বুজনি - “খং উঠিলেই বুলিয়েই কিবা এটা কৰি পেলাব নালাগে৷ আগ-পিছ ভাবি চাব লাগে” ইত্যাদি ইত্যাদি৷ কিন্তু বিছ বছৰীয়া মনোৰ যেতিয়া খং উঠে মাকৰ এই সকলো বুজনি যেন শেষত ধোঁৱাচাঙত উঠে৷ 

এদিন আবেলি এই আপদীয়া খংটোৱেই কাল হৈ পৰিছিল মনোৰ বাবে৷ ঘৰৰ চোতালত দেউতাকক অপদস্থ কৰিব খোজা মানুহজনৰ জীৱন ক্ষন্তেকতে শেষ হৈছিল মনোৰ হাতত৷ খঙৰ ভমকত মুহূৰ্ততে তাৰ দেহৰ সমগ্ৰ তেজ যেন সিৰা উপসিৰাবোৰৰ মাজেদি বৈ গৈ মগজুৰ ভিতৰত গোট মাৰিছিল আৰু পঢ়া টেবুলৰ কিতাপবোৰৰ মাজৰ পৰা তাৰ ঠিকনা সলনি হৈছিল কাৰাগাৰলৈ৷ এদিন কাৰাগাৰৰ চাৰিবেৰ ভেদ কৰি তালৈ খবৰ আহিল পুত্ৰশোকত দগ্ধ হৈ মাকে মৃত্যুক সাবটা বুলি, দেউতাকো মৃত্যুশয্যাত থকা বুলি৷ এনেদৰেই তাৰ ক্ষন্তেকীয়া খঙৰ ফলত হেৰাই গৈছিল সিহঁতৰ জীৱনৰ পৰা সকলো মাদকতা৷ 

ফাগুনৰ আবেলিটোক মৃদুকৈ বতাহে জোকাৰি আছিল৷ প্ৰতিটো জোকাৰণিয়েই যেন ঢালি দিছিল কিছু বিষাদ সিহঁতৰ জীৱনত৷ ক্ষন্তেকতে মাক হৈ পৰিছিল মুকবধিৰ এক ছায়ামুৰ্তি৷ হতভম্ব হৈ দেউতাকে বিচাৰি ফুৰিছিল অলপ উশাহ মৃতদেহটোৰ শৰীৰত৷ তাৰ ক্ষন্তেকীয়া খংটোৱে গ্ৰোগ্ৰাসে গিলিছিল সিহঁতৰ জীৱনৰ সকলো ৰং৷ চোতালৰ কাষৰ লঠঙা গছজোপাত যেন ওলমি ৰৈছিল বিষাদবোৰ৷ তলসৰা পাতবোৰৰ মাজত বহি সি মাথোঁ অপেক্ষা কৰি থাকিল তাৰ সম্মুখলৈ আহিব পৰা বিষাদৰ জীৱনজোৰা কাহিনীবোৰলৈ৷ সময়ে তাক লৈ গ’ল কাৰাগাৰৰ চাৰিবেৰাৰ মাজৰ অন্য এটা কঠিন জীৱনলৈ৷ 

আৰু সম্পূৰ্ণ চৌদ্ধ বছৰৰ মূৰত তেনে এটা ফাগুনৰ আবেলিতে সি আহি আকৌ ভৰি থ’লেহি সেই একেখন চোতালতে৷ কেউফালে হাবিৰে পোত খাই পৰা ঠাইখিনিৰ মাজখিনিতে এটা এৰাপৰলীয়া ঘৰ৷ ফাগুনৰ আবেলিটোত যেন সেই লঠঙা গছজোপাত তেতিয়াও বিষাদবোৰ ওলমি আছিল৷ তলসৰা পাতবোৰৰ মাজৰ পৰা যেন সি বুটলি আনিব ধূলিয়ে ঢাকিব খোজা বিষাদৰ কাহিনীবোৰ৷ গছজোপালৈ বসন্তৰ আগমন ঘটিবলৈ তেতিয়াও বহুকেইটা পষেক বাকী আছিল৷  

তাৰ বাবে অপেক্ষা কৰি কৰি এদিন শয্যাগত দেউতাকেও ইহলীলা সম্বৰণ কৰিছিল৷ চোতালত ভৰি থৈয়েই সি বুজি উঠিছিল যে দেউতাকৰ মৃত্যুৰ পাছত ঘৰটোৰ ভিতৰলৈ কোনো সোমোৱা নাই৷ মূল দুৱাৰত মামৰে ধৰা তলা এটাৰে সৈতে থিয় দি থকা ঘৰটোৰ উঁৱলি যাব খোজা বেৰ-চালবোৰত যেন মৰিশালিৰ নিস্তব্ধতা৷ চোতালৰ মাটিত পোত খাই থকা শিলৰ টুকুৰা এটা হাতত তুলি লৈ সি তাৰ নিজৰ কায়দাৰে তলাটোত এটা খুন্দা মাৰিলে৷ লগে লগে পুৰণি দৰ্জাখনৰ পাল্লা এটা আপোনা-আপুনি খোল খাই গ'ল৷ এইবাৰ তাৰ সুনিপুণ হাতেৰে দুৱাৰখন ঠেলি সি সম্মুখৰ কোঠালিটোৰ ভিতৰত খোজ পেলালে৷ আংশিক আন্ধাৰে আবৰি থকা কোঠাটোৰ পৰা এসোপামান ধূলিৰ সৈতে এটা সেমেকা উগ্ৰ গোন্ধ তাৰ নাকেৰে পাৰ হৈ পেট পালেগৈ৷ লাহেকৈ কোঠাটোৰ একাষে গৈ ঘুণে ধৰি অলপহে অৱশিষ্ট বাকী ৰখা খিৰিকী এখন হাতেৰে হেঁচুকি খুলি দিলে৷ খিৰিকীখনৰ পৰা জেঠী এটা আহি তাৰ হাতৰ ওপৰতে পৰিল আৰু একে সময়তে বাহিৰৰ পৰা এচমকা পোহৰ কোঠাটোত সোমাই পৰিলে৷ হাতত জেঠী পৰা ঠাইখিনিলৈ চাই সি উচপ খাই উঠিল৷ এইবাৰ খিৰিকীৰ কাষৰ পৰা কিছু পিছুৱাই আহি সি পুনৰ আন আন কোঠাবোৰলৈ খোজ পেলালে৷ ধূলিয়ে ঢাকি পেলোৱা ঘৰটোত ধূলিৰ মাজে মাজে সি বিচাৰি ফুৰিল মাক দেউতাকৰ শেষ নিশ্বাসখিনি৷ কিন্তু জেঠীবোৰৰ দৌৰা-ধপৰাৰ বাদে ক’তো যেন কাৰো একো অস্তিত্ব নাই৷ চাৰিওফালে কেৱল নিৰৱতা৷ নিৰৱতাবোৰে যেন তাক গিলি পেলালে এফালৰ পৰা৷ আঁচবাবকে আদি কৰি অন্যান্য বস্তু কিছুমান কোঠাবোৰৰ অ’ত ত’ত সিঁচৰতি হৈ পৰি আছিল৷ শোৱনি কোঠাৰ বেৰত তেতিয়াও বহল আইনাখন ওলমি আছিল কিছুমান ফুটুকা ফুটুকী ক’লা দাগৰে সৈতে৷ আইনাখনৰ সম্মুখত থিয় হৈ সি নিজৰ মাজতে চৌদ্ধ বছৰৰ আগৰ মনোটোক বিচৰাত লাগিল৷ আংশিক পোহৰত কপালত জিলিকি উঠা পথালি আঁচ কেইডালৰ বাদে তাৰ মনত যেন আন একোৱেই ধৰা নিদিলে৷ “বেছিকৈ খং উঠিলে কেতিয়াবা আইনাৰ আগত নিজকে ৰাখি চেহেৰাটো এবাৰ চাবি, তেতিয়া খংটো নোহোৱা হৈ যাব” মাকে কত বুজনি দিছিল৷ কিন্তু সেই দিনবোৰত খং উঠিলে সি নিজকে আইনাত চাব নোৱাৰিছিল আৰু আজি খং নুঠাকৈয়ে সি নিজক ভালদৰে নিৰীক্ষণ কৰিব পৰা নাই৷ যোৱা চৌদ্ধ বছৰত সি তাৰ খংটোক কৰবাত বিসৰ্জন দিলে৷ কাৰাগাৰৰ ভিতৰৰ ঘটনা-পৰিঘটনাই তাক শিকালে খংটো পৰিহাৰ কৰিবলৈ৷ 

কাৰোবাৰ উপস্থিতিৰ অভাৱ সি বাৰুকৈয়ে অনুভৱ কৰিলে৷ ওপৰৰ বৰচাঙত কিহবাৰ শব্দ শুনি লৰালৰিকৈ দুৱাৰ-খিৰিকী জপাই সি ঘৰৰ বাহিৰলৈ ওলাই আহিল৷ বাৰাণ্ডাত থিয় দি দেখিলে পদুলিৰ পৰা কিছু দুৰৈত মানুহৰ এটা জুম৷ আগবাঢ়ি গৈ সকলোকে এষাৰ মাত লগোৱাৰ কথা ভাবিলে সি৷ কিন্তু পাছ মুহূৰ্ততে তাৰ মনটো সংকুচিত হৈ পৰিল৷ মানুহখিনিৰ মুখামুখি হোৱাৰ সাহস সি গোটাব নোৱাৰিলে৷ “ক্ষন্তেকৰ ভোজ খাওঁতা নাই”৷ ঠিক তেনেকুৱাই হ’ল মনোৰ জীৱনত৷ কথাবোৰ পাগুলি পাগুলি সি বাৰাণ্ডাৰ খুটা এটাতে আঁউজি মজিয়াত বহি পৰিল৷ ক’ৰবাৰ পৰা এমুঠি ভাগৰে আহি তাক হেঁচা মাৰি ধৰিলেহি৷ কাৰাগাৰত এৰি থৈ অহা মুখবোৰলৈ তাৰ মনত পৰিল৷ বিষাদৰ একো একোটা কাহিনীয়ে চেপি পেলোৱা মুখবোৰৰ আঁৰত লুকাই আছে একো একোজন হৃদয়বান, কৰ্মঠ মানুহ, যি চাৰিবেৰৰ মাজত থাকি নিজক চিনি পাবলৈ আজি ব্যাকুল হৈ পৰিছে৷ তেনেতে পেটত ভোকটোৱে কলমল কৰিলত তাৰ চেতনা আহিল৷  

“মনো” ... মাতষাৰ শুনি মূৰ তুলি চাই দেখে চোতালৰ মাজৰ বননিখিনিত খুৰাক থিয় দি আছে৷ সেই সময়খিনিত খুৰাকৰ মাতষাৰে তাৰ বাবে কিবা এটা অদৃশ্য শক্তিৰ দৰে কাম কৰিলে৷

“এটা কাম কৰ, তই মোৰ লগত ব’ল৷ এতিয়া ইয়াত থাকিব নালাগে৷ সন্ধিয়াও হ’বই অলপতে৷”

মুখেৰে একো নামাতি লাহে লাহে থিয় হৈ সি খুৰাকৰ পিছে পিছে খোজ ল’লে৷ দূৰৈৰ পৰা মানুহৰ জুমটোৱে তালৈ চাই খুৰাকক মাত লগালে৷ সি মনতে কিবা এটা অস্বস্তি ভাব লৈ মানুহৰ জুমটো পাৰ হ’ল৷

“বুজিছ, এতিয়া তোৰ বয়স বাঢ়িল৷ গতিকে খংটো অলপ কমাই চিন্তা-চৰ্চা কৰি আগবাঢ়িব লাগিব৷ গোটেই জীৱনটো পৰি আছে তোৰ সম্মুখত৷ ভালদৰে জীৱনটো পাৰ কৰিব লাগিব৷ পাৰিবি৷ কিয় নোৱাৰিবি? আগতকৈ অলপ বেছি কষ্ট কৰিব লাগিব৷ কেৱল ঘৰৰ মানুহবোৰে চিনি পোৱা তোৰ ভিতৰত লুকাই থকা ভাল মানুহটোক সজাই-পৰাই তুলিব লাগিব৷ জীৱনত ভাল-বেয়া দিন সকলোৰে আহে৷ ভাল দিনবোৰত ষোলঅনা পূৰ হৈ থাকে মানুহৰ লগত, বেয়া দিনবোৰত আনকি সময়খিনিয়েও লগ এৰা দিয়ে৷ গতিকে উভতি চাবলৈ বাদ দি সম্মুখলৈ চাই বাট বুলিব লাগিব বুইছ৷”

কথাবোৰ শুনি সি মাথোঁ মুৰ দুপিয়ালে৷

“হে’ৰা, ইয়াক গা-পা ধোৱাৰ ব্যৱস্থাটো কৰি দি চাহ-জলপান কিবা অলপ যোগাৰ কৰা৷“

খুৰাকে ঘৰৰ পদূলিৰপৰাই খুৰীয়েকক মাত লগালে৷ ভিতৰৰ পৰা চলচলীয়া দুচকুৰে খুৰীয়েক এক প্ৰকাৰে দৌৰিয়েই ওলাই আহিল৷  

“মনো, বোপা অ’, আহ আহ৷ লৰালৰিকৈ তই গাটো ধুই ল৷ তাৰ পাছতহে তোৰ লগত কথাবোৰ পাতিম৷“ 

এইবুলি কৈ কৈ খুৰীয়েকে তাক বাথৰূমটোলৈ আগবঢ়াই নিলে৷ ইতিমধ্যে বাথৰূমত তালৈ বুলি এখন চুৰিয়া, এটা দীঘল হাতৰ বগা ৰঙৰ গেঞ্জি, এখন গামোচা থোৱা হৈছিল৷ আন সকলো বস্তুৰ দৰে বাথৰূমটোও নতুন, চৌদ্ধ বছৰৰ আগৰ বাথৰূমটো এতিয়া নাই৷ মানুহহালৰ শৰীৰতো অলপ বয়সৰ আঁচোৰ পৰিছে৷ নপৰিবনো কেলৈ৷ ইমান বছৰে তাৰ দৰেই তেওঁলোকেও জানো কমখন মনোকষ্ট পাইছে৷

মানুহহালে পুতেক পুনীত আৰু তাৰ মাজত একো প্ৰভেদ ৰখা নাছিল৷ সৰুতে বাৰীৰ শাক-পাচলিত গোবৰ দিয়া, পানী দিয়া এইবোৰ কাম কৰি সিহঁত দুয়োৰে ব্যস্ততাৰ অন্ত নাছিল৷ আবেলি টাং গুটি, মাৰ্বল খেলা পৰ্ব একোটা সদায়ে থাকিছিল৷ সময়বোৰ গৈ আছিল গতানুগতিকতাৰে৷ ঠিক তেনেতে তাৰ আপদীয়া খংটোৱে আটাইৰে জীৱনলৈ ভয়ানক আন্ধাৰ নমাইছিল, অজানিতে৷ মুহূৰ্ততে সকলোৰে মনত মনোৰ প্ৰতি থকা ধাৰণা সলনি হৈ পৰিছিল৷ ভায়েক পুনীতো যেন তাৰ ব্যতিক্ৰম নাছিল৷ দেউতাক-মাক খুৰাক-খুৰীয়েকৰ বাদে আন সকলোৱে যেন তাৰ ওপৰত আস্থা হেৰুৱাইছিল৷ সি নিজেও যেন ক’ৰবাত দিশ হেৰুৱা মানুহৰ দৰে হৈ পৰিছিল৷ কিন্তু সময়ৰ লগে লগে সি নিজকে বিচাৰি উলিওৱাৰ সাহসখিনি গোটাব পাৰিছিল৷

বাথৰূমৰ পৰা ওলাই সি দেখিলে খুৰীয়েকে তালৈ ম’হৰ দৈৰে জলপান যোগাৰ কৰি খোৱা টেবুলত সজাইছে৷ টেবুলখনত থকা পানীৰ গিলাচটো হাতত তুলি লওঁতেই সম্মুখৰ বেৰত আঁৰি থোৱা পৰিয়ালৰ ফটোখনত তাৰ চকু পৰিল আৰু মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল - 

“পুনীতহঁত নাই নেকি খুৰী?“ 

“পুনীতে ছোৱালীজনীৰে সৈতে বোৱাৰীক মাকৰ ঘৰলৈ লৈ গৈছে৷“-

দিওঁ-নিদিওঁকৈ খুৰীয়েকে উত্তৰটো দিলে৷

খুৰীয়েকে সাধাৰণভাৱে কোৱা অসাধাৰণ কথাষাৰে তাৰ মনৰ কোনোবা ঠাইত এটা গভীৰ সাঁচ বহুৱালে৷ তাৰমানে তাৰ প্ৰতি পুনীতৰ ধাৰণাৰ অলপো পৰিৱৰ্তন হোৱা নাই৷ অথচ আজি ইমান বছৰ পাৰ হ’ল৷ মনৰ কোনোবা খিনিত অলপ অস্থিৰতা আলোড়ন তুলিলে তাৰ৷ ঠিক চৌদ্ধ বছৰৰ আগতে কপালত  ৰঙা সেন্দুৰৰ ফোঁটেৰে সৈতে চোতালখনৰ একোণত বহি পৰা মানুহগৰাকীক দূৰৈৰ পৰা দেখোঁতেও তাক তেনেদৰেই অস্থিৰতাই বেঢ়ি ধৰিছিল৷ মানুহগৰাকীয়ে দূৰৈৰ পৰাই তাক বাৰে বাৰে লক্ষ্য কৰিছিল, যদিও একো মন্তব্য কৰা নাছিল৷ বিভিন্ন প্ৰশ্নই আজিও তাক জুমুৰি দিয়ে -“হত্যাকাণ্ডটোক লৈ তেওঁৰ কোনো আক্ষেপ নাছিল নেকি নে তাৰ দৰে তেওঁ কেতিয়াও উগ্ৰ নাছিল ইত্যাদি ইত্যাদি...৷”

পুৱা সোনকালে উঠি সি খুৰাকক তাৰ মনৰ কথাটো ক’লে৷ অলপ সময়ৰ পাছত খুৰাকেও চিন্তাক্লিষ্ট মুখখনৰ সৈতে হাঁ বুলি উত্তৰ দিছিল৷ আবেলিলৈ খুৰাকৰ সৈতে সি নিৰ্দিষ্ট ঠাইখিনিলৈ বুলি বাট বুলিলে৷ বুকুখন কিমান ডাঠ কৰি বাইকত বহিছিল সি নিজেই অনুমান কৰিব পৰা নাছিল৷ এসময়ত সিহঁতৰ বাইকখন গৈ অযত্নপালিত এখন চোতালত ৰ’লগৈ৷ সম্মুখৰ একুঠলীয়া ঘৰটোৰ ভিতৰৰ পৰা ৰ’দেপোৰা শৰীৰৰ এগৰাকী তিৰোতা ওলাই আহিল৷ অপলক দৃষ্টিৰে মনোৰ চকুলৈ কিছু সময় চাই মানুহগৰাকীয়ে অন্য দিশে চালে৷ কোটৰত সোমাই পৰা চকুহালত তিলমানো বিস্ময় অথবা অস্থিৰতা ফুটি নুঠিল৷ কেইবাবাৰো চেষ্টাৰ অন্ততো মনোৰ মুখেৰে এষাৰো কথা ওলাই নাহিল৷ বহু সময়ৰ বাবে আটাইৰে মুখত নিস্তব্ধতাই বেঢ়ি ধৰি থাকিল৷ নিস্তেজ মুখখনত জিলিকি থকা উকা কপালখনেৰে চোতালখনত থিয় দি থকা মানুহগৰাকী পুনৰ এটা প্ৰশ্নবোধক চিন হৈ মনোৰ চিন্তাত বিচৰণ কৰিব ধৰিলে৷



ঠিকনা : 

কম্পিউটাৰ বিজ্ঞান বিভাগ

গুৱাহাটী বিশ্ববিদ্যালয়-৭৮১০১৪

ভ্ৰাম্যভাষ : ৮৪৮৬৯৬৫৭৭৩

Email: queensarathi@gmail.com

 

ড
লেখকৰ পৰিচয়

ড° ইৰাণী হাজৰিকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)