৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং

লেখকঃ নিয়ৰকণা কাশ্যপ • প্ৰকাশিতঃ ২০ ডিচেম্বৰ, ২০২০
৩ মিনিট পঠন • ৮৪০ বাৰ পঢ়া হৈছে
নিয়ৰকণা কাশ্যপ
 
সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং, বুজিছা
সেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি
 
তেওঁৰ মাতত আছিল উচুপনিত সেমেকা ভগা-ছিগা উশাহ
হৰিৎহীনতাত ভুগি ৰঙচুৱা হোৱা অৰণ্যানিত
এয়া, মোৰ সোঁকান্ধত মূৰ থৈ এজন জঁই পৰা পুৰুষ
 
ববচা বনৰ দৰে ঘনকৈ বঢ়া লোভ আৰু ৰাজনীতিত
ভেঁকুৰতকৈও শুকুলা ভাইৰাছতকৈও পাতল মানুহবোৰে
মৰণশীল পৃথিৱীত অমৰ হ’ব খোজা মানুহবোৰে
আকাশ আজুৰি পাৰি আনিবলৈ হেঁপাহ কৰিলে বেলি
 
জঁই পৰা পুৰুষজনে
আবুৰত ৰৈ যোৱা শেষকণ অভিমানো উজাৰি দি ক’লে
মই নামানিলোঁ—
 
তাতে কি! প্ৰতিটো শতিকাই দেখে বিপৰ্যয়
আৰু হৰলুকি
প্ৰতিটো শতিকাৰ স্মৃতিজুৰি বৈ থাকে
যুদ্ধ অথবা প্ৰকৃতি-মানুহৰ যুগলবন্দী
 
সন্তান জন্ম দি মাকবোৰে কৰা আকুল প্ৰাৰ্থনাত
পৃথিৱীৰ বাবেও থাকে কুশল কামনা
 
দুচকুত আন্ধাৰ এছাটি বিয়পাই
তেওঁ আকৌ সৰৱ হ’ল—
 
পাছে কুশলে থাকেনে পৃথিৱী
কুশলে আছেনে বসুমতী
মহামাৰীৰ শোকত
ফৰিংজাপ দি গুচি যোৱা শব্দক নিজলৈ উভতাবলৈ
কবিৰ টোপনি হেৰায়
মানুহেই মানুহৰ বাবে দৰ্শকহীন মঞ্চ সজায়
ছেৰজাত শূন্য শূন্য যেন লগা সুৰ এটা ওলমাই
মৃত্যু যাতনাত কাতৰ হৈ পৰা শালবনলৈ গুচি যায়
স্বয়ং ধ্ৰুপদী সঙ্গীত
 
হতাশ হ’ব নজনা মই শংখমাতেৰে পোন হওঁ
কওঁ—
মহাকাশত ওপঙি উঠা চকল চকল পৃথিৱী সামৰি
আকৌ গঢ়িম ব্ৰহ্মাণ্ড
ডাৱৰ আৰু পানীত যাৰ সহজ চলাচল
বহিৰ্জগতৰ জোনমৰা আন্ধাৰতো যি সদায় সচল
সেই মানুহে তুলি নধৰিবনে ক্ষয়িষ্ণু ধৰিত্ৰী
মানুহ সঁচাই বেলিময়, জানা
 
তাপ-পোহৰ-অপাৰ সম্ভাৱনাৰে
হাৰি হাৰি জিকি যায় মানুহ
পোতাশালত পুতি থ’লেও পাৰিজাত হৈ গজি উঠে মানুহ
 
শেঁতা দুচকুৰে তেওঁ মোলৈ চায়—
নিমখীয়া মৰুভূমিত গজে কোন
পাৰিজাত, নে স্পৰ্ধা
 
সৰোবৰ তলিৰ হিমচেঁচা শিল হৈ
তেওঁ মোৰ কপালত অৰ্ধমৃত তৰা এটি আঁকে
 
ভঙা-ছিঙা উশাহৰ হাওলি পৰা সেই পুৰুষৰ দুহাত
চেনেহেৰে চুই চাওঁ
সহস্ৰ চাকিৰ বিজুলী হৈ উজলি উঠে তেওঁৰ বাহুৰ কেয়ুৰ
আৰু মুঠিৰ পাঞ্চজন্য
তেনেই ধীৰগতিৰে ঘূৰোঁ নুঘূৰোঁকৈ ঘূৰে সুদৰ্শন  
দধি-ভাতৰ টোপোলা লৈ
বৃন্দাবনলৈ ওভতা সপোন এটা দেখি তেওঁ লীলা সামৰে
আৰু তপত বালিত বহি থকা মোৰ ওঁঠেৰে আশ্বৰ্য নিগৰে
ছেহ! মৰুভূমিলৈ ঈশ্বৰেও ভয় কৰে?
 
ভ্ৰাম্যভাষ: ৯৬১৩১৪০১৫৩
ঠিকনা: ঊষা নগৰ,
জি এন আৰ চি হস্পিতালৰ ওচৰত,
ছুপাৰ মাৰ্কেট, দিছপুৰ, গুৱাহাটী— ৬
ন
লেখকৰ পৰিচয়

নিয়ৰকণা কাশ্যপ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)