৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ছাঁ

লেখকঃ অত্ৰেয়ী গোস্বামী • প্ৰকাশিতঃ ২৬ জুন, ২০২১
১৩ মিনিট পঠন • ২০৪৮ বাৰ পঢ়া হৈছে
ছাঁ
ডাঙৰকৈ চাওক (Zoom)

অত্ৰেয়ী গোস্বামী 

দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ নহৈছিল সেয়া জনাৰ কোনো উপায় নাছিল৷ মানুহজনী আছিল গম্ভীৰ৷ এমুখ দাঢ়ি আৰু এটা প্ৰকাণ্ড পেটেৰে ছয় ফুট ওখ ডেৰকুৰি বছৰীয়া মদগজ মানুহটোক সকলোৱে সমীহ কৰিছিল৷ মাষ্টৰ মানুহ, কৰিবই৷ গাম্ভীৰ্যৰ অলংকাৰে দগমগাই থকা মানুহজনীও মাষ্টৰণী৷ যোৰাটো পাভযোৰা হোৱাদি হ’ল৷ গাঁৱত সকলোৰে মুখে মুখে৷ বোলে অমুকে একেবাৰে লায়েকৰ গৃহিণী পালে৷

নতুনে নতুনে কথাবোৰ বৰ আচহুৱা আছিল৷ খোবাখুবুনীৰ পাছদিনা চাহ বাকিবলৈ লৈ জুইকুৰা ধৰোঁতে নন্দেকে আগবঢ়াই দিয়া মেটুৰামেটুৰি চচপেনটো দেখি তেওঁ থৰ লাগিছিল৷ ৰাতিলৈ তেওঁক ঘৰখনৰ সকলোৰে আভাস এটা দিছিল মানুহজনে৷

— আইৰ খংটো অলপ বেছি৷ পিতা ঢুকাওঁতে ত্ৰিছ  বছৰ হোৱাই নাছিল কিজানি৷ তেতিয়াৰে পৰা খিংখিঙীয়া স্বভাৱটো থাকি গ’ল৷ কিবা ক’লে মুখেৰে নামাতিবা৷

—  হ’ব বাৰু৷

—  বাকী ঘৰখন তুমি থানথিত লগাই ল’ব লাগিব৷

মুখৰ ভিতৰতে সঁহাৰি জনাই মানুহজনীয়ে ঈষৎ হাঁহি এটি বিৰিঙালে৷

সময় গৈ থাকিল৷ মানুহটোৰ দায়িত্ববোৰ মানুহজনীয়ে কান্ধ পাতি ল’লে৷ ভায়েকহঁতৰ বিয়াৰ পৰা ভনীয়েকহঁতক একোঘৰলৈ উলিয়াই দিয়ালৈকে৷ ঘৰখনৰ কিছুমান কথাৰ উহ মানুহটোৱে নাপায়৷ মানুহজনীয়েই আঁত মাৰি থাকে৷ দুয়ো চৰায়ে কুটা কঢ়িওৱাদি এপদ এপদকৈ কঢ়িয়াই ঘৰখন বান্ধে৷

শাহুৱেকৰ বৰবোৱাৰীক লৈ অকণো আক্ষেপ নাথাকে৷ নীতি-নিয়মৰ পৰা চাফ-চিকুণলৈকে সকলোতে সাক্ষাৎ লক্ষ্মী গোসাঁনী৷ পিছে সেয়া দেখুৱাই নিদিয়ে৷ দুয়োৰে মাজৰ আলাপ-আলোচনাবোৰৰ উমান কাষৰ বেৰখনেও নাপায়৷

— বুইছা, ই তেনেই মাটিহেন ল’ৰা৷ মৰা সাপ এডালো দেই নাযায়৷ বাপেকটো কাল হওঁতে মেট্ৰিক দিছিলহে৷ তেতিয়াৰে পৰা এই নটা মানুহৰ ভাৰ বওঁতে বওঁতে আইধা পৰিছে৷ ইহঁতৰ যেনিবা বৰ আব্দাৰ নাই বুলিহে৷ দুজনীক উলিয়াই দিওঁতেই দেউলীয়া হ’ল৷ দুজনী আছেই৷

বোৱাৰীয়েকে শুনি থাকে৷ একো নকয়৷

—  সকলো কথা তাক নক’বা৷ পেটত কথা নাথাকে৷ বৰ হোলোংগোজ সি৷ কেতিয়া ক’ত কি ক’ব ঠিক নাই৷

—  হ’ব মা৷

তেওঁৰ হাঁহি উঠে৷ তেওঁৰ প্ৰকাণ্ড মানুহটোৰ মাজৰ শিশুটো যেন হঠাতে ওলাই পৰে৷ 

— হেৰি নহয়, পাৰিলে শাৰী নিপিন্ধিবা৷ সত্ৰৰ ডাঙৰ বোৱাৰী৷ নিজৰ মান নিজেহে ৰাখিব পাৰিবা৷

তাৰ পাছত তেওঁ আৰু কোনোদিনে শাৰী গাত দিয়েই নাপালে৷

দায়িত্ববোৰ কোনেও কাকো নোকোৱাকৈ ভাগ-বতোৱাৰা হৈ যায়৷ সম্পৰ্কবোৰে মানুহজনীৰ আঁচলত জিৰায়৷ নবৌৱেকজনীক কোনেও টোপ পৰিবলৈকে নিদিয়ে৷ পেটমচাটোৱে ভাত খাই মুখখন নবৌৱেকৰ চাদৰতহে মচা হ’ল৷ তেৱোঁ তাক হেতাখন লৈ খেদি যাব পৰা হ’ল৷ মানুহেৰে গিজগিজাই থকা ঘৰখন লাহে লাহে সেৰেঙা হৈ আহিল৷ এটা এটাকৈ দেওৰেকহঁতে নিজৰ জহতে চাকৰি একোটা পালে৷ সৰুটো তেতিয়ালৈ কলেজত৷ তথাপি তেওঁ টোকৰ এটা মাৰি চাইছিল৷

—  ঘৰৰ ওচৰতে একো নাপাবানে? ইমান দূৰৈত গৈ চাকৰি কৰিবাগৈ৷ আমাৰ চিন্তা এসোপা অনৱৰতে লাগি থাকিব৷

মানুহটো গৰগৰাই উঠে৷

— তুমি ইহঁতক লাই দি নাথাকিবা৷ চাকৰি এটা পাইছে৷ কৰক৷

দুয়োটা দেওৰেক দুখন দূৰণিৰ জিলালৈ ওলাই যায়৷ মানুহজনীয়ে কোমল চাউলৰ পৰা আৰম্ভ কৰি লস্কৰালৈকে টোপোলা বান্ধে৷ চকু পানী টুকি টুকি পিঠা ভাজে৷ অন্ততঃ প্ৰথম দৰমহাটো নোপোৱালৈকে যাতে খোৱা-বোৱাত অসুবিধা নাপায়৷ সিহঁত যোৱাৰ পাছত  শাহুৱেকে বুজায়৷

— মৰমবোৰ এফালে৷ দায়িত্বও এফালে৷ তোমালোক দুটাই অকলে আৰু কিমান টানিবা? যাওক দিয়া৷ চিঠি-পত্ৰ দি থাকিব৷ খবৰ পাই থাকিম৷ বেছিকৈ নাভাবিবা৷ এই সময়ত শোক কৰা বেয়া৷

এৰা! সেয়া মানুহজনীৰ জীৱনৰ সেইখিনি সময় আছিল৷ শাহুৱেকে বৰ আলাসত ৰাখিব খুজিছিল৷ পিছে তেওঁ স্কুললৈ যায় খোজকাঢ়ি, আহেও খোজকাঢ়ি৷ দুই-আঢ়ৈ কিল’মিটাৰ বাট৷ কেতিয়াবা ৰহমান কাইটিৰ ৰিক্সাখনতে উঠাৰ কথা ভাবে৷ পিছে যি ৰাস্তা, ঠেকেচনি খাই আৰাম লোৱাতকৈ খোজ কঢ়াই ভাল৷ হেনজানি তেওঁ এখুজি দুখুজিকৈ আগবাঢ়ে৷ যাওঁতেও ৰ’দটো মুখতে পৰে, আহোঁতেও বেলিটো মূৰত লৈয়ে ঘৰমুৱা হয়৷ ঘৰ পাবলৈ এক ফাৰ্লংমান থাকোঁতে বৰগছ এজোপা পায়৷ তেওঁ ঘূৰি আহি গছজোপাৰ তলতে ক্ষন্তেক জিৰায়৷ এইজোপা পুৰণি গছ৷ দহ কিল’মিটাৰ আঁতৰৰ তেওঁৰ মাকৰ ঘৰৰ ওচৰৰ বৰপুখুৰীৰ পাৰৰ শিপাবোৰ এইজোপা বৰগছৰে বুলি শুনিছিল, সেই তাহানিতে৷ অৱশ্যে এইজোপাই সেইজোপা বুলি শাহুৱেকেহে কৈছিল৷ হাতত থকা ক’লা ছাটিটো সামান্য বেঁকা কৰি তেওঁ অকণমান বা লয়৷ ঠিক তেতিয়াই গছজোপাৰ পাতবোৰে জৰজৰকৈ শব্দ এটা কৰি লৰিবলৈ লয়৷ তেওঁৰ গাটো শাঁত পৰে৷ তেওঁ মনে মনে সেৱা এটি কৰে৷ কিবা এটা যেন বুজাবুজি হৈ গৈছে গছজোপাৰ সৈতে৷ গছজোপাৰ বুঢ়া ডালৰ ফেৰেঙনিত কপৌ এহালি থাকে৷ দুয়োটাৰে কাৰুকাৰ্যবোৰ চাই থাকোঁতেই সময়বোৰ মনে মনে গুচি যায়৷ তেওঁ ৰৈ থকা সময়ছোৱাত কেইবাটাও স্কুলীয়া ল’ৰা-ছোৱালী পাৰ হৈ যায়৷ সিহঁতৰ মাজত এক অঘোষিত প্ৰতিযোগিতা চলে৷ কোনে সাউতকৈ চাইকেলৰ পৰা নামি ‘‘বাইদেউ ৰৈছে’’ বুলি মাতষাৰ লগাব পাৰিব৷ কোনোবাটো গাঁৱৰে ল’ৰাই হাতৰ টোপোলাটো লৈ যায়৷ মানুহজনীতকৈ ঘৰৰ প্ৰয়োজনীয় বস্তুখিনি আগতে ঘৰ পায়গৈ৷ নন্দেক এজনী দৌৰি পদূলিমুখ পায়হি৷

— মা, নবৌ পালেহি৷

মাক-জীয়েকৰ মুখলৈ পানী আহে৷

বেচনৰ বৰ দিয়া শাকৰ আঞ্জাখন শাহুৱেকে যতনাই দিয়ে৷ মানুহজনীয়ে আতৌ-পিতৌকৈ ভাতকেইটা খায়৷

—  অতখন বাট আহি গছজোপাৰ তলত নৰ’লে তোৰ নহয়নে আই?

 দুয়ো দুয়োৰে মুখলৈ চায়৷ কোনেও বুজাই ক’ব নোৱাৰে কথাবোৰ৷ দিনবোৰ গৈ থাকে৷ গছজোপাক মানুহজনীয়ে বহু কথা কয়৷ গছজোপায়ো কয়৷ অমাত কথা৷ দুয়ো দুয়োৰে কথাবোৰ শুহি লয়৷ গিলি থয়৷ সকলো ফালৰ পৰা সম্পূৰ্ণ মানুহজনীক গছজোপাই যেন অধিক পৰিপূৰ্ণ কৰি ৰাখে৷ সেইবোৰ কথা কোৱা নহয়৷

 আঠমহীয়া মানুহজনীক শাহুৱেকে এনেকৈ চাই থাকিব নোৱৰা হয়৷ অৱশেষত এদিন তেওঁ পুতেকৰ লগত কথা পাতিলে৷

— এটা কাম কৰ, তই ককায়েকক মাতি আন৷ ইয়াত থাকিলে তাই ছুটী নল’ব৷ তাতে থাককগৈ৷ নবৌৱেকহঁতো আছে৷ দুদিনমান আৰামত থাককগৈ দে৷

কথামতেই কাম হ’ল৷ মানুহজনক এৰি এইখিনি সময়ত মাকৰ ঘৰলৈ যাব লাগিব বুলি তেওঁ ভবা নাছিল৷ পিছে গ’ল৷ চ’তৰ বিহুলৈ চাৰিদিন থাকোঁতে ছোৱালী এজনী হ’ল৷ তিনিমাহৰ পাছত আকৌ সকলো আগৰ দৰে চলি থাকিল৷ বিস্কুট, চাৰ্ফৰ হিচাপ কৰি নোপোৱা মানুহটোৱে পাকঘৰত পাচলি থোৱা প্ৰকাণ্ড পাচিটো কেতিয়াও উদং হ’বলৈ নিদিয়ে৷ বাকী নন্দেকৰ শাৰীৰ ফল্‌ছৰ পৰা আয়েকৰ ব্লাউজটোলৈকে মানুহজনীৰ নখদৰ্পণত৷ কেঁচুৱাকণক পেহীয়েক খুড়াক-আইতাকে দিনটো ওমলাই থাকে৷ ঘৰখনত পোহৰেই পোহৰ হ’ল৷

আহাৰ মাহ সোমালেই মানুহজনীৰ উথপ্‌থপ লাগে৷ এপিনে ছমহীয়া পৰীক্ষাৰ সময়৷ এপিনে ষাঁঠ৷ পথাৰত হালোৱা৷ সেই চাৰিদিনত যেনিবা পথাৰৰ কামবোৰ নাথাকে৷ আকৌ উপবাসৰ চাৰিদিনত শাহুৱেকে কি খাব, কি পিন্ধিব সকলো আগতীয়াকৈ গোটাই ভাগে ভাগে থয় তেওঁ৷ প্ৰয়োজন নোহোৱা কাপোৰ-কানিবোৰ আগতীয়াকৈ বাকচত ভৰাই থয়৷ আনকি ষাঁঠ লগাৰ আগতে প্ৰকাণ্ড পিতলৰ কলহটোত পানী একলহ ভৰাই পীৰা এখনৰ ওপৰত তুলি থ’বলৈও নাপাহৰে৷ বাৰীৰ পানিখলা, তামোলটো, নেমু দুটামান, আদা অকণ, পাচলি কেইটামান ষাঁঠ লগাৰ আগতেই তেওঁ গোটাই লয়৷ সেই কেইদিনত মাটিত আঁক এটাও নামাৰে৷ ধৰিত্ৰী আই ৰজস্বলা হয়৷ ব্ৰাহ্মণ বিধবা, সাধু-সন্তসকলে ষাঁঠৰকেইদিন অন্ন নাখায়৷ যি খায় সেয়া আগতীয়াকৈ মাটিত নলগাকৈ ওপৰত তুলি থয়৷ সেইখিনি সময়ত প্ৰকৃতিয়ে জিৰণি লয় বুলি বিশ্বাস কৰা হয়৷ আকৌ কাক ক’ত মাত লগাব লাগিব, সেয়াও হিচাপ কৰি বজাৰ-সমাৰ কৰি মাটিত নলগাকৈ তুলি থয়৷ দুকোঠলীয়া পাকঘৰটোৰ ভিতৰফালে ইটা দুচপৰা দুফালে দি তক্তা এখন পাৰে৷ তাৰ ওপৰতে শাহুৱেকৰ দৰকাৰী সকলো বস্তু থয়৷ কটাৰীখনো৷ 

সেইকেইদিন ঘৰখন মুখৰ হৈ থাকে৷ আটাইকেইটা ল’ৰা-ছোৱালী মাকৰ কাষত থাকে৷ পো-বোৱাৰী, জী-জোঁৱাইৰে ঘৰ ভৰি থাকে৷ ষাঁঠ নহয় যেনিবা উৎসৱহে৷ অনৱৰতে তামোল এখন পকতিয়াই থকা আয়েকৰ হবিচীয়া মুখখন বৰ শুকান শুকান লাগে তেওঁৰ৷ ঘৰত থকা সময়খিনিত ঘনাই কিবা এটা খাবলৈ দি থাকে৷ তেৱোঁ আক’ নাতি-পুতিক বিলাইহে খাবলৈ লয়৷ স্কুললৈ যাওঁতে জাকহঁতক সকলো দিহা দি থৈ যায়৷ মনটো কেনেবা লাগি থাকে৷ কিজানি ক’ৰবাত কিবা বেমেজালি লাগে৷ আকৌ শুদ্ধিৰ দিনা সকলো ধুই-তিয়াই ৰ’দত দি শাহুৱেকলৈ খোৱা-বোৱা যতনাইহে তেওঁ স্কুল পায়গৈ৷

তাৰ পাছতে আহে গৰমৰ বন্ধ৷ ভাগিন-ভতিজাকেইটা আহিব৷ গতিকে স্কুলৰ ওচৰৰ মাছবেপাৰীজনক বন্ধ দিবৰ দিনাই কৈ থৈ যায়, ‘‘মাগুৰ মাছ দুই কিলো ঘৰতে দি থৈ আহিবাচোন৷’’ তেওঁৰ কথানো কোনোবাই পেলাব পাৰেনে? পেহীয়েকৰ ছোৱালীহঁতক পালে তেওঁ ৰজনীয়েও ভাত দুগৰাহ বেছিকৈ খায়৷

আকৌ এসপ্তাহৰ আগৰ চিঠিখনত দেওৰেকে এই সপ্তাহতে পোৱাহি কথা লিখিছিল৷ আক-তাক খোজ-খবৰ কৰি ছাগলী মাংস অকণ গোটোৱাৰো ব্যৱস্থা কৰে৷ সি ভাল পায়৷ মানুহজনে মাংস নিকিনেও, নাখায়ো৷ শিচৰ মানুহৰ পৰা কিনেনো কেনেকৈ? মানুহজনী একেবাৰে নিৰামিষাহাৰী৷ পিছে ৰান্ধি-বাঢ়ি এনে জুতি লগাকৈ আগবঢ়াই দিয়ে আমিষবোৰেও পাত্তা নাপায়৷

মুঠতে মানুজনীয়ে ঘৰখনক ঘৰ এখন কৰিলে৷ আটাইকেউটা পৰিয়াল বান্ধ খাই থাকিল৷ জা-জোৱালিহঁতকো বুকুত সুমুৱাই ল’লে৷ এদিন শাহুৱেক গ’লগৈ৷ সকলোৱে নবৌৱেকৰ মুখলৈ চালে৷ তেৱোঁ সকলোকে সামৰি-সুতৰি দুখবোৰ নিলগাই থ’লে৷ সন্ধিয়া গোসাঁই চাকিগছি জ্বলাই মানুহজনৰ সৈতে চাহকণ লৈয়েই কথা পাতে৷ সকলোৰে কথা৷ সিহঁতৰ অসুবিধাবোৰৰ কথা৷ সেইবোৰ সমাধানৰ কথা৷ জীৱনৰ বিয়লি বেলা ছোৱালীজনীয়ে কওঁতেহে ভাবিলে, ‘‘হয়তোন আক’’৷ তেওঁলোকে দেখোন কেতিয়াও নিজৰ কথা নাপাতিলেই৷ তেওঁলোকৰো সমস্যা আছিল৷ কত খলাবমা বাট পাৰ কৰি আহিল৷ একো দেখোন পতাই নহ’ল৷ অৱশ্যে দুয়োৰে দুখন হাত সদায় বান্ধ খাই আছিল৷ গতিকে সমাধানৰ বাট একোটা নিজে নিজে ওলাই আহিছিল৷

সেইহেনজনী ঘৰজেউতি মানুহ এদিনীয়া জ্বৰতে নোহোৱা হ’ল৷ নাই বুলিলেই নাই৷ মানুহটোৰ চাৰিওফালে হাহাকাৰ লাগিল৷ সকলো শূন্য হৈ গ’ল৷ গাৰ ছাঁটোৱেও এনেকৈ লগ এৰা দিয়েনে? তেওঁ বৰ অসহায় অনুভৱ কৰিলে৷ মানুহজনীৰ চাকৰিও আছিল আৰু দহ বছৰমান৷ ভায়েক-ভনীয়েকহঁতে দুখ কৰি কৰি ভাগৰি পৰিল৷ ককায়েকৰ ওচৰত চকুপানী লুকুৱাওঁতে লুকুৱাওঁতে সিহঁতৰো চকুপানী চকুতে শুকাল৷ কোনেও কাকো এৰিব নোৱাৰে৷ অথচ ধৰি থাকিবও নোৱাৰে৷ সকলোৰে চাকৰি ঠায়ে ঠায়ে৷ সকলোৰে নিজা নিজা সংসাৰ আছে৷ তথাপি মানুহটোক কোনেও এৰিব নোখোজে৷

— তহঁত যাগৈ যা৷ তায়ে ময়ে থাকিম আৰু৷ এতিয়া এনেকৈ তহঁতে কিমান দিনলৈ আমাক ৰখি থাকিবি? নিজৰ নিজৰ কামত লাগগৈ যা৷

এদিন-দুদিনৰ অগাপিছাকৈ সকলো চকুপানী টুকি টুকি ঠায়ে ঠায়ে গ’লগৈ৷ মানুহজনে মাত্ৰ এটা কথাই ক’লে, ‘‘আহি থাকিবি সময় পালে’’৷

মানুহজন আকৌ সমাজলৈ উভতি গ’ল৷ মানুহজনী থাকোতে ঘৰলৈ পিঠি দি সমাজকে অধিক সময় দিয়া মানুহজনে এতিয়া ঘৰ-ছোৱালী সকলোৰে সমানে খবৰ ৰখা হ’ল৷ তেওঁ বুজিছিল সমাজখনক মানুহজনৰ প্ৰয়োজন৷ গতিকে ঘৰুৱা লেঠাবোৰ পৰা সদায় আঁতৰাই ৰাখিছিল৷ এতিয়া কথাবোৰ বেলেগ হ’ল৷ ভায়েক-ভনীয়েকহঁতে পাল পাতি আহি থাকিল৷

গৰমৰ বন্ধ৷ তিনিওটা ভায়েকৰ পৰিয়াল আছেহি৷ ঘৰ ভৰি আছে৷ মানুহজনৰহে কিবা বুকুখন উৰুঙা পৰি থাকে৷ পাকঘৰত ভাইবোৱাৰীহঁতক দেখিলে ভাল লাগে৷ তথাপি মিহি সোণৰ খাৰুপাতত ওলমি থকা চেফটি পিনটোৰে সৈতে বিশেষ হাতখন নেদেখি তেওঁ নিৰাশ হয়৷ মনটোত কিবা এটাই খোঁচা-বিন্ধা কৰে৷ তেওঁ আগফালে ওলাই যায়৷ হাতত বিচনী এখন৷ বাটচ’ৰাতে চকী এখন পাৰি বহে৷ ওপৰলৈ চাই থাকে বহু সময়৷ আকাশখন সেমেকা৷ ডাৱৰে ভৰি আছে৷ তেওঁ কথাবোৰ এফালৰ পৰা ভাবি থাকে৷

—  দাদা, ভাত দিলোঁ৷

তেওঁৰ ভাবনাত যতি পৰে৷

— মই  নাখাওঁ নহয় আজি৷

— কিন্তু কিয়?

তেওঁ বিৰক্ত হয়৷ খং উঠে৷

— আজি তেওঁৰ সলনি মই মৰা হ’লে তোমালোকে ষাঁঠৰ সম্পূৰ্ণ তৈয়াৰী নকৰিলাহেঁতেন নে? গোসাঁইৰ ঘৰৰ বিধৱাৰ কোনটো নিয়ম বাদ পৰিলহেঁতেন? এই চাৰিদিন মই অন্ন গ্ৰহণ নকৰোঁ৷

বোৱাৰীয়েকে দুখ পায়৷ আঁচলেৰে সেমেকা চকু দুটা মোহাৰি ভিতৰলৈ সোমাই যায়৷ কথাবোৰ সকলোৱে আলোচনা কৰে৷ সকলোৰে মনবোৰ বিষাদে আগুৰি ধৰে৷ আটোমটোকাৰীকৈ ৰন্ধা মানুহজনৰ প্ৰিয় ৰহৰ দাইলৰ আঞ্জাখনৰ প্ৰতি কাৰোৰে আগ্ৰহ নোহোৱা হয়৷ সৰুটো ভায়েক তেওঁৰ কোঠালৈ সোমাই যায়৷ মানুহজনে ভূমিস্পৰ্শ নকৰাকৈ ৰখা ফলাহাৰ কৰি আছিল৷ মানুহজনীৰ ফটোখনৰ শুকান বকুল কেইপাহ আমোলমোলাই আছিল৷

— দাদা

— মাক দেখিছিলোঁ অ’৷

তেওঁৰ মাতটো সেমেকা৷

তেতিয়া কিছু দূৰৈত বৰগছজোপাৰ শুকান পাত কেইখিলামানত খৰমৰণি উঠিছিল৷


অ
লেখকৰ পৰিচয়

অত্ৰেয়ী গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)