৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বোন্দা যুঁজ

লেখকঃ অংশুমান শইকীয়া • প্ৰকাশিতঃ ৩১ জুলাই, ২০২৬
৭ মিনিট পঠন • ১৭৩৪ বাৰ পঢ়া হৈছে

 অংশুমান শইকীয়া



গাঁওখন পুৱা শুই উঠি ভালদৰে এঙামুৰি ল’বলৈ পালে কি নাপালে, কথাটো ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল৷ অহুকাণে-পহুকাণে কথাটো শুনি গোটেই মানুহমখা গাঁওবুঢ়াৰ ঘৰৰ কাষৰ ফাগুণমহীয়া পথাৰখনলৈ ঢপলিয়াই আহিল৷ ঠিক ম’হ যুঁজৰ আগে আগে খবৰ পাই কেইবাখনো গাঁৱৰ মানুহ আহি পথাৰ জুমুৰি মাৰি ধৰাৰ দৰে৷ মতা, মাইকী, বুঢ়া-ডেকা গোটেই মখাই পানীৰ মিনাৰটো বেৰি ধৰিলে৷ নগৰৰ একেবাৰে দাতি কাষৰীয়া গাঁও৷ দুপৰীয়াৰ পৰলৈ ওখ মিনাৰটো এজাক পুলিচ আৰু  আন মানুহৰ অৰণ্যৰ মাজত থিয়দঙা দি থাকিল৷

বোন্দা (ভাল নাম বনমালী, বনদাৰ অপভ্ৰংশ হৈ বোন্দা) মিনাৰত উঠি জপিয়াব খোজা খবৰটো প্ৰথমে দিছিল হৰি দোকানীয়ে৷ আজি কিছুদিন আগতে চহৰত চাকৰি কৰিবলৈ গৈ গাঁৱলৈ ঘূৰি অহা ল’ৰাটোৱে যে এনেকুৱা কাম এটা কৰিবলৈ ওলাব কোনেও লেশমাত্ৰও উমান পোৱা নাছিল৷ কিন্তু আজি পুৱাবেলাতে হৰিৰ দোকানত আহি তেল এপোৱা কিনিবলৈ লওঁতেই সি কথাষাৰ হৰিৰ কাণ চোৱালে৷ প্ৰথমে দোকানীয়ে কথাটো ইমান গুৰুত্ব দিয়া নাছিল৷ বোলে কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ ছাল৷ এনেকুৱা নাভূত নাশ্ৰুত কৰ্ম আমাৰ গাঁৱত আমি কোনো কালেই দেখা নাই৷

 

বোন্দা মিনাৰত উঠি জঁপিয়াবলৈ ধৰা দেখি, মানুহজাকৰ দুই একে আমোদ নোপোৱাও নহয়৷ মাজে মাজে হাঁহি-কিৰীলিৰ শব্দৰ মাজেদি সকলোৱে তাৰ প্ৰতি নিজা নিজা মতামত দিবলৈ লাগিল৷ “চহৰত থাকি চাগে, ক’ত কি জেং লগাই ৰাখিছে কোনে জানে, কিবা এটা লেঠা নিশ্চয় লগাই ৰাখিছে, সেইকাৰণেহে জঁপিয়াই মৰিবলৈ ওলাইছে” -গাঁৱৰ মাইকী মখাই নিজৰ মাজতে ভুনভুনাই কথা পাতিবলৈ লাগিল৷


“কিবা প্ৰেম জনিত কাৰণ যেনহে পাইছোঁ,”- বোন্দা মিনাৰত উঠা কথাষাৰ শুনিয়েই তাৰ লগৰ কেইটাই কোৱাকুই কৰিলে৷ “কাৰোবাৰ প্ৰতি যদি মন বান্ধিছে, আমাক ক’লেই হল, আমিয়ে সব চিজিল লগাই দিম নহয়” - লগৰে দুই এটাই ক’লে৷ “কালুগাঁৱৰ আগৰজনীয়ে এৰাৰ দুখতে পৰগামী হবলৈ লৈছে বুইছ” - আন এটাই ক’লে৷”  

বোন্দাৰ কাম দেখি গাঁৱৰ বুঢ়াকেইজনৰ দুই একে চকুপানীও টুকিলে৷ “বাপেকটো জীয়াই থকালৈকে সিনো ক’ত কাম বন কৰিবলগীয়া হৈছিল৷ বাপেকেই ইঘৰ সিঘৰত হাল-কোৰ বাই খেতি-বাতিৰে ঘৰখন চলাই আছিল ধুনীয়াকৈ৷ বাপেকটো ঢুকুৱা বেছি দিন পাৰ হোৱাই নাই৷ আজি বাপেক সিফলীয়া হোৱাৰ দুখতে বোন্দা আজি মৰিবলৈ ওলাইছে৷”
ইফালে গাওঁবুঢ়াৰ ঘৰত আজি বিশেষ আয়োজন৷ তেওঁৰ নাতিনীয়েকক চাবলৈ বুলি দৰা ঘৰৰ মানুহ অহা কথা৷ পুৱাবেলাতে, বোন্দাৰ খবৰটো শুনি বুঢ়াৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ নতুন মিতিৰৰ আগত নাক কটা যোৱাৰ খঙৰ ভমকত বোন্দাৰ মাককে মতাই আনি গালি এসোপা পৰিবলৈ লাগিল৷ ইফালে মাক কান্দি-কাটি উত্ৰাৱল৷ মাকৰ মতে ল’ৰাৰ কোনো দোষ নাই, কোনোবাই সাতঘাটৰ চেঙেলীয়ে তাক গছত উঠাই গুৰি কাটি এতিয়া ৰং চাইছে৷ পথাৰৰ এফালে মাকৰ কান্দোন, আনফালে ল’ৰা নাচোৰবান্দা৷ মুঠতে, মিনাৰৰ পৰা জপিয়াই সি আজি নিজৰ জান দিব৷


মাজতে বোন্দা কেইবামাহো ঘৰৰপৰা আঁতৰত চহৰলৈ গৈ চাকৰিত সোমাইছিল৷ ঘৰৰ পৰা চহৰ পাবলৈকে ৰেলেৰে গ’লেও তিনিদিন সময় লাগে৷ পৰুৱাৰ লানি নিছিগা ভিৰৰ দৰে সোঁৱে-বাঁৱে অলেখ অচিনাকি মুখৰ মাজত তিনিটা দিনৰ যাত্ৰা৷ চহৰত নামি ভিৰৰ মাজত আকৌ কাম বিচৰাৰ যাতনা৷ কাম বিচাৰি ফুৰা ল’ৰাজাক জানো কম৷ ভাগ্যে বোন্দাই কাম এটা পাইছিল, খোৱা-বোৱা দি টকা পোন্ধৰহাজাৰমান দিছিল৷ কিন্তু এদিন তাৰে মানুহ কেইটামানৰ লগত সাধাৰণ কথাতে বোন্দাৰ তুমুল তৰ্কা-তৰ্কি লাগিল৷ বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? এইসব কাম নেহি কৰেগা বুলি কৈ  ঘৰতে কিবা এটা ইফাল সিফাল কৰি খাম বুলি চহৰৰ পৰা ঘূৰি আহিল৷


দুপৰীয়ালৈ পথাৰৰ মানুহখিনিক একাষৰীয়া কৰি পুলিচমখাই দীঘল জখলা এডাল লৈ মিনাৰলৈ উঠি যাবলৈ পাঙ পাতিলে৷ মানুহজাকৰ দুই এক কিছু পাতলিছিল৷ জিলাৰ মেজিষ্ট্ৰেট চাহাব আহি মিনাৰৰ কাষ পালেহি৷ দুপৰ ৰ’দত পুলিচ সোপাই মাইক এটা লৈ বোন্দাক তললৈ মাতিবলৈ ধৰিলে যদিও সি সৈমান নহয়হে নহয়৷ “তোমাৰ যদি কিবা কথা আছে, তেনেতে নামি অহা আৰু আমাৰ লগত কথা পাতা৷” মাইকটো হাতত লৈ চাহাব চিঞৰি উঠিল৷
 

খীন-মিন দেহ, তামবৰণীয়া জপৰা চুলি, পিন্ধনত এটা হাফ চাৰ্ট, পেণ্ট আৰু শুদা ভৰিৰে বোন্দাই মানুহজাক লক্ষ্য নকৰাকৈয়ে মিনাৰৰ ছাঁ পৰা দিশে জুপুকা লাগি বহি আকাশ পাতাল ভাবি আছিল৷ ইমান পৰলৈ পানী টেংকিটোত উঠি লৈ টিকটিকিয়া ৰদত বোন্দাৰ খং কিছু জামৰিছিল৷ পুৱাৰে পৰাই একো এটা মুখত দিয়া নাই, ভোকত তাৰ পেট জ্বলিবলৈ ধৰিছিল৷ খালী পেটৰ পোৰণি আৰু এবোজা ভৱিষ্যতৰ উদ্বিগ্নতাই মানুহজাকৰ দৰেই তাক ঘেৰি আছিল৷ মাজতে পথাৰখনৰ এটা চুকত পৰি থকা যোৱা বছৰেই বিক্ৰী কৰা সিহঁতৰ মাটি কেইডৰালৈ তাৰ চকু গ’ল৷ সিও বুজি উঠিছে যে, আৰু বেছি সময় ধৰি সেইদৰে বহি থাকিলে পুলিচ মখাই আহি তাক ওপৰতে ধৰি বান্ধি নমাই লৈ যাব৷ পুৱাতেই হৰি দোকানীয়ে, তেল এপোৱা বাকীকৈ বিচাৰি যাওঁতে, তাক গালি-গালাজ কৰাৰ খঙতহে সি পানী মিনাৰটোত উঠি আছিলহি৷ তাৰ হাতৰ পা-পইচাবোৰ ইতিমধ্যে শেষ, যোৱা মাহ তাৰ দোকানৰ বাকী খাওঁতেই পাৰ হ’ল৷  

“বনমালী শইকীয়া, আপোনাক পুনৰবাৰ আমি তললৈ নামি আহি আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ, আপোনাৰ মাৰা আমাৰ সৈতে আছে, আপুনি টাৱাৰৰ পৰা নামি আহক”৷ মেজিষ্ট্ৰেটৰ মাতটো বোন্দাৰ পুনৰাই কাণত পৰিল৷ এইদৰে কেইমুহূৰ্তমান পাৰ হোৱাৰ পাছত হঠাতে, সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বোন্দাই সকলোৱে শুনাকৈ চিঞৰি উঠিল,


“ ছাৰ, মই নামি যাম, কিন্তু....”
“আপুনি নামি আহক আৰু আমাৰ লগত কথা পাতক” -
এইবাৰ গাৰ সমস্ত জোৰ লগাই বোন্দাই সকলোৱে শুনাকৈ চিঞৰিলে,
 “আপোনালোকে মোক তিনিটা গাহৰি পোৱালি, টকা দহ হাজাৰ আৰু হৰি দোকানত থকা ধাৰখিনি মাৰি দিলেহে ইয়াৰপৰা নামি যাম৷” বোন্দাৰ পেটৰ পৰা ওলাই অহা শব্দকেইটা মিনাৰৰ পৰা চুঁচৰি আহি সকলোৰে অলক্ষিতে চিৰাল ফাট দিয়া পথাৰখনৰ বুকুৱেদি সোমাই পৰিল৷

(বিশেষ দ্ৰষ্টব্য: এখন বাতৰি কাকতত প্ৰকাশিত এটা বাতৰিক ভিত্তি ৰূপে গ্ৰহণ কৰি ঘটনাটোক চুটি গল্পৰ ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা হৈছে৷ গল্পত প্ৰকাশিত চৰিত্ৰৰ নাম, স্থান, কাল, সকলো কাল্পনিক, মাথোঁ কাহিনীৰ / গল্পৰ শেষৰখিনিৰ ঘটনাক্ৰম প্ৰকাশিত বাতৰিৰ পৰা কিছু সলনি কৰি গ্ৰহণ কৰা হৈছে
৷)


লেখকৰ ঠিকনা :
ঠিকনা : টেনপুৰ, ৱাৰ্ড নং 3 , গোলাঘাট 785621
Email:
 ans.saikia@gmail.com
ফোন- ৮৬৩৮৬১৮১৭৫

 


অ
লেখকৰ পৰিচয়

অংশুমান শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)