৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মই ঈশ্বৰী নহওঁ - (মানুহেই সেৱ মানুহেই দেৱ)

লেখকঃ দিব্যাশ্ৰী নিয়ৰ বৰুৱা • প্ৰকাশিতঃ ২০ আগষ্ট, ২০২৫
৮ মিনিট পঠন • ২২৬১ বাৰ পঢ়া হৈছে

দিব্যাশ্ৰী নিয়ৰ বৰুৱা

 

        ঈশ্বৰো হয়তো কেতিয়াবা ফুৰিবলৈ যায়৷ মন মন্দিৰত ৰৈ থকা ঈশ্বৰগৰাকীৰ যে ক’ত ঘৰ নাই, অথচ তেওঁ অঘৰী৷ আমি বিচাৰি ফুৰোঁ ঈশ্বৰক মন্দিৰে, মছজিদে, গীৰ্জাই, হস্পিতালে! 

 ঈশ্বৰ চকু মুদি ধ্যানত আছে৷ চকু মুদিয়েই সমস্ত বিশ্ব দেখি থকা ঈশ্বৰজনে হয়তো সিদিনা চকু মেলি দূৰৰ ক’ৰবালৈ ফুৰিবলৈ গৈছিল৷ ঈশ্বৰে জানে মানুহৰ প্ৰাৰ্থনাত যে কেৱল প্ৰাৰ্থনা নাথাকে, ফুলৰ ৰূপত সৌন্দৰ্যৰ উপাসনা থাকে, ধূপৰ ৰূপত দুহাত পাতি কৰা শক্তিৰ শকত প্ৰাৰ্থনাৰ কাকুতি থাকে; মুঠতে মানুহক কেৱল লাগে আৰু লাগে৷ কেৱল বিচাৰি ফুৰি বুকুত আঁজুৰি ল’ব জানে মানুহে, হয়তো কেতিয়াবা ঈশ্বৰক আজুৰি ল’ব নোৱাৰি চকু মুদি দিয়ে ঈশ্বৰৰ দৰে৷ 

 ফুলেৰে পানী ছটিয়াই দি মুখেৰে বিৰবিৰাই মুখখন সামান্য কোঁচাই আনিলে অমলা ওজানীয়ে৷ 

 সকলোৱে আঁঠু কাঢ়ি চকু মুদি নিজৰ নিজৰ প্ৰয়োজনখিনি কাবৌ কৰি খুজিছে৷ ধ্যানেই ধৈৰ্য আৰু ধ্যান কৰিব পাৰিলেহে ঈশ্বৰ প্ৰাপ্তি হয় বুলি বিশ্বাসগত এটা কথা আছে৷ 

 ঈশ্বৰক বিচাৰি প্ৰায়ে প্ৰতিমাই অমলা ওজানীৰ ঘৰলৈ আহে৷ ঈশ্বৰেও কথা দিয়ে তাইক৷ তায়ো মনভৰি ঘূৰি আহে মনত এগাল প্ৰশান্তি লৈ৷ 

 পূজাৰ মাজতে প্ৰতিমা সিদিনা আকৌ আহিল৷ আজিও প্ৰতিমা সুদা হাতে অহা নাই, ঈশ্বৰক বিচাৰিয়ে আহিছে৷ আজি হেনো ঈশ্বৰ চকু মুদি ধ্যানত নাই, ঈশ্বৰ এতিয়া অজ্ঞাতবাসত! তথাপি তাইৰ আজি আক্ষেপ নাই। তাই আজি ব্যতিক্ৰম কিবা এটা বিচাৰি আহিছে৷ 

  বুকুখন দাঙি ধৰি থকাকৈ ডাঠ এখন কম্বলৰ দৰে পিন্ধা কাপোৰ৷ পিন্ধনত এখন ঘৰত বোৱা নীলা মেখেলা৷ বুটাবোৰ দেখিলেই গম পায় কিমান সাধনাৰ কিমান ধৈৰ্যৰ ফল সেয়া৷ ধ্যানত বহাৰ দৰে ভাত-পানী বাদ দি তাঁত-শালত বহি একে বহাই এখন কাপোৰ উলিয়াব পৰাকৈ ফুলন্তী তাই৷ 

 সেই সাধনাৰ গৰাকিনীয়ে প্ৰায়ে ঈশ্বৰক বিচাৰি মন্দিৰ চলাথ কৰাৰ কাৰণ কি?

বৰষুণ এৰাৰ পাছৰ সেয়া চোকা ৰ’দ৷ গৰম বেছ পৰিছে অথচ দিনে নিশাই কম্বলৰ দৰে কাপোৰখন মেৰিয়াই ৰহস্যজনকভাৱে ঘূৰি ফুৰা হৈছে তাই৷ 

ৰহস্যৰ মূল কথা অমলা ওজানীয়ে জানে৷ ৰহস্যৰ উৰাকাপোৰখনে প্ৰতিমাক মেৰিয়াই ৰাখিব নে মুকলি কৰি এদিন ঈশ্বৰ বিচাৰি ফুৰা বাটতে ঈশ্বৰৰ সৈতে একাত্ম কৰিব? মাখি কেইটামানে ইফাল-সিফালকৈ উৰি আহি ভোমোৰাই ফুলত পৰাৰ দৰে গাতে পৰিছে৷ আকৌ উৰিছে। থাপনাৰ সমুখৰ ফুল প্ৰসাদ আগবঢ়োৱা থালিখনৰ পৰা উৰি আহি আকৌ গাতে ভোমোৰা হৈ পৰিছে৷ প্ৰতিমা যেন এপাহ সতেজ ফুল আৰু মাখিকেইটা ভোমোৰাহে৷ ৰস চুহিবলৈ দেহেকেহে চেষ্টা কৰিছে অথচ ব্যৰ্থ হৈছে৷ অথচ গোন্ধত বলিয়া হৈ উৰিছে আৰু উৰিছে৷ 

 প্ৰতিমা মন্দিৰৰ এটা কোণত ৰৈ মুগ্ধমনেৰে বহি আছে৷ ওজানী অমলাই ফুল-ফল আগ বঢ়াই ঈশ্বৰৰ থাপনাৰ ফালে মুখ কৰি চকু মুদিছে৷

 প্ৰতিমাই একেথৰে চাই আছে ঈশ্বৰৰ ফালে৷ ঈশ্বৰে তাইলৈ চোৱা নাই! ঈশ্বৰৰ সন্মুখত সমৰ্পণ কৰিবলৈকে তাই আজি ঈশ্বৰক নীৰৱে বিচাৰিছে৷ কেঁকনি-গেঠনিৰ এটা যুগ পাৰ হ’ল প্ৰতিমাৰ৷ প্ৰতিমা এতিয়া প্ৰতিমা হৈ থাকিব খোজে৷ সুখ-দূখ, ৰ’দ-বৰষুণ নেওচি একেথৰে থিয় হৈ থাকিব খোজে প্ৰতিমা হৈ৷ পূজাৰ পাছত আদৰ কৰি নিৰাদৰভাৱে পানীত উটুৱাই দিয়া প্ৰতিমা হ’ব খোজে এতিয়া প্ৰতিমা! প্ৰতিমাৰ ধ্যান ভগ্ন হ’ল, প্ৰতিমাই এতিয়া ত্যাগ বিচাৰে, ঈশ্বৰৰ মাজত নিজকে উটুৱাই দিব বিচাৰে৷ 

 -     সকলো ঈশ্বৰৰ ইচ্ছা ! হুমুনিয়াহ এটা এৰি অমলা ওজানীয়ে কৈ উঠিল৷

 আমি কেৱল প্ৰাৰ্থনা কৰিব পাৰোঁ প্ৰাপ্তি বা প্ৰাৰ্থনাৰ ফল হাতত তুলি দিব নোৱাৰোঁ । 

প্ৰতিমা তেতিয়াও থৰ হৈ ৰৈ আছে৷ ঈশ্বৰৰ আগত অৰ্পণ কৰা পানী এচলু খাই প্ৰতিমাই ফুল দুটি লৈ ধ্যান কৰিছে৷ মেলা চকুহাল চকুপানীৰে অন্ধকাৰ হৈ আহে৷ মৃত্যুতকৈও যি যন্ত্ৰণা গধুৰ সেই যন্ত্ৰণাই গ্ৰাস কৰি আহিছে প্ৰতিমাক৷ প্ৰতিমা দিনে দিনে অনাদৰী প্ৰতিমা হৈ পানীত ভাহি থকা প্ৰতিমাৰ দৰে জহি-খহি পৰিছে৷ অথচ মৃত্যুৱে উটুৱাই নিঃচিহ্ন কৰিব পৰা প্ৰাৰ্থনা বিচাৰি ঈশ্বৰক বিচাৰি ফুৰিছে তাই ! 

 -   অমৃততো পোকে ধৰে ! প্ৰতিমাই থৰ হৈ কৈ গৈছিল। 

 যি অমৃতে জীৱনক গছৰ দৰে লহপহকৈ ডাঙৰ কৰে সেই অমৃততেই কোন পাপী পোকে বাস কৰে? অমৃত মানেই বিপদ ! অমৃত মানেই যুদ্ধ ! কেৱল অমৃতৰ বাবেই জীৱন যুঁজত গৰল পিয়াই চকু মুদিব লাগিব!

 প্ৰতিমা থৰক বৰককৈ ওলাই আহিল মন্দিৰৰ পৰা৷ বাহিৰত আৰু বহুজন ঈশ্বৰ অপেক্ষিত মানুহ ৰৈ আছিল৷ প্ৰতিমা যেন বিশেষ মানুহ ঈশ্বৰৰ বাবে, তেনেকৈ প্ৰথমে প্ৰাৰ্থনা কৰিবলৈ দি যাবলৈ দিয়া হ’ল তাইক!

 ওজানী অমলাৰ পিছে পিছে আহি চাই ৰ’ল তাই যোৱা বাটে ! এক অকটা গোন্ধে বাটটো আৱৰি ধৰিলে৷ নাকে মুখে সোপা দি ৰ’ল ঈশ্বৰৰ অপেক্ষিত স্বাৰ্থপৰ মানুহকেইজন৷ 

 -    মই কেৱল প্ৰাৰ্থনা কৰিব পাৰোঁ৷ প্ৰাৰ্থনাই মোৰ শক্তি, ধ্যানেই মোৰ সাহস৷ 

 কিন্তু এই দুখৰ কাহিনীবোৰক লৈ মই নিজেই দূৰ্ভগীয়া হৈ পৰিছোঁ৷ এয়া যেন মন্দিৰ নহয় দুখৰহে আলয় !  হাত ভৰি থাকিও পংগুৰ দৰে আজি মই ছটফটাইছো৷ প্ৰতিমাক মুক্তি দিয়া ঈশ্বৰ৷ 

ঈশ্বৰ অপেক্ষিত অন্য স্বাৰ্থপৰকেইজনে মুখ মেলি চাই আছিল। 

বিকট গোন্ধ এটাই চিনাকি দি গ’ল যে, প্ৰতিমা মই জীয়াই থকালৈ মোৰ মনত অমৰ হৈ থাকিব৷ বুকুৰ অমৃতত এফালে কেন্সাৰ আৰু আনফালে সন্তানৰ জ্বলা জুই একুৰা লৈ ফুৰা প্ৰতিমা জীৱন্ত প্ৰতিমা ! মোৰ ওচৰত আহি প্ৰায়ে কান্দি উঠে “ঈশ্বৰক কোৱাঁ মোৰ সন্তান আছে! মোৰ অমৃত পান কৰি মানুহ হ’বলৈ মোৰ বুকুত সংলগ্ন দুটুকুৰা মাংস আছে! নাই ঈশ্বৰে নুশুনিলে৷ 

হুকহুকাই কান্দি অমলা ওজানীয়ে মন্দিৰৰ পৰিৱেশটো শাঁত পেলালে। 

 -   স্তন কেন্সাৰৰ বাবে এতিয়া চিকিৎসা আছে আই৷ ঈশ্বৰৰূপী চিকিৎসকসকল আছে হস্পিতালত । এজন ঈশ্বৰ অপেক্ষিত মানুহে মাত লগালে৷  

 -  ঈশ্বৰ আছে কিন্তু সময় নাই প্ৰতিমাৰ হাতত৷ সময়ৰ আগত ঈশ্বৰেও হাৰ মানে৷ চিকিৎসকৰূপী ঈশ্বৰে হাতখন দাঙি দিয়াৰ পাছতেই তাই মোৰ মন্দিৰৰ ঈশ্বৰ বিচাৰি প্ৰায়ে আহে৷ আজিৰ পৰা আৰু নাহে৷ কি পাপ কৰিছিল নো তাই ?  

 -    এয়া কোনো পাপ নহয় আই৷ এয়া এক ৰোগ ৷ ইয়াৰ প্ৰতিকাৰৰ বাবে আগেয়ে বহুত নিয়ম মানি চলিব লাগে৷ চিকিৎসকৰ পৰামৰ্শ ল’লে উপশমো পাব পাৰে৷ ঈশ্বৰ মানুহৰ ৰূপতেই আমাৰ মাজত আছে৷ ঈশ্বৰ কেৱল মন্দিৰত নাথাকে বিশ্বব্ৰহ্মাণ্ডই ঈশ্বৰৰ ঘৰ৷ আমি কেৱল মনৰ প্ৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ সুখী হওঁ৷ অৱশ্যে সকলো উপশমৰে এটা সময় থাকে৷ যি উকলা সময়ক ভেঁদি চিকিৎসকেও নিৰুপায় হৈ হাত দাঙিবলগীয়া হয়! 

 -   এৰা অ’ মই প্ৰাৰ্থনাহে কৰিব পাৰোঁ, কেৱল প্ৰাৰ্থনা। কিন্তু তাইক ঈশ্বৰ লাগে, মুক্তি লাগে৷ সেই মুক্তি দিব পৰাকৈ মই ঈশ্বৰী নহওঁ অ’ ...মই ঈশ্বৰী নহওঁ ! চিকিৎসকৰূপী সাকাৰ ঈশ্বৰে উপশম দিব নোৱাৰিলে নিৰাকাৰ ঈশ্বৰৰ চৰণত মুক্তি বিচৰাৰ বাহিৰে আৰু আমাৰ হাতত বেলেগ শকতি নাথাকে বাবেহে ! আমাক তেতিয়া কেৱল পচন শৰীৰৰ পৰা মুক্তি লাগে ! 

থৰ হৈ পৰা মন্দিৰ প্ৰাংগণত যেন আজি নিৰাকাৰ নহয় সাকাৰ হস্পিতালত ৰৈ থকা শুভ্ৰ পোছাকধাৰী ঈশ্বৰৰ গুণ-গান চলিছে৷ মানুহ ঈশ্বৰ নহয় বুলি মানুহকেই মানুহৰ বাবে ঈশ্বৰৰ ৰূপত প্ৰাৰ্থনা কৰিছে৷ 

 -   প্ৰতিমাই মুক্তি পাওক 

 -    প্ৰতিমাৰ যন্ত্ৰণা জহি.খহি যাওক....

***

 

 

ভ্ৰাম্যভাষ : ৮৪৭৩৯৫৯২৮০

 


দ
লেখকৰ পৰিচয়

দিব্যাশ্ৰী নিয়ৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)